মুম্বাইত বাছে মহটিয়াই নিলে পথচাৰীক, মৃত্য়ু 4,আহত 9
মুম্বাইৰ উপনগৰ ভাণ্ডুপৰ ব্যস্ত ষ্টেচন ৰোডত নিশা ভয়াৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাছে হেৰুৱালে নিয়ন্ত্ৰণ ।

Published : December 30, 2025 at 7:30 AM IST
|Updated : December 30, 2025 at 9:08 AM IST
মুম্বাই(মহাৰাষ্ট্ৰ) : মুম্বাইৰ উপনগৰ ভাণ্ডুপৰ ব্যস্ত ষ্টেচন ৰোডত সোমবাৰে নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ উপৰি আন ৯ জন লোক আহত হয় ।
মুম্বাইৰ চিভিক পৰিচালিত পৰিবহণ সংস্থা বৃহনমুম্বাই ইলেক্ট্ৰিক ছাপ্লাই এণ্ড ট্ৰেন্সপ’ৰ্ট (Brihanmumbai Electric Supply and Transport চমুকৈ BEST)ৰ এখন বাছে পথচাৰীক খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । এগৰাকী আৰক্ষী বিষয়াই এই ঘটনাটোৰ বিষয়ে সদৰী কৰিছে ।
এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি বিষয়াগৰাকীয়ে কয় । উল্লেখ্য় যে বৃহনমুম্বাই ইলেক্ট্ৰিক চাপ্লাই এণ্ড ট্ৰেন্সপ’ৰ্টৰ অধীনত চলি থকা বাছ সেৱাই চহৰখনৰ লগতে ইয়াৰ চুবুৰীয়া চহৰ অঞ্চলসমূহো সামৰি লৈছে ।
বিষয়াগৰাকীয়ে কয়, "মুম্বাইৰ ভাণ্ডুপ এলেকাত গাড়ীখন উভতি অহাৰ সময়তে BEST বাছে খুন্দিওৱাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯জন আহত হয় ।"
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, BEST বাছখন নিয়ন্ত্ৰণহীণ হৈ পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা লোকক খুন্দা মৰাৰ ফলতে এই ঘটনাটো সংঘটিত হয় । আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে উল্লেখ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি বাছখন ৰৈ যোৱাৰ পূৰ্বে ১০ৰ পৰা ১২জন পথচাৰীক মহতিয়াই নিছিল ।
জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বাছখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আহত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত আহত আন কেইবাজনো লোকৰ শাৰীৰিক অৱস্থাৰ বিষয়ে মহানগৰীৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা দলে নিৰীক্ষণ কৰি আছে ।
ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাছখনে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পূৰ্বে তীব্ৰ গতিত গৈ থাকোতেই পথৰ পৰা আঁতৰি যোৱাত কাষেৰে খোজকাঢ়ি যোৱা পথচাৰীসকলক খুন্দা মাৰে । ইতিমধ্য়ে আৰক্ষীয়ে যান্ত্ৰিক বিজুতি নে অন্যান্য কাৰকৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে ।

