মণিপুৰৰ হিংসা: ৪৮ মিনিটীয়া অডিঅ’ ক্লিপৰ ফৰেনছিক পৰীক্ষাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
বিচাৰপীঠে ফৰেনছিক পৰীক্ষাৰ উদ্দেশ্যে উপলব্ধ সমগ্ৰ অডিঅ’ ক্লিপিং গান্ধীনগৰৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়(এন এফ এছ ইউ)লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

Published : January 8, 2026 at 12:10 AM IST
নতুন দিল্লী: মণিপুৰৰ হিংসা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ৷ বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ৪৮ মিনিটৰ এক অডিঅ’ ৰেকৰ্ডিঙৰ ফৰেনছিক পৰীক্ষাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ যি অডিঅ’ত ২০২৩ চনত মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ভূমিকা থকা বুলি অভিযোগ উত্থাপন কৰা হৈছে ।
ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰা হৈছিল ৷ আবেদনকাৰী কুকি অৰ্গেনাইজেশ্যন ফৰ হিউমেন ৰাইটছ ট্ৰাষ্টৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে বিচাৰপীঠৰ সন্মুখত দাখিল কৰে যে বিষয়টো প্ৰায় ১০ বাৰ তালিকাভুক্ত হৈছে আৰু আবেদনখনত সমগ্ৰ ৪৮ মিনিটৰ কথা-বতৰাৰ প্ৰতিলিপি সন্নিবিষ্ট কৰা হৈছে ।
তেওঁ একপ্ৰকাৰ দাবী কৰিয়েই কয় যে অডিঅ’টো সম্প্ৰতি উপলব্ধ হৈছে । মণিপুৰ চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে উল্লেখ কৰে যে ৰাজ্যখনে অন্তিমটো শুনানিৰ পিছতহে সম্পূৰ্ণ ৰেকৰ্ডিং লাভ কৰিছিল ।
যুক্তি শুনাৰ পিছত বিচাৰপীঠে ফৰেনছিক পৰীক্ষাৰ উদ্দেশ্যে উপলব্ধ সমগ্ৰ অডিঅ’ গান্ধীনগৰৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়(এন এফ এছ ইউ) লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷
‘‘বিচাৰাধীন কথোপকথনৰ সমগ্ৰ ৪৮ মিনিটৰ লগতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠস্বৰ ৰেকৰ্ডিং উপলব্ধ… আবেদনকাৰীৰ অধিবক্তাই উত্তৰদাতাসকলক উপলব্ধ সকলো ভয়েচ ৰেকৰ্ডিং তাত অন্তৰ্ভুক্ত কৰি গান্ধীনগৰৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক’’ - ন্যায়ালয়ে এইদৰে নিৰ্দেশ দিয়ে ।
এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি ছীল-মোহৰ মৰা খামত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈও ন্যায়ালয়ে এন এফ এছ ইউক নিৰ্দেশ দিয়ে । বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কিহৰ বাবে উপলব্ধ সকলো ফাদিল অডিঅ’ ক্লিপ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হোৱা নাই, সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিল ।
ডিচেম্বৰ মাহত ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু আলোক আৰাধেৰ বিচাৰপীঠে মন্তব্য কৰিছিল যে ২০ নৱেম্বৰত আবেদনকাৰীৰ হৈ গোচৰটোত দাখিল কৰা শপতনামাত আদালত সামান্য বিচলিত হৈছে ।
‘‘যেতিয়া হাতত সমগ্ৰ ক্লিপটো উপলব্ধ আছিল, তেতিয়া ইয়াক এন এফ এছ ইউলৈ(নেশ্যনেল ফৰেনছিক চায়ন্সেছ ইউনিভাৰ্চিটী, গুজৰাট) পঠিয়াব লাগিছিল । তেওঁলোকে কেৱল এই সীমিত ক্লিপটো কিয় প্ৰেৰণ কৰিছিল ?’’ ন্য়ায়ালয়ে প্ৰশ্ন কৰে ৷
বিষয়টোৰ ওপৰত স্বতন্ত্ৰ এছ আ টি তদন্ত বিচাৰি কুকি অৰ্গেনাইজেশ্যন ফৰ হিউমেন ৰাইটছ ট্ৰাষ্টে(কোহুৰ) দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল ন্যায়ালয়ে ৷
যোৱা বছৰৰ ৩ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছিল যে এন এফ এছ ইউয়ে ফাদিল হোৱা অডিঅ’ ক্লিপসমূহৰ সৈতে বেমেজালি সংঘটিত কৰিছে । ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত হোৱা অসন্তুষ্টি আৰু নেতৃত্ব সলনিৰ দাবী ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে সিঙে ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে ।
লগতে পঢ়ক: ২৬ নক্সালবাদীৰ আত্মসমৰ্পণ; ১৩ জনৰ মূৰৰ মূল্য় ৬৫ লাখ টকা

