লোকপালৰ সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ মহুৱা মৈত্ৰ
মহুৱা মৈত্ৰই কয় যে লোকপালৰ আদেশ ন্যায় ব্যৱস্থাৰ সিদ্ধান্তৰ উলংঘন, তেওঁক আত্মপক্ষ সমৰ্পণৰ কোনো সুবিধা দিয়া হোৱা নাই ।

Published : November 18, 2025 at 1:31 PM IST
নতুন দিল্লী : তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত লোকপালৰ জৰিয়তে চি বি আইৰ অভিযোগনামা দাখিলৰ বাবে অনুমতি দিয়াৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই তেওঁ হাইকোৰ্টত আবেদন কৰিছে ।
উল্লেখ্য যে, ১২ নৱেম্বৰত লোকপালৰ সম্পূৰ্ণ বিচাৰপীঠে লোকপাল আইনৰ ধাৰা ২০ (৭) (ক) আৰু ধাৰা ২৩ (১)ৰ দ্বাৰা নিজৰ অধিকাৰ সাব্যস্ত কৰি মহুৱা মৈত্ৰৰ বিৰুদ্ধে চাৰি সপ্তাহৰ ভিতৰত অভিযোগনামা দাখিলৰ আদেশ দিয়ে । আনহাতে, মহুৱা মৈত্ৰই নিজৰ আবেদনত লোকপালৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে । মহুৱা মৈত্ৰই কয় যে লোকপালৰ আদেশ প্ৰাকৃতিক ন্যায়ৰ সিদ্ধান্তৰ উলংঘন । লোকপালে নিজৰ সিদ্ধান্ত ঘোষণা কৰাৰ পূৰ্বে তেওঁক নিজৰ পক্ষ দাখিল কৰাৰ কোনো সুবিধা দিয়া নাই ।
উল্লেখ্য যে, চি বি আয়ে জুলাই মাহত লোকপালৰ এই সম্বন্ধীয় নিজৰ প্ৰতিবেদন দাখিল কৰিছিল । এই বিষয়ত চি বি আয়ে ২০২৪ চনৰ ২১ মাৰ্চত মহুৱা মৈত্ৰ আৰু ব্যৱসায়ী হীৰনন্দানীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আইনৰ ভিত্তিত এফ আই আৰ ৰুজু কৰিছিল ।
মহুৱা মৈত্ৰৰ ওপৰত এই অভিযোগ উত্থাপন হৈছে যে তেওঁ ব্যৱসায়ী হীৰানন্দিনীৰ পৰা ধন লৈ আদানীৰ বিৰুদ্ধে সংসদত প্ৰশ্ন উত্থাপন কৰিছিল আৰু নিজৰ লগ-ইন পাছৱৰ্ডো হীৰানন্দিনীক দিছিল ।
মহুৱৈ মৈত্ৰ হৈছে পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ সাংসদ । ২০২৩ চনৰ ৮ ডিচেম্বৰত তেওঁৰ লোকসভাৰ সদস্যপদ খাৰিজ কৰা হৈছিল । সংসদৰ এথিক্স কমিটীয়ে মহুৱা মৈত্ৰৰ ওপৰত ধনৰ বিনিময়ত প্ৰশ্ন কৰাৰ অভিযোগ সঁচা বুলি মানি লৈ তেওঁৰ সংসদৰ সদস্যপদ খাৰিজ কৰাৰ বাবে নিৰ্দেশ দিছিল ।

