কইনা ঘৰত ৰসগোল্লা নাপাই বৰযাত্ৰীৰ লংকাকাণ্ড; ভাগিল বিয়া
ৰসগোল্লাৰ বাবেই ভাগিল এখন বিয়া । দৰা আৰু কইনা পক্ষৰ মাজত তীব্ৰ মাৰপিট । বিয়াৰ অন্তিম পৰ্যায়ত সংঘটিত হয় এই ঘটনা ।

Published : December 4, 2025 at 9:42 PM IST
গয়া : ৰসগোল্লাৰ বাবেই ভাগিল এখন বিয়া ! কথাটো মানিবলৈ টান লাগে যদিও সেয়াই সত্য । সামান্য ৰসগোল্লাৰ বাবে কইনা পক্ষৰ সৈতে হোৱা দৰাপক্ষৰ কাজিয়াৰ বাবেই ভাগি যায় এখন বিয়া । ঘটনাটো সংঘটিত হৈছে বিহাৰৰ গয়াত ।
হয়, বিহাৰৰ গয়াত কেৱল ৰসগোল্লাৰ বাবেই এখন বিয়া ভাগি যায় । এই ঘটনা তেনে সময়ত সংঘটিত হয়, যিসময়ত বিয়াৰ অন্তিম পৰ্ব চলি আছিল । ইতিমধ্যে বৰমালা প্ৰদানো হৈ গৈছিল । ইয়াৰ পিছত আছিল দৰা পক্ষক অভ্যৰ্থনাৰ সময় । কিন্তু তেতিয়াই সংঘটিত হয় এই অনাকাংক্ষিত ঘটনাটো ।
দৰাঘৰীয়াক অভ্যৰ্থনাৰ সময়ত ৰসগোল্লা কমি যায় । ইয়াতেই ক্ষুণ্ণ হৈ পৰে একাংশ বৰযাত্ৰী । লগে লগে খোৱাৰ টেবুলৰ পৰা উঠি বহি থকা চকী ডাঙি এফালৰ পৰা ভাঙিবলৈ ধৰে । লগতে ইফালে সিফালে দলিয়াব ধৰে । ইয়াৰ মাজতে দৰা পক্ষ আৰু কইনা পক্ষৰ মাজত আৰম্ভ হয় হতাহতি আৰু প্ৰচণ্ড মাৰপিট । পৰিস্থিতি এনে পৰ্যায় পায় গৈ যে খাদ্যৰ পাত্ৰ দলিওৱাৰ লগতে প্লেট, গিলাচ আদিও দলিয়াব ধৰে । অৱশেষত বিয়াখনেই ভাগি যায় ।
এই ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে । তাত দেখা গৈছে যে বৰযাত্ৰী আৰু কইনা পক্ষৰ মাজত তীব্ৰ মাৰপিট লাগিছে । চকী ভাঙিছে আৰু ইজনে সিজনক লাথি, চৰ, ঘোচা মাৰি আছে । লগতে সামগ্ৰীবোৰ ছটিয়াই বিশৃংখল কৰিছে । ঘটনা ইমানেই গুৰুতৰ হয় যে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ।

ঘটনা সন্দৰ্ভত কইনাৰ পিতৃ সুৰেশ প্ৰসাদে কয় যে বোধগয়াৰ হাথিয়াৱা নিবাসী পৱন কুমাৰৰ সৈতে তেওঁৰ কন্যাৰ বিয়া ঠিক হৈছিল । ২৯ নৱেম্বৰত বকৰোৰস্থিত এখন হোটেলত অনুষ্ঠিত হৈছিল বিয়া । কইনা পক্ষ হৈছে আতৰী থানাৰ অধীনস্থ । বোধগয়াতে এখন হোটেলত এই বিয়াৰ আয়োজন কৰা হৈছিল ।
সুৰেশ প্ৰসাদে কয়, "হাথিয়াৱাৰ পৰা বকৰোৰস্থিত হোটেললৈ বৰযাত্ৰী আহিছিল । বিয়াৰ ৰীতি-নীতি চলি আছিল । ইয়াৰ মাজতে দৰা পক্ষই অতিৰিক্ত দুই লাখ টকা বিয়াৰ যৌতুক বিচাৰে । আমি ইয়াৰ বিৰোধিতা কৰো । ইয়াৰ পিছত দৰা পক্ষৰ লোকসকলে মাৰপিট আৰম্ভ কৰি দিয়ে । এই ঘটনাত আমাৰ পক্ষৰ কেইবাজনো লোক আহত হয় । ঘটনা সন্দৰ্ভত আমি বোধগয়া থানাত এজাহাৰ দাখিল কৰিছো ।"

কইনা পক্ষৰ অভিযোগ যে তেওঁলোকক ৰাস্তাত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হয় । যৌতুকত দুই লাখ টকা দাবী কৰাৰ বাবেই বিয়াখন ভাগি যায় । ইয়াৰ পিছত কইনা পক্ষই যৌতুক সম্বন্ধীয় এক গোচৰ ৰুজু কৰে ।
ইফালে দৰা পক্ষৰ অভিযোগ, অভ্যৰ্থনাৰ সময়ত ৰসগোল্লাৰ নাটনি হৈছিল । ৰসগোল্লা বিচৰাত কইন পক্ষৰ লোকসকলে উগ্ৰ ৰূপ ধাৰণ কৰে আৰু চকী ভাঙিবলৈ ধৰে । সকলো সামগ্ৰী দলিয়াই বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে আৰু মাৰপিট কৰিবলৈ ধৰে । ইয়াৰ পিছত দুয়োপক্ষৰ মাজত হতাহতি হয় । ঘটনাৰ একমাত্ৰ কাৰণ হৈছে ৰসগোল্লাৰ নাটনি, বাকী অভিযোগ অসত্য ।
দৰা পক্ষই লগতে কয় যে কইনা পক্ষই যি যৌতুকৰ কথা উল্লেখ কৰিছে সেয়া সম্পূৰ্ণ অসত্য । সঁচা কথাটো হৈছে যে অভ্যৰ্থনাৰ সময়ত ৰসগোল্লা কমি যোৱাৰ বাবে প্ৰশ্ন কৰাত কইনা পক্ষৰ মানুহেই পৰিস্থিতি উত্তপ্ত কৰে । লগতে মাৰপিট কৰিবলৈ আৰম্ভ কৰে । বিয়াৰ প্ৰায় সকলো ৰীতি-নীতি সম্পূৰ্ণ হৈছিল । মাত্ৰ মংগলসূত্ৰ বাকী আছিল । দৰা পক্ষ এতিয়াও এই ভাগি যোৱা বিয়াখন পুনৰ পাতিবলৈ ৰাজী, কিন্তু কইনা পক্ষ মান্তি হোৱা নাই ।

ইফালে ঘটনা সন্দৰ্ভত বোধগয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কয়, "ঘটনাটো ২৯ নৱেম্বৰৰ । আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত ঘটনাটোৰ তদন্ত কৰি আছে । কইনা পক্ষই যৌতুকৰ দাবী কৰা বুলি কৰা অভিযোগ সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰা হৈছে । আৰক্ষীয়ে সকলো বিষয়ৰ পৰীক্ষা কৰি তদন্ত কৰি আছে ।"

