১৯৫১ ভিত্তিবর্ষৰ বিৰোধিতা কুকি গোটৰ: মণিপুৰত এনআৰচি-লোকপিয়লৰ বিবাদ তুংগত
মেইটেই আৰু নগা গোটে লোকপিয়লৰ পূৰ্বে এনআৰচি উন্নীতকৰণ বিচাৰিছে ৷ কুকি সংগঠনসমূহে সতৰ্ক কৰি দিয়ে যে ১৯৫১ চনৰ ভিত্তিবৰ্ষই পাহাৰীয়া সম্প্ৰদায়সমূহক বাদ পেলাব পাৰে ।

Published : August 19, 2026 at 4:43 PM IST
নতুন দিল্লী : হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত প্ৰস্তাৱিত লোকপিয়ল আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ এক নতুন ৰাজনৈতিক বিবাদৰ সূত্ৰপাত হৈছে । মেইটেই আৰু নগা গোটসমূহে লোকপিয়ল গণনাৰ পূৰ্বে এনআৰচি উন্নীতকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিছে । আনহাতে, কুকি সংগঠনসমূহে এই পদক্ষেপৰ বিৰোধিতা কৰি চৰ্তবিহীনভাৱে লোকপিয়ল অনুষ্ঠিত কৰাৰ দাবী জনাইছে ।
বুধবাৰে কুকি জো কাউন্সিলে (কেজেডচি) কয় যে চৰকাৰৰ নিয়মমাফিক প্ৰক্ৰিয়াৰ অংশ হিচাপে লোকপিয়লক লৈ কোনো সহজাত আপত্তিজনক কথা নাই । কিন্তু তেওঁলোকে মণিপুৰত ১৯৫১ চনক এনআৰচিৰ ভিত্তিবর্ষ হিচাপে ব্যৱহাৰ কৰাৰ প্রস্তাৱক লৈ গুৰুতৰ উদ্বেগ প্রকাশ কৰে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেজেডচিৰ মুখপাত্ৰ গিঞ্জা ভুৱালজঙে (Ginza Vualzong) কয়, "লোকপিয়ল চৰকাৰে সময়ে সময়ে চলোৱা এক অনুশীলন আৰু ইয়াত কোনো সহজাত আপত্তি কৰাৰ কথা নাই । কিন্তু মণিপুৰত যদি এনআৰচিৰ কথা আহে তেন্তে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে ব্যৱহাৰ কৰাটোৱে গুৰুতৰ উদ্বেগ আৰু অনিশ্চয়তাৰ ডাৱৰৰ সৃষ্টি কৰে ।"
ভুৱালজঙে কয় যে ১৯৫১ চনত মণিপুৰৰ বেছিভাগ পাহাৰীয়া অঞ্চল অত্যন্ত প্ৰান্তীয় আছিল । তাত প্ৰৱেশৰ সুবিধা সীমিত আছিল আৰু কাৰ্যতঃ কোনো পথ সংযোগ নাছিল । বহু গাঁৱলৈ যান-বাহনেৰে যাব পৰা নাছিল, যাৰ বাবে জনসংখ্যাৰ ব্যাপক গণনা কৰাটো কঠিন হৈ পৰিছে বুলিও তেওঁ কয় ।
"ফলস্বৰূপে আমাৰ বহু গাঁও আৰু ইয়াৰ বাসিন্দাৰ হয়তো ১৯৫১ চনৰ উন্নীতকৰণত নাম ৰেকৰ্ড কৰা হোৱা নাছিল ।" তেওঁ কয় ।
কেজেডচিৰ মুখপাত্ৰগৰাকীয়ে যুক্তি আগবঢ়ায় যে ১৯৫১ চনক যদি এনআৰচিৰ বাবে মাপকাঠী হিচাপে ব্যৱহাৰ কৰা হয় তেন্তে মণিপুৰৰ প্ৰকৃত জনগাঁথনিগত ইতিহাস প্ৰতিফলিত কৰিব নোৱাৰিব পাৰে আৰু সেই সময়ত প্ৰচলিত ভৌগোলিক আৰু আন্তঃগাঁথনিগত সীমাবদ্ধতাৰ বাবে সামৰি নোলোৱা গাঁওসমূহৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ বাদ পৰাৰ সম্ভাৱনা অধিক ।
ইতিমধ্যে কুকি নাগৰিক সমাজৰ সংগঠনৰ এটা দলে দিল্লীত প্ৰচাৰ চলাইছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়া আৰু লোকপিয়ল কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ উদ্বেগৰ বিষয়ে জনাইছে ।
ইফালে মণিপুৰৰ মেইটেই আৰু নগা গোটে অবৈধ অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যত লোকপিয়ল গণনাৰ পূৰ্বে এনআৰচি উন্নীতকৰণৰ দাবী উত্থাপন কৰি আহিছে ।
মণিপুৰৰ বিধায়কৰ এটা প্ৰতিনিধি দলেও বৃহস্পতিবাৰে নতুন দিল্লী ভ্ৰমণ কৰি কেন্দ্ৰৰ পৰা দিহা-পৰামৰ্শ বিচাৰিবলৈ আৰু এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ সম্ভাৱনা আছে ।
