ETV Bharat / bharat

গৃহমন্ত্ৰীক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ, ৰাজ্যত শান্তি ঘূৰাই অনাৰ আশ্বাস

গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ পৰা স্থানচ্যুত হোৱা লোক(আই ডি পি) ৰ পুনৰ্বাসনৰ বাবে কেন্দ্ৰৰ সমৰ্থনৰ আশ্বাস দিয়ে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ (ANI)
author img

By ANI

Published : February 23, 2026 at 11:41 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিঙৰ ৷ দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সলনি কেনেদৰে শান্তি ঘূৰাই আনিব পাৰি, সেই সন্দৰ্ভত আলোচনা কৰে ৷ মুখ্যমন্ত্রী সিঙক এই কাৰ্যত সংগ দিয়ে উপ-মুখ্যমন্ত্রী নেমচা কিপগেন আৰু লোচি দিখোয়ে ৷

এক্সৰ এক পোষ্টত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে প্ৰকাশ কৰা অনুসৰি গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ পৰা স্থানচ্যুত হোৱা লোক(আই ডি পি) ৰ পুনৰ্বাসনৰ বাবে কেন্দ্ৰৰ সমৰ্থনৰ আশ্বাস দিয়ে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী সিঙে সামাজিক মাধ্যমত এনেদৰে লিখিছে, ‘‘আজি নতুন দিল্লীত সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ । মোৰ লগত সন্মানীয় উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেন আৰু এল দিখো উপস্থিত আছিল । শান্তি, স্থিতিশীলতা, পুনৰ্বাসন আৰু প্ৰগতিৰ ব্যৱস্থাকে ধৰি মণিপুৰ সম্পৰ্কীয় মূল বিষয়সমূহৰ ওপৰত আমাৰ বিশদ আৰু গঠনমূলক আলোচনা হৈছিল ।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ লিখিছে, ‘‘গৃহমন্ত্ৰীয়ে দৃঢ় আশ্বাস দিছে যে কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তিৰ(আই ডি পি) ক্ষিপ্ৰ পুনৰ্বাসন আৰু পুনৰ সংস্থাপন নিশ্চিত কৰাৰ বাবে সকলো সম্ভৱপৰ সহায় আগবঢ়াব । মণিপুৰৰ জনসাধাৰণৰ হৈ মই গৃহমন্ত্ৰীগৰাকীক আমাৰ ৰাজ্যৰ কল্যাণৰ প্ৰতি অবিৰত সহায়, পথ প্ৰদৰ্শন আৰু দায়বদ্ধতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।’’

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰাৰ পিছত বিধায়িনী দলৰ নেতা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ য়ুমনাম খেমচান্দ সিঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ বিপৰীতে জ্যেষ্ঠ বিধায়ক নেমচা কিপগেন আৰু লোচি দিখো মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

কুকি-জোমি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে ২০২৩ চনৰ পৰা ৰাজ্যখনত চলি অহা জাতিগত হিংসাৰ বাবে নতুন উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বিৰুদ্ধেও প্ৰতিবাদৰ জোৱাৰ উঠিছিল ৷ আনকি সেই সময়ত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷

তিনিজন কুকি জোমি বিধায়কে মণিপুৰ চৰকাৰত যোগদান কৰা বুলি শুনাৰ পিছত ক্ষোভত উথলি উঠে ৰাজ্যখনৰ যুৱচামে ৷ এনে হিংসাত্মক আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিজেপি বিধায়ক ৱুংজাগিন ৱাল্টৰো মৃত্যু ঘটে ।

লগতে পঢ়ক: নেপালৰ ধাডিঙত ভয়ংকৰ বাছ দুৰ্ঘটনা, ১৮ গৰাকী যাত্ৰীৰ মৃত্যু