ETV Bharat / bharat

জন্মদিন উদযাপন কৰি ওভতোতেই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৭ জনৰ

অন্ধ্ৰ প্ৰদেশত বাছ-অটোৰিক্সাৰ সংঘৰ্ষ । দুৰ্ঘটনাত ৭ জন নিহত হোৱাৰ বিপৰীতে আন ৮ জন গুৰুতৰভাৱে আহত হয় ।

PASSENGER BUS ACCIDENT
বাছ আৰু অটোৰিক্সাৰ সংঘৰ্ষত নিহত ৭, আহত ৮ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 9:39 AM IST

2 Min Read
Choose ETV Bharat

পালনাডু (অন্ধ্ৰ প্ৰদেশ) : অন্ধ্ৰ প্ৰদেশৰ পালনাডু জিলাৰ চিলাকলুৰিপেট ছেক্সনৰ সমীপত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৮ জন লোক গুৰুতৰভাৱে আহত হয় । অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াৰ পৰা তিৰুপতি অভিমুখী এখন ব্যক্তিগত ট্ৰেভেলাৰ বাছ এখন অটোৰিক্সাৰ সৈতে দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাটোত অটোৰিক্সাত থকা ১৫ জন লোকৰ ভিতৰত ৭ জন নিহত হোৱাৰ বিপৰীতে আন ৮ জন গুৰুতৰভাৱে আহত হয় । আহতসকলৰ ভিতৰত চাৰিটি শিশুও আছে । নিহত দুজন চিলাকলুৰিপেট মণ্ডলৰ ভেলুৰু গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

বাপটলা জিলাৰ কণ্ডামঞ্জুলুৰুত জন্মদিন উদযাপন কৰি উভতি আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় লোকে জনোৱা মতে, অটো চালকজনে অত্যধিক সুৰাপান কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

আহতসকলক চিকিৎসাৰ বাবে গুণ্টুৰ জি জি এইচত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনা ৪ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুণ্টুৰ জি জি এইচত দুজন আৰু চিলাকালুৰিপেট চৰকাৰী চিকিৎসালয়ত এজনৰ মৃত্যু হয় ।

নিহত কেইজনক বন্তা বাবু (৬২), বন্তা মানেম্মা (৫৫), সম্পুৰ্ণম্মা (৭০), লক্ষ্মম্মা (৭৫), গংগাম্মা (৫০), চৌতুপল্লী সুৱৰ্থ (৪৫), আৰু মৰিয়াম্মা (৪৫) বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : পথৰ পৰা দ খাৱৈত বাগৰিল বাহন, থিতাতে নিহত ৬ জন

যাত্ৰীবাহী বাছ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত ৬ জনৰ মৃত্যু, ২০ জন আহত

ইনোভা বাহনত নিয়ন্ত্ৰণহীন ছুইফ্টৰ প্ৰচণ্ড খুন্দা, দুজন বিধায়কসহ আহত ৬