ত্ৰিবেন্দ্ৰম-হজৰত নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছত অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত দুটা দবা
কোটা ৰে’ল বিভাগৰ ত্ৰিবেন্দ্ৰম-হজৰত নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছৰ দুটা দবাত ব্যাপক অগ্নিকাণ্ড । সৌভাগ্যক্ৰমে সকলো যাত্ৰী সুৰক্ষিত ।

Published : May 17, 2026 at 10:37 AM IST
|Updated : May 17, 2026 at 10:44 AM IST
কোটা (ৰাজস্থান) : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এইবাৰ জুই লেলিহান শিখাই আৱৰি ধৰিছে এখন ৰে’ল ৷ আচলতে ৰাজস্থানৰ কোটা ৰে’লৱে সংমণ্ডলত সংঘটিত হয় উক্ত ঘটনাটো ৷
জানিব পৰা মতে, দেওবাৰে পুৱা ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱা ১২৪৩১ নং ত্ৰিবেন্দ্ৰম-হজৰত নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাটো পুৱা প্ৰায় ৫:১৫ বজাত বিক্ৰমগড় আলোট আৰু লুনি ৰিচা ষ্টেচনৰ মাজত সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত ৰে’লখনৰ তৃতীয় এচি (3rd AC) আৰু এছএলআৰ (SLR) ডবা সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে ৷ কোটা ৰে’লৱে সংমণ্ডলৰ জ্যেষ্ঠ বিষয়া বাণিজ্যিক প্ৰবন্ধক সৌৰভ জৈনে এই অগ্নিকাণ্ডৰ কথা নিশ্চিত কৰিছে ।
তেওঁ উল্লেখ কৰে যে ১২৪৩১ নম্বৰৰ ত্ৰিবেন্দ্ৰম হজৰত নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছ ৰে’লখন কোটাৰ পৰা আহিছিল । এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে কোটাৰ পৰা এখন সাহায্য ৰে’ল (ARME) প্ৰেৰণ কৰা হয় ।
ইতিমধ্যে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক, ডি আৰ এম (DRM)ৰ লগতে ৰে’লৱেৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে । বাতৰি লিখা পৰলৈকে এই অগ্নিকাণ্ড সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হৈছে । শেহতীয়াকৈ জানিব পৰা মতে, উক্ত ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই । যাত্ৰীৰ সামগ্ৰীসমূহো ইতিমধ্যে উক্ত ডবাকেইটাৰ পৰা স্থানান্তৰ কৰা হৈছে ৷
এই অগ্নিকাণ্ডৰ ফলত ৰে’লযাত্ৰীসকলৰ মাজত এক আতংকয়ময় পৰিশেৰ সৃষ্টি হয় ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে, যাতে ৰে’লখনৰ অন্য দবালৈ এই জুই বিয়পি যাব নোৱাৰে তাৰ বাবে তৎকালীনভাৱে ৰে’লখন ৰখাই দিয়া হয় ৷ তাৰ পাছতে ৰে’লখন পৰা যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয় ।
জ্যেষ্ঠ ডিচিএম সৌৰভ জৈনে কয় যে এই জুইৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰথম অৱস্থাত ই শ্বৰ্ট চাৰ্কিট বুলি ধাৰণা কৰা হৈছে । ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’লৱে বিভাগে । SLR-ৰ দবাত থকা যাত্ৰীৰ সামগ্ৰীৰ ক্ষতিৰ মূল্যায়ন চলি আছে । প্ৰথম অৱস্থাত ৰে’লখনত থকা গাৰ্ডে এই অগ্নিকাণ্ডৰ খবৰ দিয়ে ৷ তাৰ পিছত জৰুৰীকালীন ব্ৰেক ব্যৱহাৰ কৰি ৰে’লখন বন্ধ কৰি দিয়ে । অৱশ্যে তদন্তৰ পিছতহে এই ঘটনাৰ কাৰণ জানিব পৰা যাব ।

