শীতৰ ঘন কুঁৱলী ভৰা পুৱাই কাল হ’ল, কেইবাখনো বাছ আৰু বাহনৰ সংঘৰ্ষত অগ্নিদগ্ধ হৈ নিহত ১০, আহত ৭০
পুৱা ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখনকৈ কেইবাখনো বাহনৰ সংঘৰ্ষৰ ফলত বাছকেইখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় ।

Published : December 16, 2025 at 9:08 AM IST
|Updated : December 16, 2025 at 9:32 AM IST
মথুৰা (উত্তৰ প্ৰদেশ) : উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত মঙলবাৰে পুৱা ৭খন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ঘটনাত অগ্নিদগ্ধ হৈ ১০ জনতকৈ অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । বিষয়াসকলে এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইফালে ৭০ জনতকৈ অধিক লোক অগ্নিদগ্ধ হৈ আহত হয় ৷ দুৰ্ঘটনাটোৰ ফলত আগ্ৰা টোল প্লাজাত ৩-৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সৃষ্টি হয় ।
মথুৰা জিলাৰ বলদেৱ থানা এলেকাৰ ১২৭ নং মাইলৰ খুঁটিৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ ঘন কুঁৱলীৰ বাবে ৭খন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে জিলাৰ জ্যেষ্ঠ বিষয়া, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষীৰ দল উপস্থিত হয় ৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয়, "মঙলবাৰে পুৱা অযোধ্যাৰ পৰা দিল্লী অভিমুখী এখন বাছৰ যমুনা এক্সপ্ৰেছৱে’ৰ বলদেৱ থানা এলেকাত ঘন কুঁৱলীৰ বাবে আন এখন বাছৰ সৈতে সংঘৰ্ষ হয় ৷ ইয়াৰ পাছত বাছসমূহত অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে বিষয়া আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে ৷ সাহায্য আৰু উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে ৷"
"এই পৰ্যন্ত ৪ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে ৷ আহতসকলৰ কোনো এজনো গুৰুতৰ নহয় ৷ জ্বলি যোৱা বাহনসমূহ ঘটনাস্থলীৰ পৰা আঁতৰাই অনা হৈছে ৷ বেৰিকেড লগোৱাৰ পিছত এক্সপ্ৰেছৱে’ত পুনৰ যাতায়ত আৰম্ভ কৰা হৈছে ৷ প্ৰথম দৃষ্টিত ঘন কুঁৱলীয়ে দুৰ্ঘটনাৰ কাৰণ হোৱা যেন লাগে ৷ দৃশ্যমানতা কম হোৱাৰ বাবে ৭খন বাছ আৰু তিনিখন বাহনৰ সংঘৰ্ষত অগ্নিকাণ্ড সংঘটিত হয় যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷"
জিলা দণ্ডাধীশ চন্দ্ৰপ্ৰকাশ সিঙে কয়, "আজি পুৱা যমুনা এক্সপ্ৰেছৱে’ত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় ৷ অগ্নিদগ্ধ হৈ ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫জন আহত হয় ৷ আহতসকলক চিকিৎসাৰ বাবে বলদেৱ সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ জীৱিত যাত্ৰীসকলক চৰকাৰী বাছেৰে ঘৰলৈ পঠিয়াই দিয়া হৈছে ৷ ঘন কুঁৱলীৰ বাবেই যমুনা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ৷ বিষয়টোৰ তদন্ত কৰা হ’ব ৷"
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই বিষয়াসকলক তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ লগতে মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷
মুখ্য চিকিৎসা বিষয়া ৰাধা বল্লভে জানিবলৈ দিয়া মতে, ডি এন এ পৰীক্ষাৰ জড়িয়তে মৃতদেহসমূহ চিনাক্ত কৰা হ’ব । মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকৰ এটা দল গঠন কৰা হৈছে । তেওঁ বৰ্তমানলৈ কিমান লোকৰ মৃত্যু হৈছে সেই সন্দৰ্ভত নিৰ্দিষ্ট তথ্য উল্লেখ নকৰিলেও এটা বেগত এটা মৃতদেহ অনা হয় বুলি জানিবলৈ দিয়ে । চিকিৎসালয়খনত ১০টাতকৈও অধিক বেগ আহি পাইছে আৰু এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই বাছবোৰ তীব্ৰ শব্দৰ সৈতে জুইত জাহ যাবলৈ ধৰে আৰু বাছত থকা যাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে চিঞৰিবলৈ ধৰে ৷ বহু যাত্ৰীয়েই খিৰিকীৰে জপিয়াই নিজৰ প্ৰাণৰক্ষা কৰে ৷ ইফালে খবৰ লাভ কৰাৰ পাছতেই অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ কিছু সময়ৰ পিছতে প্ৰায় ২০খন এম্বুলেন্স আহি আহত আৰু অগ্নিদগ্ধ লোকসকলক চিকিৎসালয়লৈ লৈ যায় ৷

