মানসিক ৰোগীক সহায় কৰিবলৈ পত্নীৰ মংগলসূত্ৰ থ’লে বন্ধকত
বাবাচাহেব শ্বেলকে গাঁৱে গাঁৱে ২০৫ টাতকৈও অধিক শৌচাগাৰ নিৰ্মাণ কৰিছে ৷ যাৰ বাবে তেওঁক পুৰস্কৃত কৰা হৈছে শিৱ ছত্ৰপতি পুৰস্কাৰৰে ৷

Published : October 22, 2025 at 6:30 PM IST
ছত্ৰপতি সম্ভাজীনগৰ: সৰু সৰু মানুহৰ ডাঙৰ ডাঙৰ কাম ৷ আৰ্থিকভাৱে নহ’লেও মনৰ ধনী তেওঁ ৷ সেয়েহে মানসিকভাৱে ভাৰসাম্য হেৰুওৱা লোকসকলৰ বাবে কিবা এটা কৰাৰ মন ৷
পিছে কি বা কৰিব, হাতত নাই ধন ৷ অৱশেষত পত্নীৰ মংগলসূত্ৰ বন্ধকত থৈ হ’লেও চিকিৎসা কৰিলে মানসিকভাৱে ভাৰসাম্য হেৰুওৱা এজন লোকৰ ৷ এই কাম কৰি দেখুৱালে মহাৰাষ্ট্ৰৰ জলনাৰ আম্বাদ তালুকৰ ডোমেগাঁও গাঁৱৰ এজন চাফাই কৰ্মীয়ে ৷
বাবাচাহেব শ্বেলকে নামৰ চাফাই কৰ্মীগৰাকীয়ে গাঁঠিৰ ধন ভাঙি গাঁৱে গাঁৱে ২০৫ টাতকৈও অধিক শৌচাগাৰ নিৰ্মাণ কৰিছে ৷ যাৰ বাবে তেওঁক ৰাজ্য চৰকাৰে শিৱ ছত্ৰপতি পুৰস্কাৰেৰে পুৰস্কৃত কৰে ।
ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, ‘‘পৰিয়ালৰ সহায়ৰ বাবেহে মই মানসিক ৰোগীজনৰ কাষত থিয় দিবলৈ সক্ষম হৈছো ।’’
মূল কথা এনেধৰণৰ - প্ৰমোদ (নাম সলনি কৰা হৈছে) নামৰ ৰোগীজন হঠাৎ মানসিকভাৱে অস্থিৰ হৈ পৰিছিল । তেওঁ বিভিন্ন ধৰণৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল ৷ আনহাতে তেওঁৰ মাতৃয়ে পথাৰত কাম কৰিছিল ।
প্ৰমোদক চিকিৎসাৰ বাবে ছত্রপতি সম্ভাজীনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ অনাৰ পাছত চিকিৎসকে এমাহৰ বাবে চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে । প্ৰথমাৱস্থাত গাঁৱৰ একাংশ লোকে চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰিছিল যদিও পিছলৈ সেয়া সম্ভৱপৰ হৈ নুঠে ৷ যাৰ বাবে শ্বেলকেই লোকজনক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ১২,৫০০ টকাৰ বিনিময়ত তেওঁ পত্নীৰ মংগলসূত্ৰ বন্ধকত ৰাখে ।
শ্বেলকে নিজৰ ফাৰ্মখনো বিক্ৰী কৰি নিজৰ গাঁৱত বিভিন্ন ধৰণৰ দাতব্য কাম কৰিছে । ২০১০ চনত গাঁৱখনত শৌচাগাৰৰ অভাৱৰ বাবে তেওঁ নিজৰ খেতিপথাৰৰ ডেৰ একৰ মাটি বিক্ৰী কৰি ১৮০ টা শৌচাগাৰ নিৰ্মাণ কৰে । ২০১৭ চনত তেওঁ পুনৰ ২৫ টা শৌচাগাৰ নিৰ্মাণ কৰে । কিন্তু তেওঁ সামাজিক উদ্যোগী হিচাপে স্বীকৃতি পাবলৈ বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰে ।
শ্বেলকে নিজৰ অঞ্চলৰ আন বহুতো উন্নয়নমূলক কাম কৰিবলৈ উদ্যোগ লৈছিল । তেওঁ গাঁওখনৰ আশে-পাশে প্ৰায় ৮ হাজাৰ গছপুলি ৰোপণ কৰিছিল । গাঁৱৰ মানুহে যেতিয়া পানীৰ অভাৱৰ সৈতে যুঁজিছিল, তেতিয়া তেওঁ নিজৰ পথাৰত কৃষিজাত সামগ্ৰী বিক্ৰী কৰি সৰু ঋণ লৈ পোৱা ধনেৰে এটা ব’ৰৱেল স্থাপন কৰিছিল । সেই ব’ৰৱেলৰ পানী এতিয়াও গাঁওবাসীক বিনামূলীয়াকৈ বিতৰণ কৰা হয় ।

