ETV Bharat / bharat

ভগৱানলৈ বিয়া, মানুহৰ দ্বাৰা বিবৰ্জিতা: কৰ্ণাটকৰ দেৱদাসীৰ অলিখিত কাহিনী

শেহতীয়াকৈ হোছাপেটত দেৱদাসী মহিলাসকলে কৰা প্ৰতিবাদে পুনৰবাৰ এই পৰম্পৰাৰ অন্ধকাৰ দিশটোক উদঙাই দিছে, যাক আইনৰ দ্বাৰাও বন্ধ কৰিব পৰা নাই ।

DEVADASI SYSTEM KARNATAKA
দেৱদাসী মহিলাসকলে হোছাপেটস্থিত সহকাৰী আয়ুক্তৰ কাৰ্যালয়ত সমবেত হৈ নিজৰ নাম দেৱদাসী পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 4:14 PM IST

15 Min Read
Choose ETV Bharat

হোছাপেট (কৰ্ণাটক) : যেতিয়া তেওঁলোক ডাঙৰ হৈ আহিছিল, তেতিয়া কোৱা হৈছিল যে ‘ঈশ্বৰৰ সৈতে তেওঁলোকৰ বিয়া হৈছে’ । তেওঁলোকৰ ডিঙিত বান্ধি থোৱা ‘পবিত্ৰ’ সূতাডাল আন একো নহয়, বৰঞ্চ এক আশীৰ্বাদ, যাৰ সৌভাগ্য খুব কমসংখ্য়কৰহে হয় । মাজনিশা অনুষ্ঠিত এই অনুষ্ঠানটো এক বিশেষ অনুষ্ঠান । কিন্তু যি মুহূৰ্ততে কণমানি ছোৱালীবোৰ দেৱদাসী হৈ পৰে, সেই মুহূৰ্ততে তেওঁলোকৰ হাতৰ পৰা শৈশৱ পিছলি যায় আৰু অপশক্তিয়ে সহজেই তেওঁলোকৰ শৰীৰক কব্জাত লয় । ভক্তিৰ এই আৱৰণৰ আঁৰত আছে এক নিষ্ঠুৰ সত্য- যিটো হৈছে বছৰ বছৰ পুৰণি পৰম্পৰা । এই পৰম্পৰাই ঈশ্বৰত্বৰ দাবী কৰিলেও কিন্তু আজীৱন শোষণৰ কাৰণ হৈ আছিল ।

সমগ্ৰ উত্তৰ কৰ্ণাটকৰ অগণন ছোৱালীৰ বাবে জীৱনৰ প্ৰথম শিক্ষা এয়ে আছিল যে তেওঁলোকৰ ভাগ্য তেওঁলোকৰ নিজৰ নহয়, বৰঞ্চ সেইসকল পুৰুষৰ, যিয়ে নিজৰ ইচ্ছাক ন্যায্যতা প্ৰদান কৰিবলৈ দেৱীক আমন্ত্ৰণ জনায় ।

প্ৰতিবাদ: স্বীকৃতি আৰু ন্যায়ৰ বাবে এক আহ্বান

কেৰালাৰ বিজয়নগৰ জিলাৰ হোছাপেট । ৪ ডিচেম্বৰৰ এটা শীতৰ সেমেকা পুৱা । সহকাৰী আয়ুক্ত পি বিবেকানন্দৰ কাৰ্যালয়ৰ বাহিৰত প্ৰায় ৪০ গৰাকী দেৱদাসী মহিলাই আবেদন, নথি-পত্ৰ খামুচি ধৰি ৰৈ আছিল । তেওঁলোকে ভাবিছিল যে অৱশেষত তেওঁলোকৰ দুখ-কষ্টৰ অন্ত পাৰিব, নিজৰ সন্তানক ভৱিষ্যত দিব পাৰিব আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুমোদিত অন্যায়ৰ পৰা নিজকে মুকলি কৰি আনিব পাৰিব ।

