ETV Bharat / bharat

মণিপুৰৰ ৰাজকুমাৰ: ৰাজপ্ৰাসাদ এৰি জৰাজীৰ্ণ ঘৰত থকা এজন ৰাজপুত্ৰৰ অকথিত কাহিনী

মণিপুৰৰ অন্তিমগৰাকী ৰজাৰ পুত্ৰই মধ্যপ্ৰদেশৰ গোৱালিয়ৰত জীৱন কটাইছে । ৰাজকুমাৰে নিজৰ পৰিচয় কিয় লুকুৱাই ৰাখিছিল ? ইটিভি ভাৰতৰ সাংবাদিক পীয়ুষ শ্ৰীবাস্তৱৰ এক প্ৰতিবেদন ।

Manipur prince in Gwalior
গোৱালিয়ৰত বেনামী জীৱন কটাইছে মণিপুৰৰ ৰাজকুমাৰে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 4:34 PM IST

|

Updated : August 29, 2026 at 5:26 PM IST

10 Min Read
Choose ETV Bharat

গোৱালিয়ৰ (মধ্যপ্ৰদেশ) : মধ্যপ্ৰদেশৰ গোৱালিয়ৰ হৈছে এনে এখন চহৰ য'ত এসময়ত একাধিক ৰজা-মহাৰজা, সম্ৰাটৰ দপদপনি আছিল । ৰজাৰ শাসন শেষ হ'ল কিন্তু আজিও এই চহৰত ৰাজ পৰিয়ালৰ সন্মান আছে ।

কিন্তু কম সংখ্যক লোকেহে জানে যে সিন্ধিয়া ৰাজপৰিয়ালৰ সমান্তৰালভাৱে গোৱালিয়ৰত এজন অখ্যাত ৰাজকুমাৰো বাস কৰে । ৰাজবংশৰ হোৱা সত্ত্বেও কেতিয়াও মুকলিকৈ নিজৰ পৰিচয় প্ৰকাশ কৰা নাছিল । তেওঁ হৈছে মণিপুৰৰ ৰাজকুমাৰ হোজাইগাম্বা সিং । যিয়ে গোৱালিয়ৰত থাকি সমগ্ৰ জীৱন শিল্প-কলাৰ প্ৰতি উৎসৰ্গা কৰিছে ।

গোৱালিয়ৰত বেনামী জীৱন কটাইছে মণিপুৰৰ ৰাজকুমাৰে (ETV Bharat)

শৈশৱৰ পৰা গোৱালিয়ৰতে আছে ৰাজকুমাৰ

ৰাজকীয় প্ৰতিপত্তি নাই, নাই ৰাজকীয় পোচাকো, ৰাজপ্ৰাসাদৰ সলনি তেওঁ এটা পুৰণি, জৰাজীৰ্ণ অট্টালিকাৰ ভিতৰত থকা মাত্ৰ দুটা কোঠাত থাকে । মানুহে তেওঁক মৰমেৰে 'হোজাই দা' বুলি মাতে, কিয়নো বেছিভাগেই অজ্ঞাত যে তেওঁ আচলতে মণিপুৰৰ ৰাজকুমাৰ ।

তেওঁ মণিপুৰৰ ৰজা তথা অন্তিমগৰাকী শাসক বোধচন্দ্ৰ সিঙৰ পুত্ৰ । ৬ দশকৰো অধিক সময় গোৱালিয়ৰৰ শিল্পী সমাজৰ অট্টালিকাত বাস কৰা হোজাইগাম্বা সিঙে এতিয়া ৰাজপৰিয়ালৰ পৰা বহু দূৰৈত পত্নী আৰু পুত্ৰৰ সৈতে সময় কটাবলগীয়া হৈছে । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ বছৰ বছৰ ধৰি অজ্ঞাত ৰখা পৰিচয়ৰ আভাস অৱশেষত বিশ্বৰ আগত প্ৰকাশ কৰিলে ।

Manipur prince in Gwalior
মাতৃৰ ফটো হাতত লৈ ৰাজকুমাৰ হোজাইগাম্বা (ETV Bharat)

