ETV Bharat / bharat

ভান-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১০, আহত ৪

মেজিক ভানখনত আঠজন পুৰুষ আৰু দুগৰাকী মহিলাকে ধৰি প্ৰায় ১০জন লোক আছিল । ভানখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে ।

ROAD ACCIDENT IN UP
ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১০, আহত ৪ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 3:29 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ খেৰী (উত্তৰ প্ৰদেশ) : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সোমবাৰে পুৱা এখন তীব্ৰবেগী ভান আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১০ জন লোক থিতাতে নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয় ৷ আহত লোকসকল সম্প্ৰতি সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ ছিছাইয়া-লখিমপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উঞ্চ গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

ধৌৰাহৰ আৰক্ষী আয়ুক্ত চমছেৰ বাহাদুৰ সিঙে জনোৱা মতে, মেজিক ভানখনত আঠজন পুৰুষ আৰু দুগৰাকী মহিলাকে ধৰি প্ৰায় ১০জন লোক আছিল । কৰ্মসূত্ৰে লখিমপুৰ খেৰীলৈ গৈ আছিল আটাইকেইজন । মেজিক ভানখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক অৱগত কৰাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । ইফালে আৰক্ষীৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে আৰু মৃত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে সমান্তৰালভাৱে আহতসকলক সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় । আৰক্ষী আৰু জিলা প্ৰশাসনে জাৰি কৰা এক বিবৃতিত ১০ জন লোকৰ মৃত্যু হোৱাৰ কথা জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিষয়াসকলক ফোন কৰি আহতসকলৰ উপযুক্ত চিকিৎসা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

সামাজিক মাধ্যম এক্সত তেওঁ কয়, "লখিমপুৰ খেৰী জিলাৰ দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত প্ৰাণহানিৰ খবৰ অত্যন্ত দুখজনক আৰু হৃদয় বিদাৰক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহত আৰু ভুক্তভোগীক শীঘ্ৰে আৰু উপযুক্ত সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছো । ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিদেহ আত্মাক তেওঁৰ পবিত্ৰ চৰণত স্থান প্ৰদান কৰক আৰু আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰক ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে আৰু নিহত লোকৰ পৰিয়ালৰ নিকটাত্মীয়ক ২ লাখ টকাৰ আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয়, "উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছো । আপোনজনক হেৰুওৱাসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহত লোকক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য দিয়া হ’ব ৷"

লগতে পঢ়ক : বাছ-পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ, কেইবাজনো আহত

ইন’ভা আৰু মটৰচাইকেলৰ সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে এজনে

পথৰ কাষত চাঙত বহি থাকোতেই মহতিয়ালে তীব্ৰবেগী বাহনে, এজন নিহত