ETV Bharat / bharat

মাদুৰাইত চৰকাৰী আৰু ব্যক্তিগত বাছৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত ৬, আহত ৪১

তামিলনাডুত ব্যক্তিগত শ্লিপাৰ বাছ আৰু চৰকাৰী বাছৰ সংঘৰ্ষত ৬ জনৰ মৃত্যু হোৱাৰ লগতে ৪১ আহত হৈছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ৷

Many persons killed and injured in Madurai road accident
মাদুৰাইত চৰকাৰী আৰু ব্যক্তিগত বাছৰ মাজত মুখামুখি সংঘৰ্ষ (ETV Bharat Tamil Nadu)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 1:09 PM IST

2 Min Read
Choose ETV Bharat

মাদুৰাই : তামিলনাডুৰ মাদুৰাইৰ কোট্টমপট্টিৰ সমীপত সোমবাৰে এখন ব্যক্তিগত অম্নিবাছ আৰু তামিলনাডু চৰকাৰী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত এগৰাকী মহিলাসহ ৬ জন লোক নিহত হোৱাৰ লগতে ৪১ জন লোক আহত হয় । কেএমআৰ ট্ৰেন্সৰ মালিকানাধীন ব্যক্তিগত অম্নিবাছখন সোমবাৰে পুৱা মাদুৰাই জিলাৰ কোট্টমপট্টিৰ সমীপৰ ভাঞ্চিনগৰম চাৰিলেন পথত চেন্নাইৰ পৰা মাৰ্থাণ্ডামলৈ গৈ আছিল । দুৰ্ঘটনাগ্ৰস্ত বাহনখন শ্লিপাৰ বাছ (Sleeper bus) আছিল ৷

হঠাতে চালকে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এটা ৰোডব্লক পাৰ হৈ মূল পথৰ পৰা আঁতৰি পৰি যায় । ইয়াৰ পাছতে শ্লিপাৰ বাছখনে তিৰুচিৰাপল্লী অভিমুখী এখন চৰকাৰী বাছক খুন্দা মাৰে ৷ যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । হাইৱেৰ পেট্ৰ’ল আৰক্ষীয়ে নিশ্চিত কৰাস মতে, এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৫ জন পুৰুষ আৰু এগৰাকী মহিলাসহ মুঠ ৬ জন লোক ।

Many persons killed and injured in Madurai road accident
মাদুৰাইত চৰকাৰী আৰু ব্যক্তিগত বাছৰ মাজত মুখামুখি সংঘৰ্ষ (ETV Bharat Tamil Nadu)

এই দুৰ্ঘটনাত প্ৰায় ৪১ জন লোক আহত হৈছে ৷ আহত আটাইকে মেলুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে একাংশ গুৰুতৰভাৱে আহত হোৱা যাত্ৰীক উন্নত চিকিৎসাৰ বাবে চৰকাৰী ৰাজাজী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উপ-আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰ আৰু আৰক্ষী অধীক্ষক দেৱনাথনে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে মৃত লোকজনৰ বিষয়েও তথ্য সংগ্ৰহ কৰি আছে ।

কোট্টমপট্টি আৰক্ষী থানাৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত চৰকাৰী বাছত যাত্ৰা কৰা তিনিজন, অম্নিবাছত দুজন আৰু বাছ ষ্টপত শুই থকা এজন লোকৰ মৃত্যু হয় । নিহত কেইজন হৈছে ছিৰিয়াপুস্পম, আনন্দৰজ, সূৰ্য, মহম্মদ ইয়াচিন আৰু আব্ৰাহাম ।

ইফালে মাদুৰাই জিলা উপায়ুক্ত নিশান্ত কৃষ্ণই মেলুৰ চৰকাৰী চিকিৎসালয়ত উপস্থিত হৈ আহত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকক প্ৰদান কৰা চিকিৎসা সম্পৰ্কেও সোধা-পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ছিমলাৰ ৰাজপথত প্ৰৱেশ কৰিয়েই ব্ৰিটিছ পৰ্যটকে ভৰিলে জৰিমনা