দেৱদাসী প্ৰথাৰ পৰা উদ্ধাৰ হোৱা লোক হিচাপে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত এই মহিলাসকলে এনে এটা ‘আনুষ্ঠানিক স্বীকৃতি’ৰ বাবে অপেক্ষাত আছে, যিয়ে তেওঁলোকক দেৱদাসী পুনৰ্বাসন কাৰ্যসূচীৰ অধীনত ৰাজ্য চৰকাৰৰ বিভিন্ন সুবিধা যেনে মাহেকীয়া পেঞ্চন, গৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য, দক্ষতা বিকাশ আৰু ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা, নিজৰ ল’ৰা-ছোৱালীক বৃত্তি আদিৰ বাবে যোগ্য কৰি তুলিব ।

DEVADASI SYSTEM KARNATAKA
সখী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক এম ভাগ্যলক্ষ্মীৰ উদ্যোগত দেৱদাসী মাতৃসকলৰ এখন পৰামৰ্শমূলক সভা (ETV Bharat)

কিন্তু বিড়ম্বনা এয়ে যে তেওঁলোকৰ জন্ম বৰ্ষ বেলেগ । ১৯৮৪ চনত কৰ্ণাটকত এক পশ্চাদগামী প্ৰথা দেৱদাসী প্ৰথাক বেইআইনী ঘোষণা কৰা হয় । ইয়াৰ দ্বাৰা দেৱদাসী হিচাপে তেওঁলোকৰ দীক্ষা অবৈধ ঘোষিত হয় । ১৯৮৪ চনৰ পিছত জন্ম হোৱা ছোৱালীৰ বাবে এই প্ৰথাত লিপ্ত হোৱাসকলক কাৰাদণ্ডকে ধৰি শাস্তি প্ৰদান কৰা হ’ব । এইকাৰণে প্ৰশাসনে তেওঁলোকক চৰকাৰী স্বীকৃতি দিব নোৱাৰে বুলি কয় । দেৱদাসী হিচাপে তেওঁলোকৰ অস্তিত্বই আছিল অবৈধ । বিবেকানন্দই তেওঁলোকক কয়, "গাইডলাইন অনুসৰি আপোনালোকে চৰকাৰী স্বীকৃতি নাপাব । কেৱল ১৯৮৪ চনৰ পূৰ্বে জন্ম লোৱা মহিলাসকলহে যোগ্য ।"

কিন্তু তথাপিও তেওঁলোক ইয়াত ৰৈ আছিল, এই কথাৰ প্ৰমাণ হিচাপে যে এই নিষেধাজ্ঞা বিফল হৈছে ।

"অনুগ্ৰহ কৰি আমি কেতিয়াও বাছি নোলোৱা কাম এটাৰ বাবে আমাক শাস্তি নিদিব । আমি সৰু আছিলোঁ । আমাৰ মাজৰ কিছুমানৰ বয়স ছয়-সাত বছৰ । এতিয়া যদি চৰকাৰে আমাক সহায় কৰিব নোৱাৰে, কোনে কৰিব ? মই কেৱল মোৰ সন্তানৰ বাবে এক উন্নত জীৱন বিচাৰোঁ ।" বেদনাহত কণ্ঠৰে ৩২ বছৰীয়া ৰেণুকাই অনুৰোধ জনায় ।

এক নিষ্ঠুৰ বিৰোধভাবত সোমাই পৰা এই মহিলাসকলে চলিত সমীক্ষাত অন্তৰ্ভুক্ত হ’বলৈ অনুৰোধ জনায় । কিয়নো স্বীকৃতি অবিহনে পেঞ্চন নাপায়, গৃহ নিৰ্মাণৰ সুবিধা নাপায়, জীৱিকাৰ সাহায্য নাপায়, সন্তানৰ বাবে জলপানি নাপায় । স্বাকৃতি নাপালে তেওঁলোকৰ যন্ত্ৰণা সকলোৰে অগোচৰে হৈ থাকিব ।"