গোটেই জীৱন দুটা কোঠাৰ এটা ঘৰতে কটালে

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰৰ লগে লগে মণিপুৰৰ এই অজ্ঞাত ৰাজকুমাৰৰ জীৱন কাহিনী পোহৰলৈ আহিল । মণিপুৰৰ পৰা কেনেকৈ গোৱালিয়ৰলৈ আহিছিল, তেওঁৰ জীৱনটো কেনেকুৱা আছিল, মণিপুৰী শাসকৰ পুত্ৰ হোৱাৰ পিছতো তেওঁ কিয় কেতিয়াও ৰাজকীয় জীৱনৰ অভিজ্ঞতা লাভ কৰা নাছিল আৰু আন আন কথাৰ লগতে তেওঁৰ পৰিচয় কিয় লুকুৱাবলগীয়া হৈছিল ? সাধাৰণ মানুহৰ বাবে ৰাজকীয় জীৱনশৈলী সপোন হৈয়েই থকাৰ সময়তে হোজাইগাম্বা সিঙে নিজৰ অস্তিত্ব সম্পূৰ্ণৰূপে শিল্পৰ প্ৰতি উৎসৰ্গা কৰি মাত্ৰ দুটা কোঠাত থাকি গোটেই জীৱন কটাইছে ।

Manipur prince in Gwalior
কোন মণিপুৰৰ ৰাজকুমাৰ হোজাইগাম্বা ? (ETV Bharat)

পিতৃ আছিল ৰজা, মাতৃ মণিপুৰৰ প্ৰসিদ্ধ শিল্পী

সাংবাদিকৰ প্ৰশ্ন আছিল তেওঁ কেনেকৈ গোৱালিয়ৰলৈ আহিছিল ? ইয়াৰ উত্তৰত তেওঁ ক'লে, "মই ৰাজ্যৰ অন্তিমগৰাকী শাসক মণিপুৰৰ ৰজা বোধচন্দ্ৰৰ পুত্ৰ । অৱশ্যে মই তেওঁৰ মৃত্যুৰ কিছু সময়ৰ পিছত শৈশৱতে মণিপুৰ এৰি গোৱালিয়ৰলৈ আহিছিলো । মোৰ পিতৃ ৰজা হৈ থকাৰ সময়ত মোৰ মা চমন্দ্ৰম টণ্ডন দেৱী আছিল মণিপুৰৰ এগৰাকী প্ৰখ্যাত শিল্পী আৰু অভিনেত্ৰী; আৰু শিল্প কেতিয়া এটা স্থানতে আবদ্ধ হৈ থাকিব নোৱাৰে । গতিকে মই মাৰ সৈতে গোলিয়ৰলৈ গুচি আহিলোঁ । যদিও পিছত মা মণিপুৰলৈ উভতি গ'ল, মই ইয়াতেই থাকিলোঁ ।"

Manipur prince in Gwalior
গোৱালিয়ৰত অতি সাধাৰণ জীৱন কটাইছে মণিপুৰৰ ৰাজকুমাৰ হোজাইগাম্বাই (ETV Bharat)

মণিপুৰ এৰি কিয় আহিছিল ?

তেওঁ ক'লে, "গোৱালিয়ৰলৈ অহাৰ এটা উল্লেখযোগ্য কাৰণ আছিল । ১৯৫৫ চনত যেতিয়া আমাৰ পিতৃ বোধচন্দ্ৰৰ মৃত্যু হৈছিল, তেতিয়া আমি অতি সৰু আছিলোঁ । তেওঁৰ যে মৃত্যু হৈছে সেয়াও ভালদৰে বুজি পোৱা হোৱা নাছিলো । সেই সময়ত আমি আইতাৰ ঘৰত আছিলোঁ; পিতৃৰ বিয়োগৰ দুখ বুজিবলৈও আমি তেনেই সৰু আছিলোঁ । যিহেতু ৰাজপ্ৰাসাদত আন ৰাণীসকলো আছিল তেনে পৰিস্থিতিত ৰাজপৰিয়ালত কেতিয়া আত্মীয়ই ভাবুকি আনিব পাৰে । সেই সময়ত মা এগৰাকী বিখ্যাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী আছিল আৰু তেতিয়ালৈকে মণিপুৰ ভাৰতৰ সৈতে একত্ৰিত হৈ কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছিল ৷ সেয়ে তেওঁ তাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল'লে ।"

