ETV Bharat / bharat

মণিপুৰত পুনৰ হিংসা: কাংপকপিৰ তিনিখন নগা গাঁৱত গুলীচালনা, ইম্ফলত উদ্ধাৰ অস্ত্ৰ

পুৱা প্ৰায় ৪ বজাত টাপন খুল্লেন, টাপন খুনৌ আৰু মাকুই পিপোৰাম নগা গাঁৱত গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

Manipur violence
ইম্ফলত উদ্ধাৰ অস্ত্ৰ (X @manipur_police)
author img

By ETV Bharat Assamese Team

Published : September 1, 2026 at 8:29 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: ছেপ্টেম্বৰৰ আৰম্ভণিতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে । মঙলবাৰে পুৱতি নিশা কাংপকপি জিলাৰ আই টি পথৰ কাষৰ তিনিখন নগা গাঁৱত সশস্ত্ৰ দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । লগতে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে কমেও ৩০ টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৪ বজাত টাপন খুল্লেন, টাপন খুনৌ আৰু মাকুই পিপোৰাম নগা গাঁৱত গুলীচালনাৰ ঘটনা সংঘটিত হয় । পুৱতি নিশাৰ এই ঘটনাই অঞ্চলটোত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰে । ইয়াৰ পূৰ্বে সোমবাৰে কাংপকপি জিলাৰ এন টেইখাং কুকি গাঁৱত সশস্ত্ৰ দুৰ্বৃত্তৰ আক্ৰমণত কমেও তিনিজন লোক নিহত হৈছিল । নিহতসকলৰ ভিতৰত আছিল দুগৰাকী মহিলা ।

ইফালে, আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি মণিপুৰৰ পূব ইম্ফল জিলাত মঙলবাৰে নিৰাপত্তা বাহিনীয়ে চলোৱা এক তালাচী অভিযানত ছটা আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰে ৷ খাবেইছোইস্থিত বিশেষ কমাণ্ডো বাহিনী আৰু ৩৩ আছাম ৰাইফলছৰ এটা দলে লামলাই থানাৰ অন্তৰ্গত নংৰেন আওৱাং লেইকাই ছিংমেই অঞ্চলত যৌথভাৱে ঘেৰাও আৰু তালাচী অভিযান চলায় ।

এই অভিযানত এটা লাথোড বন্দুক, দুটা পিষ্টল, এটা একনলীয়া বন্দুক আৰু দুটা আধুনিকৃত একনলীয়া বন্দুক উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা অস্ত্ৰসমূহ নিৰাপত্তা বাহিনীয়ে জব্দ কৰি অধিক তদন্তৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক হস্তান্তৰ কৰিছে ।

ইফালে, কাংপকপিত নতুনকৈ গুলীচালনাৰ ঘটনা আৰু পূব ইম্ফলত অস্ত্ৰ উদ্ধাৰৰ ঘটনাই মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অবৈধ অস্ত্ৰৰ উপস্থিতি আৰু পুনৰ হিংসা বিয়পি পৰাৰ আশংকা বৃদ্ধি কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ নিৰাপত্তা বাহিনীয়ে বিভিন্ন অঞ্চলত অভিযান অব্যাহত ৰাখিছে ।

তথ্য অনুসৰি যোৱা ১৩ মে’ৰ পৰা অঞ্চলটোত সংঘটিত পৃথক পৃথক কাণ্ডত কুকি-জো আৰু নগা জনগোষ্ঠীৰ কমেও ১৭ জন লোকৰ মৃত্যু হৈছে । ২৭ আগষ্টত সংঘটিত এম্বুশ্বত চাৰিজন নগা ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে ৩১ আগষ্টত টেইখাং কুকি গাঁৱত সংঘটিত আক্ৰমণত কাংপকপি আৰু তামেংলং জিলাৰ কাষৰীয়া অঞ্চলৰ তিনিজন কুকি লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক: এন আৰ চি অবিহনে লোকপিয়ল নচলিব: মণিপুৰত ক্ৰমাৎ বাঢ়িছে প্ৰতিবাদৰ জুইৰ উত্তাপ