ETV Bharat / bharat

নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, ১৫খন অগ্নিনিৰ্বাপক বাহনেৰে নিৰ্বাপন জুই

পুৱতি নিশা দক্ষিণ দিল্লীত লাগিল হাহাকাৰ ৷ নিমিষতে ভস্মীভূত হ'ল কাৰখানা ৷

Massive Fire At Factory In Delhi
নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 4:23 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দেওবাৰে পুৱাতি নিশা দিল্লীৰ এটা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ দিল্লীৰ চন্দন হল অঞ্চলত থকা এটা কাৰখানাত সূত্ৰপাত হয় বিধ্বংসী অগ্নিকাণ্ডটো ৷ ততাতয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে কোনো লোক আহত বা নিহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷

ঘটনা অনুসৰি, দেওবাৰে পুৱা প্ৰায় ২ বাজি ১১ মিনিত দক্ষিণ দিল্লীৰ চন্দন হল অঞ্চলৰ পঞ্জাব নেশ্যনেল বেংকৰ সমীপৰ এটা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হয় ৷ ইমানে ভয়াবহ আছিল অগ্নিকাণ্ডটো নিমিষতে সকলো স্থানলৈ বিয়পি পৰে ৷ পৰৱৰ্তী সময়ত ১৫খনকৈ বাহনেৰে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ কিহৰ কাৰণে জুই সূত্ৰপাত হ'ল সেয়া বৰ্তমানো জানিব পৰা নাই ৷

উল্লেখ্য যে, পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ২.৪০ বজাত অগ্নিকাণ্ডক ‘মেক ৪’ কল ঘোষণা কৰা হয় । ইয়াৰ পিছতে ঘটনাস্থলীলৈ অতিৰিক্ত অগ্নিনিৰ্বাপক নিবিদা প্ৰেৰণ কৰা হয় যদিও জুইৰ তীব্ৰতা কমি নাহিল । ফলস্বৰূপে ৩ বজালৈ ইয়াক ‘মেক-৬’ কাণ্ড বুলি ঘোষণা কৰা হয়। তাৰ পিছত সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ মুঠ ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰেৰে জুই নিৰ্বাপনত নিয়োগ কৰা হয় ৷

এজন বিষয়াই কয়, "অগ্নিকাণ্ড হোৱাৰ খবৰ পোৱাৰ পাছতে আমি লগে লগে দুখন পানীৰ টেংকাৰ প্ৰেৰণ কৰিছিলো । প্ৰথমতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ই দ্ৰুতগতিত সমগ্ৰ কাৰখানা চৌহদত বিয়পি পৰে । জুইৰ ভয়াৱহতাৰ বাবে প্ৰথমে ‘মেক-৪’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল, যাৰ ফলত অতিৰিক্ত অগ্নিনিৰ্বাপক বাহিনী নিয়োজিত কৰা হৈছিল ৷ তাৰ পাছতো অগ্নিকাণ্ড তীব্ৰতৰ হ্ৰাস নোপোৱাত ‘মেক-৬’লৈ উন্নীত কৰা হয় আৰু ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নিয়োগ কৰা হৈছিল ৷

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, সংমণ্ডল বিষয়া আৰ আটৱাল, এডিঅ’ সন্তোষ আৰু সাৰবজিতকে ধৰি, ষ্টেচন বিষয়া মনীষ আৰু অমিতে ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰিছিল ।

লগতে পঢ়ক : বিশাখাপট্টনমৰ সাগৰত নিৰুদ্দেশ সাতজন মাছমৰীয়া