পূৰ্বতে কলংকৰ ভয়ত তেওঁলোকে ঘৰে ঘৰে গৈ পৰীক্ষণৰ পৰা ৰেহাই পাইছিল । কিন্তু এতিয়া এনে লাগিছে হতাশাই যেন ভয়কো চেৰ পেলাইছে । আৰু এতিয়া এজন এজনকৈ প্ৰত্যেকৰে অনুৰোধ, “আমাৰ ঘৰলৈ আহক, সত্যটো চাওক ।”

এক এনেধৰণৰ প্ৰথা, যিটোৰ তথাকথিতভাৱে অস্তিত্ব নাই, তথাপিও ছোৱালীবোৰক গোপনে উৎসৰ্গা কৰা হৈ আহিছে

হোছাপেটত হোৱা প্ৰতিবাদে এক চিন্তাজনক সত্যৰ উদ্ঘাটন কৰিছে- নিষিদ্ধ ঘোষিত হোৱাৰ চাৰি দশক পাছতো দেৱদাসী প্ৰথাটো এতিয়াও চলি আছে, লুকাই আছে আৰু নীৰৱে জীয়াই আছে ।

কেৱল বিজয়নগৰ জিলাতে দেৱদাসী হিচাপে স্বীকৃতি পাবলৈ আবেদন কৰিছে ৫২১ গৰাকীতকৈ অধিক মহিলাই । ইয়াৰে অধিকাংশয়ে নিষিদ্ধ ঘোষণাৰ পিছত জন্মগ্ৰহণ কৰা । এই সত্যটো সন্মুখলৈ আনিছে সাখী ট্ৰাষ্ট নামৰ এটা বেচৰকাৰী সংস্থাই । এই এন জি অ'টোৱে বিজয়নগৰ জিলাৰ দেৱদাসীসকলৰ উদ্ধাৰ আৰু পুনৰ্বাসনৰ দিশত দুটা দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে ।

DEVADASI SYSTEM KARNATAKA
চলিত দেৱদাসী জৰীপত দেৱদাসীসকলে সন্মুখীন হোৱা সমস্যা আৰু অভিযোগ জনাইছে হোছাপেটৰ সহকাৰী আয়ুক্ত পি বিবেকানন্দক (ETV Bharat)

বল্লাৰী, বগলকোট, বেলাগাভি, কোপ্পাল, হাবেৰী, কালাবুৰাগী, য়াদগিৰ আৰু চিত্ৰদুৰ্গ আদিত এতিয়াও ছোৱালীবোৰক গোপনে হুলিগেম্মা, য়েল্লাম্মা, মৈলাৰেশ্বৰ, য়মানব্বাৰ প্ৰতি উৎসৰ্গা কৰা হয় । অৱশ্যে এতিয়া মন্দিৰত নহয়, ঘৰৰ ভিতৰত, নিশাৰ অন্ধকাৰত । সাখী ট্ৰাষ্টৰ মঞ্জুৱালা মালাগে কয়, “আমি তেতিয়াহে গম পাওঁ যেতিয়া এগৰাকী ছোৱালী গৰ্ভৱতী হয় বা বিবৰ্জিতা হয় ।

এই পৰম্পৰা লুকাই-চুৰকৈ চলি আছে যদিও ইয়াৰ পৰিণতি কিন্তু সশব্দে হয় । যাৰ ফলত দৰিদ্ৰতা, বিবৰ্জিতা আৰু কোনো দোষ নোহোৱাকৈ আজীৱন কলংকৰ সৃষ্টি হয় ।

সখী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক ডাঃ ভাগ্যলক্ষ্মীয়ে কয়, "বিগত চাৰি বছৰত আমি কমেও ৭০টা এনে ঘটনা চিনাক্ত কৰিছোঁ ।"

২০০৮ চনত কৰা অন্তিমটো সমীক্ষা অনুসৰি, কৰ্ণাটকত ৪৬,৬৬১ গৰাকী দেৱদাসী আছিল । দেৱদাসী প্ৰথাৰ বিৰুদ্ধে যুঁজখন এতিয়াও দীৰ্ঘদিনীয়া বুলি মত প্ৰকাশ কৰি বিমুক্ত দেৱদাসী মহিলা মট্টু মাক্কালা বৈদিকৰ আহ্বায়ক য়ামানুৰাপ্পা হালাৱগালীয়ে কয়, “চলিত জৰীপ সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যজুৰি জিলা প্ৰশাসনে শ শ নতুন আবেদন লাভ কৰাৰ লগে লগে এই সংখ্যা ৬ হাজাৰৰ পৰা ৭ হাজাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।”

দেৱদাসী প্ৰথা

অলিথিত নিয়ম অনুযায়ী, দেৱদাসী প্ৰথাত যুৱতীসকলক মন্দিৰত দেৱতাৰ নামত সমৰ্পণ কৰা হৈছিল, যিটো বিয়া সদৃশ এক বিস্তৃত ৰীতি আৰু তেওঁলোকক ধন আৰু গহনাৰ বিনিময়ত কোনো বৃদ্ধ পুৰুষৰ হাতত (বেছিভাগ ক্ষেত্ৰতে তেওঁ ছোৱালীজনীৰ আত্মীয় বা গাঁৱৰ জমিদাৰ) কুমাৰিত্ব হেৰুৱাবলৈ বাধ্য কৰোৱা হয় । কোপ্পাল, বিজয়নগৰ আৰু বল্লাৰী জিলাত ছোৱালীবোৰক দেৱী হুলিগেম্মালৈ, বেলাগাভি, বাগালকোট, ধৰৱাদত দেৱী সৱদত্তীলৈ, য়াল্লাম্মা আৰু হাবেৰী, দাৱনগেৰেত মৈলাৰেশ্বৰ আৰু কালাবুৰাগী তথা য়াদগিৰত দেৱী য়ামনাব্বাৰ নামত উৎসৰ্গা কৰা হয় ।

এবাৰ দেৱদাসী হোৱাৰ পিছত এই মহিলাসকলক বিয়াত বাধা দিয়া হয় আৰু পৰিয়ালৰ যত্ন লোৱাৰ কামতে ব্যস্ত থাকিব লাগে । সাধাৰণতে এই মহিলাসকলৰ একাধিক পুৰুষ সংগী থাকে, যাৰ কোনো বাধ্যবাধকতা বা দায়িত্ব নাথাকে ।

মঞ্জুৱালাই কয়, "আচৰিত কথাটো হ'ল, ১৯৮৪ চনত নিষেধাজ্ঞা বলৱৎ হোৱাৰ পিছত ছোৱালীক গোপনে দেৱদাসী হ'বলৈ জোৰ-জবদস্তি কৰা হৈছে । তেওঁলোকে নিশাৰ সময়ত (বিবাহৰ) অনুষ্ঠানটো কৰে, যাতে কোনেও গম নাপায় । পূৰ্বৰ দৰে এই অনুষ্ঠানসমূহ মন্দিৰত নহয়, ঘৰ আৰু সম্প্ৰদায়ৰ ভিতৰতে সংঘটিত হয় । আমি তেতিয়াহে গম পাওঁ, যেতিয়া এই ছোৱালীবোৰ গৰ্ভৱতী হয় বা পুৰুষ সংগীৰ দ্বাৰা বিবৰ্জিতা হয় ।"