তেওঁ লগতে কয়, "সেই সময়ত প্ৰখ্যাত নাট্যশিল্পী, নৃত্য পৰিচালক, পৰিচালক-প্ৰযোজক প্ৰভাত গাংগুলী-যি এতিয়া আমাৰ মাজত নাই, তেওঁ মোৰ মা আৰু ঘনিষ্ঠ ভগ্নী সূৰ্য্যমুখীক তেওঁৰ দলত ল'বলৈ মণিপুৰলৈ গৈছিল । আমি তেওঁলোকৰ লগত মুম্বাইলৈ গৈছিলো । পিছলৈ যেতিয়া তেওঁৰ সংস্থাৰ এটা দল ৰংশ্ৰী বেলেট ট্ৰুপ ১৯৬৪ চনত গোৱালিয়ৰলৈ স্থানান্তৰিত হোৱাৰ পিছত আমিও মা আৰু ভনীৰ সৈতে গুচি আহিলোঁ, তেতিয়াৰ পৰাই মই মোৰ জীৱনটো ইয়াতেই কটালোঁ । স্কুলীয়া আৰু কলেজৰ শিক্ষা সম্পূৰ্ণ কৰিলোঁ, শিল্প-কলাৰ ক্ষেত্ৰখনত কাম আৰম্ভ কৰিলোঁ।"

Manipur prince in Gwalior
হোজাইগাম্বাই শিল্পীসকলক প্ৰশিক্ষণ দি উপাৰ্জন কৰে (ETV Bharat)

মণিপুৰৰ স্মৃতিয়ে আমনি কৰে

হোজাইগাম্বা বৰ্তমান পত্নী কুঞ্জম ছিজা আৰু পুত্ৰ নৰশ্ৰেষ্ঠ সিঙৰ সৈতে গোৱালিয়ৰত থাকে । ৰাজপৰিয়ালৰ সদস্য হিচাপে তেওঁৰ কেতিয়াবা মণিপুৰৰ ৰাজপ্ৰাসাদলৈ ঘূৰি যোৱাৰ ইচ্ছা আছিল নেকি বুলি সোধাত তেওঁ কয়, "মই ইয়াক ৰাজপ্ৰাসাদ বুলি নকওঁ; মই ইয়াক কেৱল ঘৰ বুলি ক'ম । কিন্তু হয়, মই মণিপুৰলৈ উভতি যোৱাৰ কথা ভাবো, কাৰণ এজন মানুহৰ নিজৰ জন্মস্থানৰ প্ৰতি দুৰ্বলতা থাকে । মই প্ৰায়ে মোৰ শৈশৱৰ সময়ত তাত থকা বন্ধুসকলৰ কথা ভাবো । তথাপিও মই জীৱনৰ এটা দীঘলীয়া সময় ইয়াত কটালোঁ । সেয়ে গোৱালিয়ৰ এতিয়া মোৰ বাবে সকলো ।"

পিতৃ-মাতৃ কলাৰ সাধক

ৰাজপৰিয়ালৰ হোৱা সত্ত্বেও ৰাজকুমাৰ হোজাইগাম্বাই গোটেই জীৱন কলাৰ প্ৰতি উৎসৰ্গা কৰিছে । ইমান সাধাৰণ জীৱন কিয় বাছি লৈছে বুলি সোধাত তেওঁ কয় যে তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে শিল্পী । তেওঁৰ মাতৃৰ ফালৰ আইতাকৰ সমগ্ৰ পৰিয়ালটো কলাৰ লগত জড়িত আছিল । তেওঁৰ মাতৃ আছিল এগৰাকী বিশ্ববিখ্যাত শিল্পী; সৰ্বভাৰতীয় নাট্য মহোৎসৱত ৫ বাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সোণৰ পদক লাভ কৰাৰ লগতে মণিপুৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ইফালে তেওঁৰ পিতৃ ৰজা বোধচন্দ্ৰ সিং কেৱল এজন শাসকেই নহয়, এজন কবিও আছিল । সেয়ে শিল্প তেওঁৰ তেজত আছিল । যাৰ বাবে স্বাভাৱিকতে তেওঁৰ শিল্পক্ষেত্ৰৰ প্ৰতি দুৰ্বলতা আছিল ।

Manipur prince in Gwalior
গোৱালিয়ৰত পত্নী-কন্যাৰ সৈতে হোজাইগাম্বা (ETV Bharat)

পিতৃ-মাতৃৰ প্ৰেম কাহিনী

পিতৃ-মাতৃৰ বিবাহৰ কাহিনীও তেওঁ ইটিভি ভাৰতৰ সৈতে শ্বেয়াৰ কৰে । হোজাইগাম্বাই কয়, "মোৰ মা চমন্দ্ৰম টণ্ডন দেৱী আছিল । তেওঁ এবাৰ মণিপুৰী লোককথাৰ আধাৰত নিৰ্মিত 'মৈৰাং পৰ্ব' নাটকত ৰাজকুমাৰী থোইবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । আজিও 'মৈৰাং পৰ্ব' নাটকখন বছৰত এবাৰ ইম্ফলত মঞ্চস্থ কৰা হয় । তাৰ পিছত যেতিয়া তেওঁ সেই চৰিত্ৰত অভিনয় কৰিছিল তেতিয়া পিতৃ ৰজা বোধচন্দ্ৰ সিঙেও নাটক চাবলৈ গৈছিল আৰু মাৰ অভিনয় আৰু সৌন্দৰ্যত মোহিত হৈ ৰাজপ্ৰাসাদলৈ লৈ আহিছিল । পিছত তেওঁলোকে বিয়া পাতিলে আৰু মই এই পৃথিৱীলৈ আহিলো ।"

