ETV Bharat / bharat

বৰযাত্ৰীক হেলমেট উপহাৰ ! কিয় এই বিশেষ উপহাৰ কইনাপক্ষৰ ?

এগৰাকী পিতৃয়ে তেওঁৰ কন্যাৰ বিয়াত বৰযাত্ৰীক দিলে হেলমেট উপহাৰ । কিয় এই পদক্ষেপ জানিবলৈ পঢ়ক এই প্ৰতিবাদন ।

HELMET GIFT IN WEDDING
বৰযাত্ৰীক হেলমেট উপহাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 3:30 PM IST

3 Min Read
Choose ETV Bharat

কুচামনচিটি (ৰাজস্থান) : বিয়াত অতিথিসকলে দৰা বা কইনাক উপহাৰ দিয়াটো এক পৰম্পৰাগত প্ৰথা হিচাপে চলি আহিছে । আনহাতে, কোনো কোনো ঠাইত বৰযাত্ৰীকো কইনাপক্ষৰ ফালৰ পৰা উপহাৰ দিয়াৰ পৰম্পৰাও আছে । এই কৌটিকলীয়া পৰম্পৰাত কইনাৰ পিতৃ বা ভাতৃয়ে বৰযাত্ৰীক উপহাৰ প্ৰদান কৰি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰে ।

শেহতীয়াভাৱে এখন বিয়াই এই উপহাৰ প্ৰদানৰ পৰম্পৰাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কিয়নো কইনাপক্ষই বৰযাত্ৰীক এক অনন্য উপহাৰ প্ৰদান কৰে, যিটো এতিয়ালৈকে কোনেও কৰা নাই । যাৰ বাবে এই বিয়াখনে এক নতুন ইতিহাস ৰচনা কৰিছে ।

বৰযাত্ৰীক হেলমেট উপহাৰ ! কিয় এই বিশেষ উপহাৰ কইনাপক্ষৰ ? (ETV Bharat)

এই বিয়াখন অনুষ্ঠিত হয় ৰাজস্থানৰ কুচামনচিটি নামৰ স্থানত । ইয়াত বৰযাত্ৰীসকলক হেলমেট প্ৰদান কৰি স্বাগতম জনোৱা হয় । কইনাপক্ষৰ এই পদক্ষেপক এতিয়া সৰ্বত্ৰে প্ৰশংসাৰে উপচাই পেলোৱা হৈছে ।

কুচামনচিটিৰ পটৱাৰিয়াৰ কোঠী পদ্মপুৰা ৰোড নিবাসী মনোজ বাৰৱালৰ কন্যা সোনুৰ বিয়া দেওবাৰে সম্পন্ন হয় । আনহাতে, বিয়া ঠিক হোৱাৰ সময়তেই মনোজ কুমাৰে বৰযাত্ৰীক উপহাৰ হিচাপে হেলমেট প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তাৰেই অংশ হিচাপে দেওবাৰে দৰা-কইনাৰ বৰমালা পৰম্পৰা সম্পন্ন হোৱাৰ পিছত মঞ্চত প্ৰথমে দৰাক হেলমেট প্ৰদান কৰা হয় । ইয়াৰ পিছত প্ৰতিগৰাকী বৰযাত্ৰীক হেলমেট উপহাৰ দিয়া হয় ।

বৰযাত্ৰী হিচাপে অহা মুঠ ২৮৬ গৰাকী লোকক হেলমেট উপহাৰ দিয়া কইনাৰ ককাক হামকৰণ কুমাৱতে কয়, "পথ দুৰ্ঘটনাৰ খবৰ দৈনিক টিভিত দেখা যায় বা কাকতত পঢ়িবলৈ পোৱা যায় । অধিকাংশ পথ দুৰ্ঘটনাতে মৃত্যুৰ কাৰণ হৈছে দুচকীয়া বাহনৰ চালকৰ অসাৱধানতা বা হেলমেট পৰিধান নকৰাটো । সেইটো কাৰণতেই সকলো বৰযাত্ৰীক হেলমেট উপহাৰ দিয়া হৈছে ।" তেওঁ লগতে সকলোকে পথ সুৰক্ষাৰ শপতবাক্যও পাঠ কৰোৱায় । ইফালে বিয়াত গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে উচ্চ প্ৰশংসা কৰিছে ।

HELMET GIFT IN WEDDING
বৰযাত্ৰীক হেলমেট উপহাৰ (ETV Bharat)

সন্ত মহাৰাজে নিজে বৰযাত্ৰীক হেলমেট উপহাৰ দিয়ে

আনহাতে, এই বিয়াখনত উপস্থিত থকা বিলাসী দাস বাগচী সন্ত মহাত্মা ভগৱান দাস মহাৰাজে কয় যে পথ সুৰক্ষাৰ উদ্দেশ্যৰে যেনেদৰে হেলমেট প্ৰদানৰ পদক্ষেপ লোৱা হৈছে, সেয়া অতি প্ৰশংসনীয় । পথ সুৰক্ষাৰ বাবে বাৰৱাল পৰিয়ালে যি হেলমেট বিতৰণ কৰিছে, এয়া অতি সফল পদক্ষেপ ।

আনহাতে, কইনাৰ ভগ্নী হেমলতা কুমাৱতে কয়, "আমি এক নতুন আৰম্ভণি কৰিছোঁ । সাধাৰণ জনতাক এইক্ষেত্ৰত সজাগ কৰি আছোঁ যে তেওঁলোকৰ পৰিয়ালত যি কাৰ্যসূচীয়ে গ্ৰহণ নকৰক কিয় মানুহক নিশ্চিতভাৱে হেলমেট বিতৰণ কৰক । ইয়াৰ ফলত দুৰ্ঘটনাত প্ৰাণহানিৰ সংখ্যা কমিব ।"

আনহাতে, বিয়ালৈ অহা এগৰাকী অতিথিয়ে কয়, "আজি যেতিয়া বিয়াত হেলমেট বিতৰণ কৰা দেখিলোঁ তেতিয়া উপলব্ধি কৰিছোঁ যে হেলমেট অতি জৰুৰুী । মোৰ ঘৰতো আয়োজন কৰা যিকোনো অনুষ্ঠানত হেলমেট বিতৰণ কৰিম ।"

আন এগৰাকী বৰযাত্ৰী যুৱতীয়ে কয় যে তেওঁ নিজে হেলমেট পিন্ধা নাছিল । কিন্তু আজি বৰযাত্ৰীৰ উপহাৰত হেলমেট পাইছে । সেয়ে আজিৰ পৰা সদায় হেলমেট পৰিধান কৰাৰ লগতে আনকো এইক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :এছ পি কাৰ্যালয়ৰ অপেক্ষা কক্ষত পুথিভঁৰাল: এক ব্যতিক্ৰমী পদক্ষেপ
লগতে পঢ়ক :শ্ৰীলংকাত আবদ্ধ ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে তিৰুৱনন্তপুৰমলৈ স্থানান্তৰ