নগা ব্যক্তিৰ হত্যাক গৰিহণা মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ
আৰক্ষীয়ে জনোৱা মতে প্ৰায় ২৪ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে অভিযান চলোৱাৰ অন্তত বুধবাৰে বিয়লি ছয়জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

By PTI
Published : June 11, 2026 at 7:39 AM IST
ইম্ফল: মণিপুৰৰ কাংপোকপি জিলাত ছজনকৈ নগা ব্যক্তিৰ মৃতদেহ উদ্ধাৰৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে কয় যে ৰাজ্য চৰকাৰ এই ঘটনাৰ নীৰৱ দৰ্শক হৈ নাথাকে । যোৱা ১৩ মে’ত কাংপোকপি জিলাৰ লেইলন ভাইফেই গাঁৱৰ পৰা অপহৰণ কৰা নগা জনগোষ্ঠী ৬ জন লোকৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰে সেনা আৰু আৰক্ষীয়ে ।
আৰক্ষীয়ে জনোৱা মতে, মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), আৰু আছাম ৰাইফলছৰ প্ৰায় ৪৫০ জন জোৱানক লৈ প্ৰায় ২৪ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে অভিযান চলোৱাৰ অন্তত বুধবাৰে বিয়লি ছয়জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । তেওঁলোকে লগতে কয় যে ২০২৬ চনৰ ১৩ মে’ত লেইলন ভাইফেইৰ পৰা পণবন্দী কৰি লৈ যোৱাসকলৰ ভিতৰত এই মৃত লোকসকলো আছিল বুলি অনুমান কৰা হৈছে ।
Deeply anguished by the brutal murder of six innocent Naga villagers abducted from Leilon Vaiphei village, Kangpokpi district. My heartfelt condolences to the bereaved families.
— Khemchand Yumnam (@YKhemchandSingh) June 10, 2026
The Government of Manipur strongly condemns this heinous act and is committed to ensuring that the…
প্ৰায় এমাহ পূৰ্বে মণিপুৰৰ সেনাপতি জিলাত সশস্ত্ৰ সংগঠনে অপহৰণ কৰা ১৪ জন কুকি ব্যক্তিক মুকলি কৰি দিয়াৰ এদিন পিছতে এই মৃতদেহ উদ্ধাৰ হৈছে । মুখ্য়মন্ত্ৰী সিঙে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে এই নৃশংস কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ।
তেওঁ কয় যে চৰকাৰে এনে হিংসা সহ্য নকৰে আৰু এই অত্যাচাৰৰ নীৰৱ দৰ্শক হৈ নাথাকে । হত্যাকাণ্ডৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰি আইন অনুসৰি শাস্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে ।
এক বিবৃতি অনুসৰি, ৰাজ্য চৰকাৰে ছজন নগা লোকক অপহৰণ কৰাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰিছে । ছয়জন লোকৰ মৃতদেহ নিশা প্ৰায় ২ বজাত ইম্ফলৰ জেএনআইএমএছৰ মৰ্গলৈ অনা হয় ৷ বহু সংখ্যক লোকে সেই স্থানত উপস্থিত হৈ এই হত্যাকাণ্ডৰ প্ৰতিবাদ জনোৱাত উত্তেজনাই বিৰাজ কৰে । চিকিৎসালয়ৰ সম্পত্তিৰ ক্ষতিসাধন কৰা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় ।
মণিপুৰৰ নগাসকলৰ শীৰ্ষ সংস্থা ইউনাইটেড নগা কাউন্সিলে এই হত্যাকাণ্ডক গৰিহণা দি এই জঘন্য কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগৰ তুলি “কুকি নেশ্যনেল ফ্ৰণ্ট-প্ৰেচিডেণ্ট গ্ৰুপক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা” কৰাৰ দাবী জনায় ।
লগতে কুকি উগ্ৰপন্থীৰ সৈতে চলি থকা ছাচপেনচন অৱ অপাৰেচন (SoO) চুক্তি বাতিল কৰাৰ লগতে মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনক শীঘ্ৰে অপসাৰণ কৰাৰ দাবী জনায় ৷ কিপগেন হৈছে কেএনএফ-পিৰ সভাপতি থাংবয় কিপগেনৰ পত্নী ।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই মণিপুৰত ছজন নগা লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে এই হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰে । তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
I am deeply saddened by the tragic loss of the six Naga men whose mortal remains were recovered today. I strongly condemn this heinous act and extend my heartfelt condolences to their families, friends, and loved ones. No family should have to endure such pain and anguish.
— Neiphiu Rio (@Neiphiu_Rio) June 10, 2026
এক্সৰ এটা পোষ্টত ৰিঅ'ই কয়, "আজি মণিপুৰত ছজন নগা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত মই গভীৰভাৱে দুঃখিত । এই জঘন্য কাৰ্যক মই তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁলোকৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু আপোনজনৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ । কোনো পৰিয়ালে এনে দুখ আৰু যন্ত্ৰণা সহ্য কৰিবলগীয়া হোৱা উচিত নহয় ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "এই হৃদয়বিদাৰক ঘটনা হিংসাই এৰি যোৱা আঘাত আৰু দুখৰ এক যন্ত্ৰণাদায়ক সোঁৱৰণী । বিদেহ আত্মাই শান্তি লাভ কৰক, আৰু তেওঁলোকৰ পৰিয়াল আৰু আপোনজনে এই গভীৰ দুখ সহ্য কৰিবলৈ শক্তি বিচাৰি পাওক ।"
লগতে পঢ়ক: নিৰাপত্তাৰক্ষীৰ অভিযানত উদ্ধাৰ ৬ টাকৈ মৃতদেহ; জব্দ অস্ত্ৰ, বিস্ফোৰক সামগ্ৰী

