পথৰ কাষৰ খাৱৈত বাগৰিল পিকআপ ভান, ৮ গৰাকী যাত্ৰীৰ মৃত্যু
এখন যাত্ৰীভৰ্তি পিকআপ ভান পথৰ কাষৰ এটা খালত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

Published : June 14, 2026 at 8:30 PM IST
|Updated : June 14, 2026 at 8:59 PM IST
মহাৰাষ্ট্ৰ: এক শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ ল’লে ৮ গৰাকীকৈ লোকৰ ৷ এখন যাত্ৰীভৰ্তি পিকআপ ভান পথৰ কাষৰ এটা খালত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷
প্ৰাথমিক তথ্য অনুসৰি, মন্দিৰ দৰ্শন কৰিবলৈ যোৱা সাগৰ চৌগুলে নামৰ ব্যক্তিজনৰ পৰিয়ালৰ সদস্য আছিল নিহত যাত্ৰীসকল । আটাইকেইজনেই পান্ধৰপুৰ তালুকাৰ ৰঞ্জনী গাঁৱৰ বাসিন্দা । মাহৱাদৰ এটা মন্দিৰ পৰিদৰ্শন কৰি উভতি অহাৰ সময়তে তাণ্ডুলৱাড়ীৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ।
সূত্ৰৰ খবৰ অনুসৰি, পাঁচৰ পৰা ছটা শিশুও আছে মৃত্যু হোৱা যাত্ৰীসকলৰ মাজত । সূত্ৰসমূহে জনোৱা মতে, ভেনখন যি খালত পৰিছিল, তাত সুৰক্ষামূলক বেৰাৰ অভাৱ আছিল । দুৰ্ঘটনাৰ পিছতে এন চি পি (শাৰদ পাৱাৰ গোট)ৰ বিধায়ক ৰোহিত পাৱাৰে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি এই কাণ্ডক গভীৰ যন্ত্ৰণাদায়ক, দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ।
म्हसवड-पंढरपूर मार्गावर (ता. माळशिरस, जि. सोलापूर) पिकअप गाडी विहिरीत कोसळून ९ जणांचा मृत्यू झाल्याचं वृत्त अत्यंत वेदनादायी, दुदैवी आणि मन सुन्न करणारं आहे. यातील मृतांना भावपूर्ण श्रद्धांजली आणि जखमी लवकर बरे व्हावेत, ही प्रार्थना! मृतांच्या कुटुंबियांवर कोसळलेल्या दुःखात आम्ही…
— Rohit Pawar (@RRPSpeaks) June 14, 2026
‘‘মৃতকৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি ! নিহতসকলৰ পৰিয়ালে যি দুখ পাইছে তাত আমি সকলোৱে সমভাগী । এই দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ সমান্তৰালভাৱে চৰকাৰী বিভাগে উদ্ধাৰ অভিযানত তৎক্ষণাত সহায় কৰিব লাগিব ।" তেওঁ পোষ্টটোত লিখে ৷
সোলাপুৰৰ অভিভাৱক মন্ত্ৰী জয়কুমাৰ গৌড়ে পান্ধৰপুৰৰ পৰা এই ঘটনা সন্দৰ্ভত কয়, ‘‘ভক্তৰ মৃত্যু এক গভীৰ দুৰ্ভাগ্যজনক পৰিঘটনা । মই আৰক্ষীৰ পৰা তথ্য সংগ্ৰহ কৰিছো । আমি খালটোৰ সুৰক্ষামূলক দেৱাল আছিল নে নাই সেইটো পৰীক্ষা কৰি দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম ।"
মহকুমা চিকিৎসালয়ৰ চিকিৎসা অধীক্ষে প্ৰদান কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত পিকআপখনত ১৬ গৰাকী যাত্ৰী আছিল । প্ৰথমে ৮ জনৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ পাইছিল যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷
লগতে পঢ়ক: ওমান উপকূলত অঘটন, চিকিৎসাৰ অভাৱৰ বাবে অসুস্থ ভাৰতীয় নাৱিকৰ মৃত্যু

