ETV Bharat / bharat

ট্ৰাক আৰু টুফান যাত্ৰীবাহী বাহনৰ সংঘৰ্ষত নিহত ৬, আহত ৩

দুৰ্ঘটনটো ইমানেই ভয়াৱহ আছিল যে টুফান বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷ নিহত আটাইকেইজনে ছুইগিৰ (Swiggy) পাৰ্ট টাইম ডেলিভাৰী বয় হিচাপে কাম কৰিছিল ৷

Road Accident
ট্ৰাক আৰু টুফান যাত্ৰীবাহী বাহনৰ সংঘৰ্ষত নিহত ৬ জন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 12:31 PM IST

2 Min Read
Choose ETV Bharat

উত্তৰ কানাড়া (কৰ্ণাটক) : কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ য়েল্লাপুৰ তালুকৰ আৰবৈল ঘাটৰ বলগাৰ সমীপত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন ট্ৰাক আৰু টুফান যাত্ৰীবাহী বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰায় ৬ জন লোক থিতাতে নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয় ৷ নিহত আটাইকেইজনেই ধৰৱাডৰ বাসিন্দা আৰু হুবলি-ধাৰৱাডৰ ছুইগিৰ (Swiggy) পাৰ্ট টাইম ডেলিভাৰী বয় হিচাপে কাম কৰিছিল ৷

নিশা ধৰৱাডৰ পৰা ধৰ্মস্থল আৰু মঙলদূৰলৈ গৈ থকা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ আৰবাইল ঘাটত বাহনখন বালগাৰৰ কাষ চাপি অহাৰ লগে লগে টুফান বাহন আৰু KA22 AA-1008 নম্বৰৰ লৰীখনৰ মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ১৯এএ ৫৯২০ নম্বৰৰ টুফান বাহনখনত চালকসহ মুঠ ৯ জন লোক আছিল ৷

এই দুৰ্ঘটনাত টুফান বাহনখনৰ চালকসহ প্ৰায় ৬ জন আৰোহীৰ মৃত্যু হয় ৷ দুৰ্ঘটনটো ইমানেই ভয়াৱহ আছিল যে টুফান বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৩ জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ তেওঁলোকক সম্প্ৰতি চিকিৎসালয়ত জৰুৰী চিকিৎসা প্ৰদান কৰা হৈছে ৷

আনহাতে দুৰ্ঘটনাটো সংঘটোত হোৱাৰ পাছতেই ঘটনাস্থলীত য়েল্লাপুৰ আৰক্ষী থানাৰ লোক উপস্থিত হয় ৷ আৰক্ষীয়ে আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত য়েল্লাপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : অৰুণাচলৰ তেজুত ভূমিস্খলন, দুজন শ্ৰমিকৰ মৃত্যু, পাঁচজনক উদ্ধাৰ