ETV Bharat / bharat

মমতা বেনাৰ্জীয়ে বংগত অনুপ্ৰৱেশকাৰীক ন-কইনাৰ দৰে আদৰণি জনায় : হিমন্ত বিশ্ব শৰ্মা

পশ্চিম বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে আৰু বাংলাদেশী মুছলমানৰ সংখ্যা বাঢ়িছে ।

Assam CM Himanta Biswa Sarma
মমতা বেনাৰ্জীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma FB post)
author img

By PTI

Published : April 17, 2026 at 6:49 PM IST

5 Min Read
Choose ETV Bharat

কালচিনি/কোচ বিহাৰ (পশ্চিম বংগ) : ‘‘অসম আৰু ত্ৰিপুৰাৰ বিজেপি চৰকাৰে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক আহিবলৈ অনুমতি নিদিয়ে ৷ ইয়াৰ বিপৰীতে টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে পশ্চিম বংগত অবৈধ অনুপ্ৰৱেশকাৰীক আদৰণি জনায় ।’’ বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, আগন্তুক ২৩ আৰু ২৯ এপ্ৰিল তাৰিখে দুটা পৰ্যায়ত পশ্চিম বংগত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পাছতে পশ্চিম বংগ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নামিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে অসমৰ সীমান্তৱৰ্তী আলিপুৰদুৱাৰ জিলাত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত টিএমচি চৰকাৰে সীমা নিৰ্ধাৰণ কৰি দিয়াৰ অনুমতি নিদিয়ে ।

অবৈধ অনুপ্ৰৱেশৰ বাবে পশ্চিম বংগত জনগাঁথনিগত পৰিৱৰ্তন চলি থকা বুলি উল্লেখ কৰি শৰ্মাই দাবী কৰে যে ৰাজ্যখনত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে ৷ আনহাতে বাংলাদেশী মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ ৰাজ্য অসমত বিজেপিয়ে “নিশ্চয়ভাৱে জয়ী হ’ব” বুলিও দৃঢ়তাৰে কয় ৷ ইতিমধ্যে সকলোৰে জ্ঞাত যে বিগত ৯ এপ্ৰিলত এটা পৰ্যায়ত অসমৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব ।

শৰ্মাই কয়, ‘‘২৩ আৰু ২৯ এপ্ৰিলত পশ্চিম বংগৰ ২৯৪ জনীয়া বিধানসভাৰ বাবে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই নিৰ্বাচনত পশ্চিম বংগত বিজেপিয়ে ২০০খন আসন লাভ কৰিব ।’’ অসমৰ লগতে ৪ মে’ত পশ্চিম বংগৰো ভোটগণনা হ’ব ।

দাৰ্জিলিং জিলাৰ ফানচিদেৱা সমষ্টিত আন এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, "অসম এখন সৰু ৰাজ্য, আমি তাত শতক অৰ্জন কৰিম; বংগ এখন বৃহৎ ৰাজ্য, আমি ইয়াত দুটা শতক মাৰিব লাগিব ।"

এইবোৰৰ উপৰিও অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, "বংগত বিজেপিয়ে চৰকাৰ গঠন কৰক, আমি তেওঁলোকক শিক্ষা দিম । মছজিদ নিৰ্মাণ কৰাত আমাৰ কোনো সমস্যা নাই, কিন্তু বাবৰৰ নামত কিয় ?"

কালচিনিত ভাষণ দি শৰ্মাই দাবী কৰে যে পূৰ্বৰ কংগ্ৰেছৰ দিনত অসমত বাংলাদেশী মুছলমান জনসংখ্যা বৃদ্ধি পাইছিল যদিও ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত পৰিস্থিতি সলনি হৈছে ।

লগতে হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জী চৰকাৰে চাহ বাগিচাৰ মালিকৰ সৈতে গোপন বুজাবুজি কৰি বংগ আৰু অসমৰ শ্রমিকৰ দৈনিক মজুৰিৰ হাৰ বৃদ্ধি প্রত্যাখ্যান কৰাৰ অভিযোগ উত্থাপন কৰে ৷

তেওঁ কয়, "যেতিয়া তেওঁ দৈনিক মজুৰি বৃদ্ধিৰ কথা ঘোষণাই কৰা নাছিল, তেতিয়াই আমি একপক্ষীয়ভাৱে অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি, ৰেচন ২৪০ টকাৰ পৰা ২৮০ টকালৈ বৃদ্ধি কৰিলো ।"

