ETV Bharat / bharat

সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত মণিপুৰত ৪ নিৰীহৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ তীব্ৰ নিন্দা

ঘটনাত কুকি উগ্ৰপন্থী জড়িত থকাৰ দাবী ইউএনচিৰ । ২৮ আগষ্টত নগা অধ্যুষিত অঞ্চল বন্ধৰ ঘোষণা । ঘটনাক নিন্দা কৰি মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক ।

Kangpokpi IT road killings
সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত মণিপুৰত ৪ নগাৰ মৃত্যু,মুখ্যমন্ত্ৰীৰ তীব্ৰ নিন্দা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 9:40 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : হিংসা জৰ্জৰিত মণিপুৰত পুনৰ অস্থিৰতা । এইবাৰ স্থান কাংপোকপি । জিলাখনৰ ইম্ফল-তামেংলং (আইটি) পথত বৃহস্পতিবাৰে পুৱা এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় । য'ত ৪ গৰাকী লিয়াংমাই নগা লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈছে ।

ইউনাইটেড নাগা কাউন্সিলৰ তীব্ৰ নিন্দা

ইউনাইটেড নাগা কাউন্সিলে এক বিবৃতিযোগে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে । কাউন্সিলৰ মতে পুৱা প্ৰায় ৮.৩০ বজাত মাকুই আছাং আৰু মাকুই থানাম্বা গাঁৱৰ মাজত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় । এই অঞ্চলটোৰ আইটি ৰোড নগা জনগোষ্ঠীৰ বাবে এক গুৰুত্বপূৰ্ণ যাতায়াতৰ পথ হিচাপে পৰিচিত ।

UNC on Kangpokpi IT road killings
আইটি ৰোড ঘটনাক লৈ ইউনাইটেড নাগা কাউন্সিলৰ বিবৃতি (ETV Bharat)

বৃহস্পতিবাৰে বিয়লি প্ৰকাশ কৰা এক বিবৃতিত কাউন্সিলে অভিযোগ কৰে যে ছাচপেনচন অৱ অপাৰেচন (SoO) ব্যৱস্থাৰ অধীনত কাম কৰি থকা কুকি সশস্ত্ৰ উগ্ৰপন্থীয়ে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে । অৱশ্যে এই অভিযোগ কিমান সঁচা সেয়া এতিয়াও নিশ্চিত নহয় ।

কাউন্সিলে নিহতসকলক ক্ৰমে চোৱাংকিংনিং গাঁৱৰ সভাপতি তথা লিয়াংমাই নাগা কাউন্সিলৰ প্ৰাক্তন উপ-সভাপতি উইছবৌ চাৰেনামাই, ৰাইট পাথ স্কুল, টি. খুল্লেনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ টাডছংবৌ ৰিংকাংমাই, মাকুই যুৱ ক্লাবৰ কাৰ্যবাহী সদস্য মৰিয়াকদিবৌ উইজুনামাই আৰু একেটা সংগঠনৰে আন এগৰাকী কাৰ্যবাহী সদস্য অনিল উইজুনমাই বুলি চিনাক্ত কৰিছে । ইফালে আক্ৰমণত গাইকামাং ৰিংকাংমাই নামৰ এজন আহত হয় । এই আক্ৰমণৰ পৰা থংলাং আকুটপাৰ ছাত্ৰ নেতা জাপৌ এম কে কথমপি ৰক্ষা পৰে বুলি কাউন্সিলে জনাইছে ।

UNC on Kangpokpi IT road killings
আইটি ৰোড ঘটনাক লৈ ইউনাইটেড নাগা কাউন্সিলৰ বিবৃতি (ETV Bharat)

এই হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰি কাউন্সিলে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে । সংগঠনটোৱে ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ আৰু বিস্তৃত তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠনৰ দাবী জনাইছে ।

অঞ্চলটোত নগা লোকসকলক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসন ব্যৰ্থ হোৱা বুলিও কাউন্সিলে অভিযোগ কৰিছে । লগতে এই ঘটনাই মণিপুৰৰ শান্তি প্ৰক্ৰিয়া আৰু চলি থকা ইণ্ডো-নাগা শান্তি প্ৰচেষ্টাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

ইফালে ঘটনাটোৰ পিছতে বিয়লি ইম্ফলৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয় । আইটি ৰোডৰ সমীপত সংঘটিত হত্যাকাণ্ডক লৈ বিতং আলোচনা কৰা হয় । মুখ্যমন্ত্ৰীয়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে । লগতে এই ঘটনাৰে জড়িত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিৰ্দেশ দিছে । তদুপৰি এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । কোনো লোক যদি অবৈধ অস্ত্ৰ-শস্ত্ৰৰ সৈতে ধৰা পৰে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত লোৱা হয় । এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যখনৰ গৃহ মন্ত্ৰী, মুখ্য সচিব, নিৰাপত্তা উপদেষ্টাকে ধৰি গৃহ বিভাগ, আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

এন বীৰেণ সিঙৰ উদ্বেগ প্ৰকাশ

ইফালে আইটি ৰোডৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোক তীব্ৰ নিন্দা কৰাৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

তেওঁ লিখিছে, "শান্তিৰ বিৰোধিতা কৰা শক্তিসমূহ এতিয়াও অস্ত্ৰ-শস্ত্ৰ লৈ মুকলিকৈ ঘূৰি ফুৰিছে আৰু অধিক সাহসী হৈ উঠিছে । কেৱল নিন্দা আৰু আশ্বাসে এতিয়া পৰিস্থিতি সলনি কৰিব নোৱাৰে ।"

২৮ আগষ্টত নগা অধ্যুষিত অঞ্চলত বন্ধৰ আহ্বান

এই ঘটনাৰ পিছতে ইউনাইটেড নাগা কাউন্সিলে ২৮ আগষ্টত নগা অধ্যুষিত এলেকা আৰু জিলা সদৰসমূহত এদিনীয়া বন্ধ ঘোষণা কৰিছে । পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই বন্ধ পালন কৰা হ'ব বুলি সংগঠনটোৱে জনাইছে । অৱশ্যে জৰুৰীকালীন সেৱা আৰু ব'ৰ্ড বা অন্যান্য পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি সংগঠনটোৱে বিবৃতিত জনাইছে ।

লগতে পঢ়ক :

অসম-উত্তৰ পূৰ্বাঞ্চলে চুবুৰীয়া দেশৰ ইছলামিক সন্ত্ৰাসবাদৰ ভাবুকিৰ সন্মুখীন হৈছে : হিমন্ত বিশ্ব শৰ্মা