ETV Bharat / bharat

মাৰ্গদৰ্শীৰ এমডি শৈলজা কিৰণলৈ অধ্যাপিকা জে ফিলিপ মহিলা নেতৃত্ব বঁটা

এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান মেনেজমেণ্ট স্কুলৰ (এআইএমএছ) ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত মাৰ্গদৰ্শীৰ এমডি শৈলজা কিৰণ ৷

Margadarsi MD Sailaja Kiron
মাৰ্গদৰ্শীৰ এমডি শৈলজা কিৰণলৈ অধ্যাপিকা জে ফিলিপ মহিলা নেতৃত্ব বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 8:46 PM IST

2 Min Read
Choose ETV Bharat

বেংগালুৰু : মাৰ্গদৰ্শীৰ চিট ফাণ্ড প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক শৈলজা কিৰণক প্ৰদান কৰে অধ্যাপিকা জে ফিলিপ মহিলা নেতৃত্ব বঁটা ৷ এক্সাইএমই বেংগালুৰুত অনুষ্ঠিত হোৱা এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান মেনেজমেণ্ট স্কুলৰ (এআইএমএছ) ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰে মাৰ্গদৰ্শীৰ চিট ফাণ্ড প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক শৈলজাক ৷

এই সন্মানক মাৰ্গদৰ্শীৰ চিট ফাণ্ড প্ৰাইভেট লিমিটেডৰ সহকৰ্মী, কৰ্মচাৰী আৰু পৰিয়ালৰ প্ৰতি উৎসৰ্গা কৰে আৰু প্ৰতিটো কৃতিত্ব সামূহিক প্ৰচেষ্টাৰ ফল বুলিও ভাষণ প্ৰসংত উল্লেখ কৰে শৈলজাই ।

Margadarsi MD Sailaja Kiron
মাৰ্গদৰ্শীৰ এমডি শৈলজা কিৰণে ভাষণ দি থকাৰ দৃশ্য (ETV Bharat Assam)

এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান মেনেজমেণ্ট স্কুলৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কিৰণে কয়,"এই বঁটাটো বিশেষভাৱে অৰ্থপূৰ্ণ কাৰণ ইয়াত অধ্যাপক জে ফিলিপৰ নাম আছে ৷ যিজন শিক্ষাবিদে বিশ্বাস কৰিছিল যে প্ৰতিষ্ঠানসমূহে দক্ষতা, চৰিত্ৰ সৈতে নেতৃত্ব বিকাশ কৰিব লাগে ।"

Margadarsi MD Sailaja Kiron
মঞ্চত মাৰ্গদৰ্শীৰ এমডি শৈলজা কিৰণে (ETV Bharat Assam)

তেওঁ লগতে কয়,"পৰিচালনা শিক্ষাই পৰম্পৰাগত শ্ৰেণীকোঠা আৰু পাঠ্যপুথিৰ বাহিৰলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়কৰণ, ডিজিটেল প্ৰযুক্তিৰ দ্বাৰা গঠিত দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীৰ বাবে প্ৰস্তুত কৰিব লাগিব । শিক্ষানুষ্ঠানসমূহে কেৱল নিজৰ অতীতৰ কৃতিত্বৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে আৰু বিকশিত বিশ্বৰ প্ৰয়োজনীয়তাৰ সৈতে অহৰহ খাপ খাব লাগিব । ডিজিটেল ৰূপান্তৰ আৰু প্ৰযুক্তি মঞ্চত বিনিয়োগ সেৱা উন্নত কৰাৰ বাবে অতি প্ৰয়োজনীয় ৷"

"প্ৰযুক্তিয়ে মানুহক শক্তিশালী কৰিব লাগিব, তেওঁলোকৰ ঠাইত নহয় । পৰিচালনা প্ৰতিষ্ঠানসমূহে প্ৰযুক্তিক একত্ৰিত কৰিব লাগিব আৰু লগতে সহানুভূতি, সততা আৰু দায়িত্বৰ দৰে মানৱীয় মূল্যবোধক শক্তিশালী কৰিব লাগিব ।"- মাৰ্গদাৰ্চিৰ এম ডি শৈলজা ৷

37th Foundation Day of the AIMS
এআইএমএছৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দৃশ্য (ETV Bharat Assam)

মাৰ্গদৰ্শীৰ এম ডিয়ে এই কথাও উল্লেখ কৰে যে দূৰদৰ্শী নেতৃত্ব কেৱল এটা পদত অধিষ্ঠিত হোৱাটোৱেই নহয় । ইয়াৰ বাবে সম্ভাৱনাক চিনাক্ত কৰাৰ সাহসৰ প্ৰয়োজন, প্ৰতিষ্ঠিত পদ্ধতিসমূহক প্ৰশ্ন কৰা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি গতিশীলভাৱে সঁহাৰি জনোৱাৰ প্ৰয়োজন । যুৱ উদ্ভাৱক ওমকাৰ সিং বাট্ৰা, ছেম সাংগী আৰু অদৱৈত ঠাকুৰৰ উদ্ধৃতি দি তেওঁ কয় যে উদ্যোগীকৰণৰ বাবে সাহস, স্থিতিস্থাপকতা আৰু সৃষ্টিশীলতাৰ প্ৰয়োজন ৷"

লগতে পঢ়ক:ৰামোজী এনিমেচন এক্সেলেঞ্চ এৱাৰ্ডছ ২০২৬ৰ প্ৰাপক উন্নিকৃষ্ণন ভি; এণ্টেংগল্ড ষ্টুডিঅ’ক বছৰৰ শ্ৰেষ্ঠ ইণ্ডি ষ্টুডিঅ' সন্মান