উত্তৰ বংগৰ দুৱাৰছ অঞ্চলৰ চাহ বাগিচা অঞ্চলত ভাষণ দি শৰ্মাই কয় যে তেওঁ অসমৰ এই শ্ৰমিকসকলক প্ৰতিশ্ৰুতি দিছিল যে পৰৱৰ্তী বিজেপি চৰকাৰে তেওঁলোকৰ দৈনিক মজুৰি ৪৫০-৫০০ টকালৈ বৃদ্ধি কৰিব ।

তেওঁ কয়, ‘‘অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিয়া হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰ নিৰ্মাণৰ বাবে ১.৬০ লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে ৷ আনহাতে বেনাৰ্জীয়ে তেওঁলোকৰ কল্যাণৰ বাবে একো কৰা নাই ৷’’

"চাহ বাগিচাৰ শ্ৰমিকসকলে কেনেকৈ দৈনিক মাত্ৰ ২৪০ টকা মজুৰিৰে মাছ বা মাংস খাব পাৰে; মমতা জী, তেওঁলোকৰ মজুৰি বৃদ্ধি কৰক যাতে তেওঁলোকেও ভাল খাদ্য খাব পাৰে ।" শৰ্মাই কয় ।

কোচ বিহাৰত আন এক সমাৱেশত শৰ্মাই টিএমচি আৰু বেনাৰ্জীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলে দলটোৱে মাংস-মাছ খোৱা বন্ধ কৰি দিব বুলি মিছা দাবী উত্থাপন কৰিছে । তেওঁ দৃঢ়তাৰে কয় যে গেৰুৱা দল শাসিত অসমত যিমান বিচাৰে সিমানেই আমিষ খাদ্য খাব পাৰি ।

অসমত একমাত্ৰ নিষেধাজ্ঞা গো-মাংস সেৱনত আছে বুলি তেওঁ কয়, "ধুবুৰী বা গোৱালপাৰালৈ গৈ যিমান বিচাৰে মাছ-মাংস খাব পাৰে; কোনো বাধা নাই ৷’’

পশ্চিম বংগত এবাৰ বিজেপি চৰকাৰ গঠন হ’লেই ইয়াত গো-মাংসৰ ব্যৱসায় বন্ধ হৈ যাব বুলি চিন্তিত (চিএম) মমতা বেনাৰ্জী ৷ এই কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই বেনাৰ্জীক অসমলৈ আহি “যিমান বিচাৰে সিমান ছাগলীৰ মাংস আৰু মূৰ্গীৰ মাংস খাবলৈ” নিমন্ত্ৰণ জনায় ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তৃণমূল কংগ্ৰেছে বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায় “অব্যাহত ৰখাটো বিচাৰে যাতে তেওঁলোকে পকেট গৰম হৈ থাকে ৷” চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয়কে ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে পশ্চিম বংগৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহৰ অভিযোগৰ তদন্ত চলাই আহিছে ।

শৰ্মাই কয় যে পশ্চিম বংগত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক উপযুক্ত “চিকিৎসা” প্ৰদান কৰিব পৰা চৰকাৰৰ প্ৰয়োজন । এই নির্বাচনত আমি পশ্চিম বংগত বিজেপিক বিজয়ী কৰি তুলিব লাগিব ৷’’

শৰ্মাই আৰু কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ বাংলাদেশী মুছলমানে যাতে অবৈধভাৱে ভূমি দখল নকৰে তাৰ বাবে অসমৰ বিজেপি চৰকাৰে নিশ্চিত কৰিছে ৷ অসমৰ ডেৰ লাখ একৰ মাটিৰ পৰা বাংলাদেশী মুছলমানক উচ্ছেদ কৰা হৈছিল ৷ যদি কোনোবাই অসমত অবৈধ প্ৰৱেশ কৰে তেন্তে সেই ব্যক্তিজনক তৎক্ষণাত বিতাড়িত কৰা হয় ।’’

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মমতা বেনাৰ্জী কটাক্ষ কৰি কয়, ‘‘মই অবৈধ বাংলাদেশীক ঘূৰাই পঠিয়াই দিওঁ আৰু মমতা বেনাৰ্জীয়ে তেওঁলোকক পশ্চিম বংগত নৱবিবাহিত কইনাৰ দৰে আদৰণি জনায় ।’’

লগতে পঢ়ক : বাবৰি মছজিদ নিৰ্মাণৰ কথা অসমত ক’ব নোৱাৰে, কেৱল বংগতহে সম্ভৱ: হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : খেড়া সিংহ নহয় ভিজা মেকুৰীহে, সেয়ে চোৰৰ দৰে পলাই আছে : বিজেপিৰ তীব্ৰ কটাক্ষ