এনে এক কাহিনী, যাৰ বিষয়ে শুনিলে দুখ লাগে; কাৰণ সেইবোৰ কেতিয়াও হ’বলগা নাছিল

অংকিতা দশম শ্ৰেণীত পঢ়ি থকাৰ সময়তে মাক-দেউতাকে জোৰকৈ দেৱদাসী প্ৰথাত সুমুৱাই দিছিল । তেওঁৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যু হৈছিল । দৰিদ্ৰতাই সমগ্ৰ ঘৰখনকে গ্ৰাস কৰিছিল । ফলত পৰিয়ালটোৱে সিদ্ধান্ত লয় যে তেওঁ যদি দেৱদাসী হয় তেন্তে কেতিয়াও বিয়া নহ’ব আৰু কেতিয়াও তেওঁলোকক এৰি নাযায় । সদায় তেওঁলোকৰ বাবে উপাৰ্জন কৰিব ।

"যেতিয়া মোৰ মা-দেউতাই মোক কৈছিল যে মই দেৱী হুলিগেম্মাৰ প্ৰতি উৎসৰ্গিত হৈছোঁ, তেতিয়া মই কি কৰিম এক ভাবি পোৱা নাছিলোঁ । মই মান্তি হোৱা নাছিলোঁ । তেওঁলোকে এমাহ ধৰি খোৱা-বোৱা বন্ধ কৰি দিলে । মোৰ বয়স তেতিয়া ১৫ বছৰ আছিল । মই কি কৰিব পাৰোঁ ? অৱশেষত মই পৰিস্থিতিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল ।" তেওঁ ফুচফুচাই কয় ।

তেওঁৰ ভতিজী শিল্পাও একেটা দ্বিধা-দ্বন্দ্বৰ সন্মুখীন হয় । দুয়োৱেই প্ৰথম প্ৰজন্মৰ দেৱদাসী । ইয়ে প্ৰমাণ যে পৰিয়ালৰ ভিতৰত বংশৰ পিছত বংশ ধৰি এই প্ৰথা চলি আছে ।

আনহাতে, সপ্তম প্ৰজন্মৰ দেৱদাসী মাঞ্জাম্মাক ১০ বছৰ বয়সতে উৎসৰ্গা কৰিছিল । তেওঁৰ সন্তানসকল এতিয়া কিশোৰ । সুৰক্ষিত আৰ্থিক স্থিতিশীলতা আৰু স্বীকৃতি নিশ্চিত কৰিব নোৱাৰিলে তেওঁৰ ছোৱালীজনীকো হয়তো একে ভাগ্যলৈ টানি নিব পাৰে বুলি ভাবি এতিয়া তেওঁ বিনিদ্ৰ ৰজনী কটায় ।

কিন্তু স্বীকৃতি প্ৰকৃততে কোনো আইনৰ তাৰিখৰ লগতহে বান্ধ খাই থাকে, তেওঁলোকৰ দুখৰ গভীৰতাত নহয় ।

৩০ বছৰীয়া মাঞ্জাম্মা, ভাৰতী, জলজম্মা, মঞ্জুলা আদিয়েও পৰিয়ালৰ হেঁচা আৰু দৰিদ্ৰতায়েই তেওঁলোকৰ দীক্ষাৰ কাৰণ বুলি কয় । এজন পুত্ৰই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত আৰু এগৰাকী কন্যাই ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ বাবে মাঞ্জাম্মাই নিজৰ সামান্য উপাৰ্জনৰ দ্বাৰাই তেওঁলোকৰ খৰচ পূৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে । মাঞ্জাম্মাই কয়, "মই পঞ্জীয়ন কৰিব বিচাৰোঁ যাতে মই মোৰ সন্তানৰ বাবে ভাল শিক্ষা প্ৰদান কৰিব পাৰোঁ । মই নিবিচাৰো যে মোৰ ছোৱালীজনীও শেষত দেৱদাসী হৈ পৰক ।"