সাধাৰণ কথাত অসন্তুষ্ট হৈ মাতৃয়ে এৰিছিল ৰাজপ্ৰাসাদ

পিতৃৰ স্মৃতিৰ বিষয়ে সোধাত তেওঁ কয় যে সৰু বিবাদৰ বাবে পিতৃ-মাতৃয়ে তেওঁৰ জন্মৰ পিছতে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল । ৰাণীসকলৰ মাজৰ তেওঁৰ মাতৃও আছিল । হোজাইগাম্বাৰ অন্নপ্ৰাসনৰ দিনা ৰজাৰ ৰাণী হিচাপে পুত্ৰই সোণৰ আসনত বহাটো বিচাৰিছিল । যাক লৈ মতানৈক্যৰ সৃষ্টি হয় আৰু ক্ৰোধত ৰাণী অৰ্থাৎ হোজাইগাম্বাৰ মাতৃয়ে তেওঁক লগত লৈ ৰজা বোধচন্দ্ৰৰ ৰাজপ্ৰাসাদ এৰি নিজৰ মাতৃৰ ঘৰলৈ আহিছিল । পিতৃৰ মৃত্যুৰ আগলৈকে তেওঁ তাতেই থাকিল । যদিও ৰজা বোধচন্দ্ৰই মাজে মাজে পত্নী আৰু পুত্ৰৰ খবৰ ল'বলৈ গৈছিল । তথাপিও সেই সময়ত বয়স কম আছিল বাবে পিতৃৰ বিশেষ স্মৃতি নাথাকিল বুলিও হোজাইগাম্বাই উল্লেখ কৰে । অৱশ্যে তেওঁ প্ৰায়ে ৰাজপ্ৰাসাদলৈ গৈ আন ৰাণীসকলৰ সন্তান অৰ্থাৎ তেওঁৰ ভাতৃ-ভগ্নীসকলৰ সৈতে খেলা-ধূলা কৰিছিল বুলিও ইটিভি ভাৰতৰ আগত কয় ।

Manipur prince in Gwalior
হোজাইগাম্বা এতিয়া নাট্যজগতৰ এগৰাকী পৰিচিত শিল্পী (ETV Bharat)

ৰাজকুমাৰৰ পৰিচয় লুকাই ৰাখি কৰ্মৰ দ্বাৰা পৰিচয় গঢ়িলে

এনে সাধাৰণ জীৱন যাপন কৰাৰ আঁৰৰ কাৰণ আৰু ৰাজকুমাৰ হোৱাৰ পিছতো নিজৰ পৰিচয় লুকুৱাই ৰখাৰ কাৰণবোৰ বুজাই দি ৰাজকুমাৰ হোজাইগাম্বা সিঙে কয়, "শিল্পৰ কোনো গ্লেমাৰ নাথাকে; নাম চৰ্চালৈ আহিলেই খ্যাতি নিজে নিজে আহে । মই মোৰ গোটেই জীৱন গোৱালিয়ৰত কটালোঁ, তথাপিও যেতিয়া মই মুম্বাইত এই ক্ষেত্ৰৰ মানুহক লগ পাওঁ, তেতিয়া ৫০ জনৰ ভিতৰত অন্ততঃ এজনে মোক চিনি পায়-এয়া মোৰ কাৰণে বহুত । সেইসকল মোৰ ছাত্ৰ । আজি মানুহে মোক মোৰ শিল্পৰ বাবেই চিনি পায়, ৰাজকুমাৰ হোৱাৰ বাবে নহয় ।" তেওঁ লগতে কয় যে তেওঁ ২৩ বছৰ বায়ুসেনাত সেৱা আগবঢ়াইছিল । তথাপিও তেওঁৰ সহকৰ্মী আৰু সহযোগীসকলেও তেওঁৰ ৰাজবংশৰ বিষয়ে অৱসৰৰ কেইবছৰমান আগলৈকে অজ্ঞাত আছিল । যেতিয়া কিছুমান চিনাকি মানুহে তেওঁৰ প্ৰকৃত পৰিচয় দিলে তেতিয়া বায়ুসেনাৰ বিষয়াসকলেও গম পালে ।

