অন্ধ্ৰপ্ৰদেশৰ আতচবাজী কাৰখানাত বিস্ফোৰণ, ২১ জনৰ মৃত্যু
সমৰলাকোটা ভেতলাপালেম গাঁৱত থকা সূৰ্যশ্ৰী আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত বহু লোক আহত হৈছে ।

Published : February 28, 2026 at 8:48 PM IST
সমৰলাকোটা (অন্ধ্ৰপ্ৰদেশ): অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ । ভেতলাপালেম গাঁৱৰ গোদাবৰী খালৰ সমীপত থকা সূৰ্যশ্ৰী আতচবাজী কাৰখানাত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় । দিনৰ প্ৰায় ২ বজাত এই বিস্ফোৰণ হয় । এই বিস্ফোৰণৰ ফলত প্ৰায় ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো লোক আহত হয় । গুৰুতৰভাৱে আহত ৮ জন লোকক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, ৬ জনক কাকিনাড়াৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ।
স্থানীয় ৰাইজৰ মতে বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড শব্দৰ ফলত ওচৰৰে গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাদত ফাট মেলাৰ বিপৰীতে বিস্ফোৰণৰ শব্দ ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত শুনা গৈছিল । বিস্ফোৰণৰ ফলত ধোঁৱাই সমগ্ৰ অঞ্চল আৱৰি ধৰে । বিস্ফোৰণৰ পিছতে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হয় । স্থানীয় ৰাইজৰ মতে আতচবাজীৰ কাৰখানাটো ফাৰ্মৰ মাজত অৱস্থিত যাৰ বাবে জৰুৰীকালীন বাহনসমূহ সেই স্থানলৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ।
আড়াপা ননী নামৰ এজন লোকৰ পৰিয়ালটোৰ এই কাৰখানাটো । পথাৰৰ মাজতে এই কাৰখানাটো স্থাপন কৰা হৈছিল । কিন্তু কেনেকৈ বিস্ফোৰণ হ'ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ।
১১ টা মৃতদেহ চিনাক্ত
নিহত লোকসকলৰ ভিতৰত ১১ জনক চিনাক্ত কৰা হৈছে । স্থানীয় ৰাইজে জনোৱা মতে নিহত লোকসকলৰ অধিকাংশই কাৰখানাটোৰ মহিলা শ্ৰমিক । তেওঁলোকক আড়াবালা শ্ৰীনু, কাড়িম্পল্লী কৃপম্মা, কাড়িম্পল্লী ধনৰাজু, সাধনালা সত্যবেনি, ভাটলুৰি ৰবি, মণ্ডপল্লী চিন্নী, নিম্মাড়া কৰুণা, গমপালা মংগা, গোদাথা মহেশ, গোদাথা ৰামু আৰু গোদাথা ননি ।
তাৎক্ষণিক সাহায্যৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক বিজিয়ানগৰ ভ্ৰমণৰ সময়ত বিষয়াসকলে এই বিষয়ে অৱগত কৰিছে । তাৰ পিছত তেওঁ গৃহ বিভাগৰ মন্ত্ৰী ভংগালাপুড়ী অনিতাক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিয়াৰ উপৰিও তাৎক্ষণিক সাহায্য আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।
এক্সৰ এটা পোষ্টত নাইডুৱে কয়, "এই দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাটো হৃদয় বিদাৰক । এই ঘটনা সন্দৰ্ভত মই উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিছোঁ । মই নিৰ্দেশ দিছোঁ যে ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিব লাগে । শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।"
জিলা আয়ুক্ত শনমোহন আৰু আৰক্ষী অধীক্ষক বিন্দু মাধৱ বিস্ফোৰণস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।
গৃহ বিভাগৰ মন্ত্ৰী অনিতাই এক্সৰ পোষ্টত জনাইছে যে ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিকভাৱে সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে । আই টি মন্ত্ৰী নাৰা লোকেশে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু এক্সৰ পোষ্টত মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা আৰু আহতসকলৰ উপযুক্ত চিকিৎসাৰ আশ্বাস দিছে ।
লগতে পঢ়ক :দেশজুৰি এইচ পি ভি টিকাকৰণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

