ETV Bharat / bharat

টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল : তিনি অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

তদন্তত আন্তঃৰাজ্যিক চক্ৰ জড়িত থকাৰ কথা পোহৰলৈ আহিছে ৷ সন্দেহযুক্ত দুজন লোক সম্প্ৰতি পলাতক অৱস্থাত আছে ।

Maharashtra TET Paper Leak
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 9:33 PM IST

2 Min Read
Choose ETV Bharat

থানে(মহাৰাষ্ট্ৰ): টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চলোৱা তদন্তৰ অগ্ৰগতি ৷ দেওবাৰে এই কেলেংকাৰীত জড়িত তিনি অভিযুক্তক আদালতত হাজিৰ কৰোৱা হৈছিল । আৰক্ষীয়ে অভিযুক্তসকলক দহদিনৰ জিম্মাত বিচাৰিছিল ৷ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই আদালতে অভিযুক্তসকলক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । ৬ জুলাইলৈ অভিযুক্তকেইটা আৰক্ষীৰ জিম্মাতে থাকিব ৷

প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে এই প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে আন্তঃৰাজ্যিক চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাটোৰ দুজন অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে ।

টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত ধীৰাজ বলৰাজ সিং(২৮), ৰাজীৱ ছ’(৪৫) আৰু আকাশকুমাৰ স্বৰাজকুমাৰ(৩০) ক দেওবাৰে বন্ধৰ দিন হোৱাৰ পিছতো মূল অভিযুক্ত হিচাপে আদালতত হাজিৰ কৰোৱা হৈছিল ৷

উল্লেখ্য যে, তদন্তৰ সময়ত অভিযুক্তৰ জিম্মাৰ পৰা টেট পৰীক্ষাৰ প্ৰশ্নকাকত জব্দ কৰা বুলি আৰক্ষীয়ে আদালতক অৱগত কৰে ৷ সমান্তৰালকৈ আৰক্ষীয়ে এই কাণ্ডৰ সৈতে এটা আন্তঃৰাজ্যিক চক্ৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰে ৷ ঘটনাত জড়িত দুজন সন্দেহযুক্ত লোক সম্প্ৰতি পলাতক অৱস্থাত থকা বুলি আৰক্ষীয়ে আদালতত ব্যক্ত কৰে ৷

আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ প্ৰকৃত উৎস বিচাৰি উলিয়াবলৈ, আন আন স্থানত প্ৰশ্নকাকত বিক্ৰী হৈছে নে নাই সেয়া নিৰ্ণয় কৰিবলৈ, বিত্তীয় লেনদেনৰ তদন্ত কৰিবলৈ আৰু এই চক্ৰৰ সৈতে জড়িত অন্যান্যসকলৰ ভূমিকা পৰীক্ষা কৰিবলৈ অভিযুক্তক দহ দিনৰ জিম্মাত বিচাৰিছিল । আদালতে আৰক্ষীৰ হকে নিৰ্দেশ প্ৰদান কৰে ৷

আনহাতে, অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা ধীৰাজ সিঙে আদালতৰ দৃষ্টি আকৰ্ষণ কৰে ৷ অধিবক্তাগৰাকীয়ে তেওঁৰ ক্লায়েণ্টৰ পূৰ্বে বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰ কৰাৰ বাবে নিয়মীয়াকৈ ঔষধৰ প্ৰয়োজন বুলি আদালতক জনায় । ইয়াৰ উত্তৰত প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষীয়ে আদালতত স্পষ্ট কৰি দিয়ে ।

দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে তিনি অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ এই ঘটনাটো মহাৰাষ্ট্ৰত সংঘটিত হৈছে ৷

লগতে পঢ়ক: কেতন আগৰৱালৰ হত্যাকাণ্ড : হত্যাৰ দৃশ্যাৱলী পুনঃ প্ৰস্তুতৰ বাবে অভিযুক্তক লগত লৈ ঘটনাস্থলীত আৰক্ষী