মণিপুৰক একত্ৰিত কৰাটো ৰজাই বিচৰা নাছিল

মণিপুৰ সন্দৰ্ভত কোৱা হয় যে ৰজা বোধচন্দ্ৰই ৰাজ্যখন ভাৰতৰ অংশ হোৱাটো নিবিচাৰিছিল; তেওঁ স্বাধীন ৰাজ্যৰ কামনা কৰিছিল । ইটিভি ভাৰতে তেওঁৰ পুত্ৰক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়, "তেওঁ হেঁচাত আছিল । খবৰ পোৱা গৈছিল যে তেওঁক বলপূৰ্ৱকভাৱে শ্বিলঙলৈ লৈ যোৱা হয় য'ত তেওঁক সমৰ্থন পত্ৰত স্বাক্ষৰ কৰিবলৈ দিয়া হয় । কাৰণ মণিপুৰ পূৰ্বৰে পৰা আত্মনিৰ্ভৰ আছিল; তেলৰ পৰা আৰম্ভ কৰি কাপোৰলৈকে সৰু সৰু প্ৰয়োজনীয় বস্তুবোৰৰ বাবে জনসাধাৰণে বাহিৰৰ বজাৰ বা অন্যান্য দেশৰ ওপৰত নিৰ্ভৰ কৰা নাছিল আৰু ফলস্বৰূপে ৰজাই এই স্বাধীনতা এৰিব নিবিচাৰিছিল ।

Manipur prince in Gwalior
ৰাজীৱ গান্ধীয়ে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তা (ETV Bharat)

"ভগৱানে যেতিয়ালৈ ৰাখে গোৱালিয়ৰতে থাকিম"

ইটিভি ভাৰতৰ অন্তিম প্ৰশ্ন আছিল -" তাত আপোনাৰ ঘৰ আছে বুলি কৈ আপোনাৰ পত্নী আৰু পুত্ৰই মণিপুৰলৈ উভতি যাবলৈ নকয়নে আৰু ইয়াত গোৱালিয়ৰত কিয় আবদ্ধ হৈ আছে বুলি প্ৰশ্ন নকৰেনে ?" ইয়াৰ উত্তৰত তেওঁ কয়, "যদিও মই মণিপুৰত জন্ম হৈছো, মোৰ শিক্ষা, মোৰ চাকৰি, মোৰ কৰ্মক্ষেত্ৰখন ইয়াত; মোৰ কামৰ স্বাৰ্থত মই য'তেই থাকিব লাগিব, তাতেই মোৰ পৰিয়ালটোও থাকিব লাগিব । অৱশ্যে ভগৱানৰ ইচ্ছা । ভগৱানৰ ওপৰত মোৰ বহুত বিশ্বাস আছে । তেওঁ আমাক যেতিয়ালৈ ৰাখিব ইয়াতে থাকিম । যদি আমাক ঘূৰাই পঠিয়াই তেন্তে যাব লাগিব ।"

Manipur prince in Gwalior
মণিপুৰৰ অন্তিমজন ৰজাৰ পুত্ৰ হোজাইগাম্বা (ETV Bharat)

উল্লেখ্য যে মণিপুৰৰ ৰাজকুমাৰ হোজাইগাম্বাই নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি দীৰ্ঘদিন ধৰি নাম প্ৰকাশ নকৰাকৈয়ে থাকিল । স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত গোৱালিয়ৰত বি.কম ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত বায়ুসেনাত যোগদান কৰে । ২৩ বছৰীয়া সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰি বৰ্তমান গোৱালিয়ৰত এটা কলা সংস্থাৰ সৈতে জড়িত হৈ আছে । মুম্বাই, কলকাতা, ভূপাল আদি চহৰত অসংখ্য নাটকত অভিনয় কৰি হোজাইগাম্বাই এতিয়া নাট্যক্ষেত্ৰৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক পথ দেখুৱাই আছে । আজিও তেওঁ বিচাৰে ৰাজকুমাৰ হিচাপে নহয়, এজন শিল্পী হিচাপেহে তেওঁক মানুহে স্বীকৃতি দিয়ক ।

লগতে পঢ়ক :

বিশ্ব সংস্কৃত দিৱসত ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব

Last Updated : August 29, 2026 at 5:26 PM IST