চৰকাৰৰ মুখপাত্ৰ তথা বৰ্তমানৰ বিধায়ক ডঃ সপম ৰঞ্জন সিঙে কয় যে এনআৰচি আৰু লোকপিয়ল দুয়োটা বিষয়ক লৈ ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু মণিপুৰৰ জনসাধাৰণৰ উদ্বেগ সমাধানৰ বাবে মণিপুৰৰ জনসাধাৰণৰ সৈতে থিয় দিছে ৷
"মণিপুৰ বিধানসভাই ২০২২ চনৰ ৫ আগষ্টত এটা প্ৰস্তাৱ গৃহীত কৰি ৰাজ্যত এনআৰচি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল । পৰৱৰ্তী সময়ত ২০২৪ চনৰ ১ মাৰ্চত এই প্ৰস্তাৱত বিধানসভাই পুনৰ দৃঢ়তা প্ৰদান কৰে ।" সিঙে কয় ।
তেওঁ কয় যে এই বিষয়টো ৰাজ্য চৰকাৰৰ এক দীৰ্ঘদিনীয়া চিন্তাৰ বিষয় হৈ আছে আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে চিঠি-পত্ৰৰ জৰিয়তে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।
সিঙে অৱশ্যে বিষয়টো সামূহিকভাৱে সম্বোধন কৰা উচিত আৰু ৰাজনৈতিক দল, সম্প্ৰদায় বা ধৰ্মীয় দৃষ্টিকোণেৰে চোৱা উচিত নহয় বুলি জোৰ দিয়ে ।
তেওঁ আস্থা প্ৰকাশ কৰে যে কেন্দ্ৰৰ সৈতে যোগাযোগ অব্যাহত থাকিলে ইতিবাচক ফলাফল পোৱা যাব ।
উল্লেখ্য যে ইতিমধ্যে মণিপুৰত দুদিন ধৰি এনআৰচি উন্নীতকৰণৰ দাবীত সমাবেশ আৰু প্ৰতিবাদ অনুষ্ঠিত হৈছে ।
ইফালে, ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে বুধবাৰে ইম্ফলৰ বাবুপাৰাস্থিত মুখ্যমন্ত্ৰীৰ বাংলোত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে মণিপুৰৰ কেইবাগৰাকীও প্ৰখ্যাত শিল্পীক সাক্ষাৎ কৰে ।
শিল্পীসকলৰ সৈতে হোৱা বাৰ্তালাপত সিঙে উল্লেখ কৰে যে দুটা সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা ৰাজ্যখনৰ সংকট এতিয়া তিনিটা সম্প্ৰদায়ৰ সৈতে জড়িত সংঘাতলৈ পৰিণত হৈছে ।
মণিপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, সিঙে মেইটেইসকলক এগৰাকী জ্যেষ্ঠ ভাতৃ-ভগ্নীৰ ভূমিকা পালন কৰিবলৈ আৰু সংকটৰ অন্ত পেলোৱাৰ বাবে উদ্যোগ ল’বলৈ আহ্বান জনায় ।
মুখ্যমন্ত্ৰীয়ে এই কথাও স্মৰণ কৰে যে সংকটৰ সময়ত ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী হৈ থকাৰ সময়ত হেঙেলেপ সমষ্টিৰ বিধায়ক লেটজামাং হাওকিপক চুৰাচান্দপুৰ জিলাৰ ১২০ জন মেইটেই শ্ৰমিকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনাইছিল, যিটো বিধায়কগৰাকীয়ে আন্তৰিকতাৰে পালন কৰিছিল ।
"সেয়েহে কেইজনমান ব্যক্তিৰ অন্যায়ৰ বাবে এটা সমগ্ৰ সম্প্ৰদায়ক দোষাৰোপ কৰাটো অনৈতিক ।" তেওঁ কয় ।
তেওঁ কয় যে ৰাজ্যখনত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত আস্থা আৰু প্ৰেমৰ ভাব পুনৰুদ্ধাৰ কৰিবলৈ সংকটৰ সময়ত তেওঁলোকৰ মাজত থকা বাধাসমূহ দূৰ কৰাৰ প্ৰয়োজন । তেওঁ লগতে কয় যে জিৰিবাম জিলা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, সকলো সম্প্ৰদায়ে কোনো ধৰণৰ অনাস্থা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে বাস কৰিছে ।
সিঙে লগতে ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন জনোৱাৰ লগতে বিষয়টো চৰকাৰৰ আগত উত্থাপন কৰাৰ বাবে শিল্পীসকলৰ শলাগ লয় ।