দেৱদাসী প্ৰথালৈ ঠেলি দিয়াৰ পিছত বহু ছোৱালী যৌনকৰ্মী হৈ পৰিছে । আনহাতে, শাৰীৰিকভাৱে অক্ষম হোৱাসকলক তেওঁলোকৰ পুৰুষ সংগীয়ে পৰিত্যাগ কৰাৰ বাবে জীৱিকা নিৰ্বাহৰ বাবে ভিক্ষা কৰা দেখা গৈছে । “যিহেতু পুৰুষে নিজৰ কোনো বাধ্যবাধকতা বা দায়িত্ব নাই বুলি ভাবে, গতিকে তেওঁলোকৰ গৰিষ্ঠসংখ্যকে গৰ্ভৱতী হ’লেই বা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’লেই দেৱদাসীক পৰিত্যাগ কৰে । ইয়াৰ ফলত কেইবাগৰাকীও দেৱদাসী মহিলাই নিজৰ পৰিয়াল চলাবলৈ যৌন ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য হৈছে ।" আন এগৰাকী দেৱদাসী ঊষাই এই কথা উল্লেখ কৰি লগতে কয়, “আমি এইবোৰ সকলো অকলে আৰু নীৰৱে সহ্য কৰোঁ ।”

এগৰাকী দেৱদাসীৰ পুত্ৰ য়ামানুৰাপ্পাই কোৱাৰ দৰে তথাপিও সকলোৱে যৌন কৰ্মৰ দিশে নাযায় । তেওঁ কয়, "বহুতে কৃষি শ্ৰমিক, চাফাই কৰ্মী, ঘৰুৱা শ্ৰমিক হিচাপে কাম কৰে । প্ৰতিদিনে মৰ্যাদাৰ বাবে যুঁজ দিয়ে ।"

মহিলাই বন্দ্বিত্বৰ শিকলি ছিঙাৰ কাহিনী

এই দুখৰ মাজতো প্ৰতিৰোধৰ কিছু স্ফুলিংগ আহিছে, যিয়ে এক পৰিৱৰ্তন আনিছে ।

এই প্ৰথাত দীক্ষা দিয়াৰ সময়ত গীতাৰ বয়স আছিল ১৫ বছৰ । তেওঁ ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু শিক্ষা গ্ৰহণক বাছি লৈছিল । তেওঁ কোনো পুৰুষকে ‘সেৱা’ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু নিজৰ চৰ্তত এটা জীৱন গঢ়ি তুলিছিল । আজি ২৩ বছৰ বয়সত সাখী ট্ৰাষ্টত সাংবাদিকতাৰ পাঠ্যক্ৰম কৰি মিডিয়া কাউন্সেলাৰ হিচাপে তেওঁ কাম কৰি আছে । তেওঁৰ সপোন, আজিম প্ৰেমজী বিশ্ববিদ্যালয়ত অধিক অধ্যয়ন । "মই জানিছিলোঁ যে প্ৰথাটো কি । সৰুতে মোৰ সাহস হোৱা নাছিল । কিন্তু এদিন মই সিদ্ধান্ত লৈছিলোঁ যে যিয়েই নহওক, মই এই প্ৰথাটো ইয়াতেই শেষ কৰিব লাগিব ।" তেওঁ নিজৰ কাহিনী বৰ্ণনা কৰে ।

এতিয়া বহু গীতা ওলাই আহিছে, যিসকল স্নাতক, শিক্ষক, সমাজকৰ্মী- সকলোৱো দেৱদাসীৰ কন্যা, যিসকলে মাতৃৰ শান্তিৰ লগতে জীৱনটোকো চুৰি কৰা পৰম্পৰাৰ ওচৰত নতশিৰ হ’বলৈ অস্বীকাৰ কৰিছে ।

এখন নতুন আইন আৰু এক নতুন আশা

১৯৮৩ চনৰ আইনখনে এই প্ৰথা নিষিদ্ধ কৰিছিল যদিও ইয়াক পুলিয়ে-পোখাই উভালি পেলাব পৰা নাছিল । এন এল এছ আই ইউৰ দ্বাৰা খচৰা প্ৰস্তুত কৰা এখন নতুন, অধিক শক্তিশালী বিধেয়ক এতিয়া ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে অপেক্ষা কৰি আছে ।

