ETV Bharat / bharat

অভিশপ্ত হৈ পৰিল বুধবাৰ, বিমান দুৰ্ঘটনাত চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল উপ-মুখ্যমন্ত্ৰী

জনসমাৱেশক সম্বোধন কৰিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় উপ-মুখ্যমন্ত্ৰীক কঢ়িয়াই নিয়া বিমানখন ৷

DEPUTY CM AJIT PAWAR PLANE CRASH
বিমান দুৰ্ঘটনা চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল উপ মুখ্যমন্ত্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 10:06 AM IST

|

Updated : January 28, 2026 at 11:30 AM IST

3 Min Read
Choose ETV Bharat

পুনে, (মহাৰাষ্ট্ৰ) : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ নেতা অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু । নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ তেওঁ উৰা মৰা বিমানখন বুধবাৰে পুৱা অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰ পিছতে জুই লাগে বিমানখনত । তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয় ।

জানিব পৰা মতে বিমানখনত অজিত পাৱাৰ আৰু তেওঁৰ নিৰাপত্তাৰক্ষী আছিল । আজি বাৰামতীত অজিত পাৱাৰে এক সভাত ভাষণ দিয়াৰ কথা আছিল । তেওঁ তালৈ গৈ আছিল । অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা । তাৰবাবেই তেওঁৰ মৃত্যু হয় ।

উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনা (ETV Bharat)

ডি জি চি এৰ এগৰাকী বিষয়াই জনোৱা মতে, ভি এছ আৰ এভিয়েশন পৰিচালিত ভি টি-এছ এছ কে লিয়াৰজেট ৪৫ বিমানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকী আছিল । বিমানখনত ক্ৰুকে ধৰি পাঁচজন লোক আছিল । দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হয় ।

তেওঁ কয়,"বিমানখনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, আন ২ জন জোৱান (১ জন পিএছঅ' আৰু ১ জন এটেণ্ডেণ্ট) আৰু ২ জন ক্ৰু (পিআইচি+এফঅ') সদস্য আছিল । প্ৰাৰম্ভিক তথ্য অনুসৰি দুৰ্ঘটনাটোত কোনো লোক জীৱিত অৱস্থাত নাই ।"

ঘটনাস্থলীৰ ভিডিঅ’ত দেখা গৈছে পুৱা প্ৰায় ৯:১৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ জ্বলি থকা ধ্বংসাৱশেষ । খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল মোতায়েন কৰা হয় আৰু স্থানীয় লোকেও সহায়ৰ বাবে তৎপৰ হৈ পৰে । কিন্তু জ্বলি থকা বিমানখনৰ কাষ চপাটো বৰ বিপদসংকূল আছিল । পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অজিত পাৱাৰে অহা মাহত অনুষ্ঠিত হ’বলগীয়া জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ কথা আছিল । বুধবাৰে তেওঁ চাৰিখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ কথা আছিল ।

বিমান দুৰ্ঘটনাত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্য শোকত ভাগি পৰিছে । মহাৰাষ্ট্ৰৰ অন্যতম প্ৰভাৱশালী ৰাজনীতিবিদ বুলি গণ্য কৰা এন চি পিৰ মুৰব্বী অজিত পাৱাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত নিজৰ স্থিতি সুদৃঢ় কৰাই নহয় ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত ষষ্ঠবাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিজৰ স্থিতি সুদৃঢ় কৰি তুলিছিল ।

এন চি পিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি প্ৰভাৱশালী খুৰাৰ ছাঁৰ পৰা ওলাই আহিছিল অজিত । ২০২৪ চনৰ ২৮৮ জনীয়া বিধানসভাৰ নিৰ্বাচনত অজিত পাৱাৰৰ দলটোৱে প্ৰতিদ্বন্দিতা কৰা ৫৯খন আসনৰ ভিতৰত ৪১খন আসন লাভ কৰিছিল । অজিত পাৱাৰে বাৰামতীৰ পৰা ভতিজা তথা এন চি পি (এছ পি)ৰ প্ৰাৰ্থী যোগেন্দ্ৰ পাৱাৰক এক লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ।

অজিত পাৱাৰ শৰদ পাৱাৰৰ জ্যেষ্ঠ ভাতৃ অনন্তৰাও পাৱাৰৰ পুত্ৰ । অজিত পাৱাৰৰ ১৮ বছৰ বয়সত পিতৃৰ মৃত্যু হয় । ১৯৮২ চনত শৰদ পাৱাৰৰ পদাংক অনুসৰণ কৰি তেওঁ এখন চেনি সমবায় সমিতিৰ ব'ৰ্ডলৈ নিৰ্বাচিত হয় । ১৯৯১ চনত পুনে জিলা সমবায় বেংকৰ অধ্যক্ষ নিৰ্বাচিত হৈ ১৬ বছৰ এই পদত অধিষ্ঠিত হৈ থাকে ।

অজিত পাৱাৰৰ প্ৰথম নিৰ্বাচনী সফলতা আছিল ১৯৯১ চনত, যেতিয়া তেওঁ বাৰামতীৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । কিন্তু শৰদ পাৱাৰ নৰসিংহ ৰাও চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈ সংসদত প্ৰৱেশৰ প্ৰয়োজন হোৱাত তেওঁ আসনখন খালী কৰে । সেই বছৰতে বাৰামতীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অজিতে তেতিয়াৰ পৰাই আসনখনক প্ৰতিনিধিত্ব কৰি আহিছিল ।

লগতে পঢ়ক : খাৱৈত পৰিল সেনাৰ বাহন : শ্বহীদ ১০ জোৱান, আহত ১১

Last Updated : January 28, 2026 at 11:30 AM IST