ETV Bharat / bharat

৮০০ ফুট দ গাঁতত পৰি ৯ জনে সাৱটিলে মৃত্যুক, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

বাহনৰ নিয়ন্ত্ৰণ হেৰুওৱাটোৱে হ’ল কাল ৷ ফুৰিবলৈ আহি মৃত্যুক সাৱটিলে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ এটা দলে ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 11:34 PM IST

2 Min Read
Choose ETV Bharat

পোল্লাচী(তামিলনাডু): এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত ৷ প্ৰায় ৮০০ ফুট দ গাঁতত পৰি প্ৰাণ হেৰুৱালে কেৰালাৰ ৯ জনকৈ লোকে ৷ এই দুৰ্ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কইম্বাটোৰ জিলাৰ পোল্লাচীত ৷

প্ৰাপ্ত তথ্য অনুসৰি, কেৰালাৰ মালাপ্পুৰম জিলাৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাজনকো কঢ়িয়াই নি আছিল এখন চাৰিচকীয়া বাহনে ৷ কিন্তু পথৰ মাজত থকা এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন বাগৰি পৰে আৰু ৯ জনকৈ লোক মৃত্যুমুখত পৰে ৷ নিহতসকলৰ ভিতৰত আছে ৮ গৰাকী শিক্ষক ৷

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ৷ আৰক্ষীয়ে জনোৱা মতে, আথিৰাপ্লিৰ পৰা পোল্লাচীলৈ গৈ থকা বাহনখনে ভালপাৰাই নামৰ ঠাইটুকুৰাৰ সমীপতে থকা এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে । কেৰালাৰ মালাপ্পুৰম জিলাৰ পাং পল্লীপাৰম্বা স্কুলৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলক কঢ়িয়াই আনি থকা বাহনখনত তেওঁলোকৰ পৰিয়ালৰ আন সদস্যও আছিল ।

নিহত লোকসকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ তেওঁলোক হৈছে ক্ৰমে - পুলামন্থোলৰ বাসিন্দা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অজিতা(৫৪), ৰামলা(৫২), চুহাৰা(৪৩), আশা(৪১), মজিদ(৪৩), সজিতা (৪৫), শকীলা(৩৭) আৰু ৰুখিয়া(৩৯) ৷ আটাইকেইজনে পেছাত শিক্ষক-শিক্ষয়িত্ৰী ৷ ইয়াৰ বাহিৰেও বাহনখনৰ চালক ৩৯ বছৰীয়া নৌছাদেও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৷

বাহনখনত ১৬ গৰাকী যাত্ৰী থকা বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷ দলটোৱে ভালপাৰাই ভ্ৰমণ কৰিবলৈ আহিছিল আৰু ভ্ৰমণৰ অন্তত শুকুৰবাৰে সন্ধিয়া পল্লাচী হৈ কেৰালালৈ উভতি আহি থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় ৷

দুৰ্ঘটনাটো সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয়, ‘‘ভালপাৰাই হিল ৰোডৰ ১৩ নং কণ্ডাই আয়ু বেণ্ডত চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই গাৰ্ডৰেলত খুন্দা মাৰে আৰু পথৰ সমীপতে থকা ৮০০ ফুট দ গাঁতত পৰি যায় ।’’

আনহাতে, দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক চিকিৎসাৰ বাবে পোল্লাচী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰে ভালপাৰাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে । দুৰ্ঘটনাটোত বাহনখন ছিন্ন-ভিন্ন হৈ পৰে ।

প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘তামিলনাডুৰ কইম্বাটোৰত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি মই গভীৰভাৱে দুখিতঃ ৷ এই দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱাসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছো । আহতসকল সোনকালে সুস্থ হৈ উঠক, তাৰে মই প্ৰাৰ্থনা কৰিছো ৷’’

লগতে পঢ়ক: চাহৰ নিলাম : অধিসূচনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান অসম-বংগৰ চাহ উৎপাদকৰ