প্ৰথমবাৰৰ বাবে আইনখনে আনিছে

  • পিতৃ-মাতৃ, পুৰোহিত, সুবিধা প্ৰদানকাৰীক শাস্তি প্ৰদান কৰা
  • দেৱদাসীৰ সন্তানসকলে নিজৰ পিতৃক চিনাক্ত কৰাৰ অধিকাৰ থকাটো নিশ্চিত কৰা
  • সন্দেহযুক্ত পিতৃৰ বাবে ডি এন এ পৰীক্ষা ব্যৱস্থা বলৱৎ কৰা
  • পেঞ্চন আৰু পুনৰ্বাসন পেকেজ বৃদ্ধি কৰা
  • ১০ লাখ টকা পৰ্যন্ত এককালীন জীৱিকাৰ সম্পত্তি প্ৰদান কৰা

খচৰা সমিতিৰ সমন্বয়ক আৰু এন এল এছ আই ইউৰ এগৰাকী অধ্যাপক আৰ ভি চন্দ্ৰশেখৰে কয়, "যদি পুৰুষসকলে জানিব পাৰে যে তেওঁলোকক জবাবদিহি কৰিব পাৰি, তেন্তে এই ব্যৱস্থাটো ভাঙি যাব ।"

কিন্তু সমাজকৰ্মীসকলে দৃঢ়তাৰে কয় যে কেৱল আইনৰ দ্বাৰাই গভীৰভাৱে শিপাই থকা সামাজিক কুপ্ৰথাৰ অন্ত পেলাব নোৱাৰি । সকলো দেৱদাসী পৰিয়ালৰ সজাগতা, শিক্ষা আৰু নিঃচৰ্ত পুনৰ্বাসন অতি প্ৰয়োজনীয় ।

বিধেয়কখনে কেৱল নিজৰ কন্যা সন্তানক জোৰ-জবৰদস্তি কৰা অভিভাৱকসকলকেই নহয়, পুৰোহিতকে ধৰি সহায়কাৰী আৰু সুবিধা প্ৰদানকাৰীসকলকো শাস্তি প্ৰদান কৰিব বিচাৰিছে । তাতোকৈ ডাঙৰ কথাটো হ’ল, ই দেৱদাসীৰ ল’ৰা-ছোৱালীক নিজৰ পিতৃক চিনাক্ত কৰাৰ অধিকাৰ প্ৰদান কৰিব বিচাৰে ।

চন্দ্ৰশেখৰে লগতে কয়, "এইখন এটা প্ৰথা ভংগকাৰী আইন, কাৰণ ইয়াৰ দ্বাৰা দেৱদাসী শিশুৰ সন্দেহযুক্ত পিতৃক ডি এন এ পৰীক্ষা কৰাব পৰা যায় । এইটোৱে দেৱদাসী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচৰা লোকসকলৰ বাবে এক ডাঙৰ প্ৰতিৰোধক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে । যদি পুৰুষসকলে দেৱদাসী হ'বলৈ অহাটো বন্ধ কৰে, তেন্তে এই ব্যৱস্থাটো স্বয়ংক্ৰিয়ভাৱে শেষ হোৱা দেখা যাব ।"

নতুন আইনখনে পুনৰ্বাসনৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিছে । চন্দ্ৰশেখৰে লগতে কয়, "পেঞ্চনৰ পৰিমাণ ৫০০০ টকালৈ বৃদ্ধি পাইছে আৰু দক্ষতা আৰু জীৱিকা গ্ৰহণৰ বাবে এককালীন সাহায্যও বৰ্তমানৰ ১ লাখ টকাৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি পাইছে । আমি চৰকাৰক এই এককালীন সাহায্য সম্পত্তিৰ ৰূপত প্ৰদান কৰিবলৈ কৈছোঁ ।"

