প্ৰায় ১০০০ ফুট দ’ খাৱৈত পৰিল স্ক’ৰপিঅ’ বাহন, ৮ গৰাকী লোকৰ মৃত্যুৰ আশংকা
মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত হ’ল এখন স্ক’ৰপিঅ’ বাহন ৷ বাহনখনত থকা আটাইকেইজন লোকৰে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ৷

Published : May 25, 2026 at 10:43 AM IST
ৰায়গড় (মহাৰাষ্ট্ৰ) : গাৰ নোম শিঁয়ৰি যোৱা এক পথ দুৰ্ঘটনা ৷ জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মহাবলেশ্বৰ-পোলাদপুৰ পথত দেওবাৰে মাজনিশা এখন গাড়ী দ’ খাৱৈত পৰি যায় ৷ ফলত ৮ গৰাকী লোকৰ মৃত্যু হয় ৷ এই কথা নিশ্চিত কৰিছে বিভাগীয় বিষয়াসকলে ৷
তথ্য মতে, উক্ত পথছোৱাৰ আম্বেনালি ঘাটৰ সমীপত তীব্ৰ বেগত আহি আছিল দুৰ্ঘটনাত পতিত স্ক’ৰপিঅ’ বাহন ৷ স্থানীয় লোকে অনুমান কৰা মতে, খাৱৈটো প্ৰায় ১০০০ ফুট দ’ । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে MH11DN2340 ৷ সোমবাৰে পুৱাৰ ভাগত চলোৱা অভিযানত (বাতৰি যুগুত কৰা পৰ্যন্ত) দুটা মৃতদেহ উদ্ধাৰ হৈছে ।
মহাৰাষ্ট্ৰৰ পোলাডপুৰ আৰক্ষী, স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে একেলগে এই অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে । খাৱৈটো বহু দ’ আৰু দেওবাৰে নিশা উক্ত অঞ্চলটোত উদ্ধাৰ অভিযানত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা দেখা যায়, যাৰ ফলত সোমবাৰে পুৱাৰ পৰাহে নিৰন্তৰভাৱে এই উদ্ধাৰ অভিযান চলোৱা হয় ৷

প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত গাড়ীখন সতৰা জিলাৰ কোৰেগাঁও তালুকাৰ আছগাঁও গাঁৱৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ডাপোলিৰ পৰা সতাৰালৈ গৈ থকা অৱস্থাতে গাড়ীখন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত স্ক’ৰপিঅ’ গাড়ীখন টুকুৰা-টুকুৰ হৈ পৰে । গাড়ীখনৰ অৱস্থা দেখি স্থানীয় ৰাইজে বাহনখনত থকা আটাইকেইজন লোকৰে মৃত্যু হৈছে আশংকা কৰা হৈছে ।
এই দুৰ্ঘটনাত মৃত্যু হোৱা লোক কেইজন হ’ল ক্ৰমে -
- মহেশ অনিল পাৱাৰ (২৫),
- আদিত্য অশোক চালুংখে (২১),
- ৰিতেশ ৰাজেন্দ্ৰ লোখান্দে (২৫),
- সুহাস জিতেন্দ্ৰ লোখাণ্ডে (২০),
- অংশ সমীৰ চাৱন (১৮),
- উত্তকৰ্শ আনন্দ শিঙে (২১),
- অনিল অভিমন্যু শিঙে (৩৫) আৰু
- নীতিন কিষাণ নাইকোণ্ডে (৩৫) ।
| লগতে পঢ়ক : লাডাখত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ |

