ETV Bharat / bharat

চি বি এছ ইৰ দুটা বৰ্ড পৰীক্ষাৰ নতুন নিয়ম, প্ৰথম পৰীক্ষাত হাজিৰ হোৱাটো কিয় বাধ্যতামূলক ?

প্ৰথম পৰীক্ষাত কমেও তিনিটা মূল বিষয়ত অংশগ্ৰহণ কৰিব নোৱৰা ছাত্ৰ-ছাত্ৰীক "এচেন্সিয়েল ৰিপিট" (Essential Repeat) হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব ।

CBSE CLASS X BOARD EXAMS
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 5:30 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চি বি এছ ইয়ে ২০২৬ চনৰ পৰা দশম শ্ৰেণীৰ বাবে দুটা ব’ৰ্ড পৰীক্ষাৰ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে । প্ৰথম ব’ৰ্ড পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হোৱাটো সম্পূৰ্ণ বাধ্যতামূলক বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ।

প্ৰথম পৰীক্ষাত কমেও তিনিটা মূল বিষয়ত অংশগ্ৰহণ কৰিব নোৱৰা ছাত্ৰ-ছাত্ৰীক "এচেন্সিয়েল ৰিপিট" (Essential Repeat) হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব । অৰ্থাৎ তেওঁলোকে একে বছৰতে দ্বিতীয় ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব আৰু পিছৰ বছৰৰ ফেব্ৰুৱাৰী মাহত মূল পৰীক্ষাৰ বাবে অপেক্ষা কৰিব লাগিব ।

দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কিছুমান বিশেষ কাৰণত প্ৰথম ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব আৰু দ্বিতীয় পৰীক্ষাত হাজিৰ হ’বলৈ দিয়া উচিত বুলি অনুৰোধ লাভ কৰাৰ পিছতে ব’ৰ্ডে এই স্পষ্টীকৰণ দিয়ে ।

চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে কয়, "প্ৰথম ব'ৰ্ড পৰীক্ষাত সকলো ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত হোৱাটো বাধ্যতামূলক । সকলো উত্তীৰ্ণ আৰু যোগ্য ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাৰ যিকোনো তিনিটা বিষয়ত নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ অনুমতি পাব ।"

তেওঁ লগতে কয়, "প্ৰথম পৰীক্ষাত যদি কোনো ছাত্ৰই তিনিটা বা তাতকৈ অধিক বিষয়ত ব্যৰ্থ হৈছে তেন্তে তেওঁক দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দিয়া নহ'ব । এনে ছাত্ৰ-ছাত্ৰীক "এচেন্সিয়েল ৰিপিট" (Essential Repeat) শিতানত স্থান দিয়া হ'ব আৰু অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া মূল পৰীক্ষাতহে অৱতীৰ্ণ হ'ব পাৰিব ।"

লগতে পঢ়ক : চলিত বৰ্ষৰ পৰা আৰম্ভ চি বি এছ ইৰ অন-স্ক্ৰীন মাৰ্কিং ব্যৱস্থা, দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ ডিজিটেল মূল্যায়ন

সলনি হ'ল চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী

চি বি এছ ইৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে নিৰ্দেশনা জাৰি, ৱেব প’ৰ্টেলত আপলোড কৰা নম্বৰেই হ’ব চূড়ান্ত