"নতুন আইনখন পূৰ্বৰ আইনখনতকৈ অধিক ব্যাপক আৰু আমি ইয়াক আদৰণি জনাইছোঁ । কিন্তু কেৱল আইনখনেই এনে সামাজিক বেয়া কামক ৰোধ কৰিব নোৱাৰে । সজাগতা সৃষ্টি আৰু দেৱদাসী পৰিয়ালক শিক্ষিত কৰাৰ নিৰন্তৰ প্ৰয়াস অধিক ফলপ্ৰসূ হ'ব । আমাৰ ওচৰত অনুসূচিত জাতি-জনজাতি আৰু মহিলাৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবৰ বাবে আইন আছে । কিন্তু তথাপিও এই সম্প্ৰদায়বোৰে অত্যাচাৰৰ সন্মুখীন হ'বলগা হয় ।"

তেওঁ লগতে দৃঢ়তাৰে কয় যে চৰকাৰে সকলো দেৱদাসী পৰিয়ালক সামৰি এককালীন পেকেজ হিচাপে পুনৰ্বাসন কাৰ্যকৰী কৰিব লাগিব । তেওঁ কয়, "বৰ্তমান তেওঁলোকে ধনৰ উপলব্ধতা অনুসৰি দেৱদাসীসকলক পেঞ্চন আৰু আৰ্থিক সাহায্য অনুমোদন জনাইছে । এইটোৰ দ্বাৰা সকলো দেৱদাসীক সামৰি ল’বলৈ বহু সময় লাগিব । চৰকাৰে নিজৰ পন্থা সলনি কৰি একেলগে সকলো সহায় আগবঢ়াব লাগিব আৰু ইয়াৰ অন্ত পেলাব লাগিব ।"

ভাগ্যলক্ষ্মীয়ে য়ামনুৰপ্পাৰ কথাত একমত হৈ কয়, "চৰকাৰে ইতিমধ্যে ঘোষণা কৰা সুবিধাসমূহ সকলো দেৱদাসীয়ে পোৱা নাই ৷ চলি থকা সমীক্ষাত যাতে কোনো দেৱদাসী পৰিয়াল বাহিৰত নাথাকে আৰু প্ৰথাটোলৈ আৰু কোনো নতুন মানুহ নাহে, সেয়া চৰকাৰে নিশ্চিত কৰাৰ সময় আহি পৰিছে ।"

নিষ্ঠুৰ সত্য: সমস্যা কেতিয়াও ভক্তি নাছিল, পুৰুষহে আছিল

মূলতঃ দেৱদাসী প্ৰথা কেতিয়াও দেৱতাৰ বিষয়ে নাছিল । এয়া আছিল সেইসকল লোকৰ কথা, যিসকলে শোষণৰ বাবে দেৱতাক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল । এয়া আছিল দুখীয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ কথা । আজিও মাজনিশা নিস্তব্ধ কোঠাবোৰত এই অনুষ্ঠান চলি থাকে আৰু প্ৰতিবাৰেই ছোৱালী এজনীক উৎসৰ্গা কৰাৰ সময়ত মানৱতা হেৰুৱাই পেলোৱাৰ কথা পুনৰবাৰ উচ্চাৰিত হয় ।

হোছাপেটত সমবেত হোৱা দেৱদাসী মহিলাসকলে কেৱল পেঞ্চন বা সুবিধা বিচৰা নাছিল। তেওঁলোকে বিচাৰিছিল বিশ্বাসৰ নামত, সংস্কৃতিৰ আৱৰণত, পিতৃতন্ত্ৰৰ বেদীত তেওঁলোকৰ ওপৰত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কৰা অন্যায়ৰ স্বীকাৰোক্তি ।

লগতে পঢ়ক :এতিয়াৰে পৰা পেলাই নিদিব আনাৰসৰ আৱৰ্জনাবোৰ: ই হ’ব পাৰে আপোনাৰ ধনৰ এক অংশ
লগতে পঢ়ক :নাগৰিকত্ব পোৱাৰ পূৰ্বেই ভোটাৰ তালিকাত নাম কেনেকৈ সোমাল ? ছোনিয়া গান্ধীলৈ আদালতৰ জাননী