মণিপুৰত বৃহৎ অস্ত্ৰ উদ্ধাৰ অভিযান; নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত আটক ইউএনএলএফ (পি)-ৰ চাৰি কেডাৰ
মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ নিৰাপত্তাবাহিনীৰ যৌথ অভিযানত জব্দ কৰা হৈছে এই অস্ত্ৰ-শস্ত্ৰসমূহ ৷ লগতে আটক চাৰিগৰাকীকৈ উগ্ৰপন্থী কেডাৰ ৷

Published : May 22, 2026 at 12:16 PM IST
তেজপুৰ: মণিপুৰত অবৈধ অস্ত্ৰ ব্যৱসায় আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে যৌথ অভিযানত এক বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে । লামডেং অঞ্চলত চলোৱা একাধিক অভিযানত বুজন সংখ্যক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হয় ৷
মণিপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি এক বিশ্বাসযোগ্য গোপন তথ্যৰ ভিত্তিত ২০ মে’ত মণিপুৰ আৰক্ষীয়ে লামশাং আৰক্ষী থানাৰ অন্তৰ্গত লামডেং অঞ্চলত এক বিশেষ অভিযান আৰম্ভ কৰে । অভিযানৰ সময়ত ইউএনএলএফ (পি)-ৰ দুজন সক্ৰিয় কেডাৰ হেইশ্নাম থমাছ সিং (২৯) আৰু আৰাম্বাম টমটম সিং (২৯)ক আটক কৰা হয় ।
ইয়াৰে হেইশ্নাম থমাছ সিঙৰ ঘৰ মায়াং ইম্ফল কোকচাইত আৰু আৰাম্বাম টমটম সিঙৰ ঘৰ লামশাং হেইবংপকপি মায়াল লৈকাইত ৷ তেওঁলোকৰ পৰা এটা INSAS LMG, তিনিটা INSAS LMG মেগাজিন আৰু ১৪টা সজীৱ গুলী উদ্ধাৰ কৰা হয় ।
আৰক্ষীৰ তথ্য অনুসৰি, আটক প্ৰক্ৰিয়া চলি থকাৰ সময়ত অভিযুক্ত কেডাৰসকলৰ সহযোগীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰে ৷ ফলত কিছু সময়ৰ বাবে দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয় । পিছত গুলীচালনাৰ ঘটনাত জড়িত আন দুজন কেডাৰ নিংথৌজাম ৰাকেশ সিং আৰু চিংখাম মহেশ সিংকো আটক কৰা হয় ।
Big Breaking 🚨. From Manipur.
— Maj Digvijay Singh Rawat, Kirti Chakra (Retd) (@Dig_raw21) May 21, 2026
70 weapons of Meitei militant group UNLF and 4 militants were arrested by Assam rifles and Manipur police after a brief exchange of fire in Imphal, militants were planning a bigger attack on Security forces . Jammers, Drones and many Chinese… pic.twitter.com/PMPqfLtYsJ
প্ৰাথমিক জেৰাত আটকাধীন কেডাৰসকলে জনায় যে, ইউএনএলএফ (পি)-ৰ স্বঘোষিত লেন্স কৰ্পোৰেল নাওৰেম বিজয় ওৰফে মাচাৰ নিৰ্দেশত তেওঁলোকে জব্দ কৰা অস্ত্ৰসমূহ বিক্ৰীৰ বাবে আনিছিল । তদুপৰি, পূৰ্বেও লুট কৰা অস্ত্ৰ আৰু গুলী বিক্ৰীৰ সৈতে জড়িত থকাৰ কথাও স্বীকাৰ কৰে কেডাৰকেইজনে ।
ইয়াৰ পিছতে লাভ কৰা তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী, অসম ৰাইফলছ আৰু চিআৰপিএফে যৌথভাৱে লামডেংস্থিত এক অবৈধ ইউএনএলএফ (পি) শিবিৰত কৰ্ডন আৰু তালাচী অভিযান চলায় । এই অভিযানত ২৯ টা অস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ ভিতৰত আছে AK ছিৰিজ ৰাইফল, M ছিৰিজ ৰাইফল, পিষ্টল আৰু আন আগ্নেয়াস্ত্ৰ ।
ইয়াৰ পিছতে ২১ মে’ত চলোৱা আন এক যৌথ অভিযানত নিৰাপত্তা বাহিনীয়ে আৰু ৩৮ টা অস্ত্ৰসহ বৃহৎ পৰিমাণৰ যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰে । ইয়াৰ ভিতৰত আছে স্নাইপাৰ ৰাইফল, মৰ্টাৰ, RPG-7 লঞ্চাৰ, এণ্টি-ড্ৰোন জেমাৰ, বিস্ফোৰক সামগ্ৰী আৰু বুজন পৰিমাণৰ গুলী-বাৰুদ ।
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে—
- ২৭টা AK ছিৰিজ ৰাইফল
- ৪টা ৯ এমএম পিষ্টল
- ৩টা M21 ৰাইফল
- ১টা M4 ৰাইফল
- ৪টা M16 ৰাইফল
- ১টা স্নাইপাৰ ৰাইফল
- ১টা কাৰবাইন
- ২টা মৰ্টাৰ
- ১টা RPG-7
- কেইবাটাও শ্বটগান আৰু অন্যান্য আগ্নেয়াস্ত্ৰ
- বিস্ফোৰক সামগ্ৰী, এণ্টি-ড্ৰোন জেমাৰ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী
নিৰাপত্তা সংস্থাসমূহে এই অভিযানক ৰাজ্যখনত অবৈধ অস্ত্ৰ সৰবৰাহ আৰু উগ্ৰপন্থী কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা বুলি অভিহিত কৰিছে ।
আৰক্ষীয়ে জনসাধাৰণক আহ্বান জনাইছে যে, লুট কৰা বা অবৈধভাৱে সংৰক্ষণ কৰা অস্ত্ৰ-শস্ত্ৰ সম্পৰ্কে কোনো তথ্য থাকিলে সেয়া ওচৰৰ আৰক্ষী থানাত তৎক্ষণাৎ জনাব লাগে । অঞ্চলটোৰ শান্তি, সুৰক্ষা আৰু স্থিতিশীলতা বজাই ৰখাত জনসাধাৰণৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও আৰক্ষীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক: শিলিগুৰিত ভাৰত-বাংলাদেশ সীমান্তত আৰম্ভ কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম

