ETV Bharat / bharat

এদিন নহয় এদিন আকৌ ঘূৰি আহিব সেই সুদিন ! আলোক জৈনে আজিও গ্ৰিটিংছ কাৰ্ডেৰে ভৰাই ৰাখিছে দোকানখন

গ্ৰিটিংছ কাৰ্ডে আমাক প্ৰেমৰ শক্তি অনুভৱ কৰোৱায় । কিন্তু মোবাইলত অহা মেছেজ পঢ়ি মানুহে তাক ডিলিট কৰে ।

Lone Gaya Shop Awaits Return Of Greeting Card Era
গ্ৰিটিংছ কাৰ্ডৰ দিন উভতি অহাৰ অপেক্ষাত এগৰাকী বিক্ৰেতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 11:30 AM IST

5 Min Read
Choose ETV Bharat

গয়া(বিহাৰ): নতুন বছৰত সকলোৱে অপেক্ষা কৰে আপোনজনৰ পৰা শুভেচ্ছাবাহক এখন কাৰ্ড লাভ কৰিবলৈ । কাৰণ এই কাৰ্ডখনে কঢ়িয়াই আনে নতুনৰ আশা আৰু হিয়াভৰা মৰম । প্ৰায় দুই দশক আগলৈকে নৱবৰ্ষৰ আগমনৰ লগে লগে শুভেচ্ছাবাহক কাৰ্ড বা গ্ৰিটিংছ কাৰ্ড কিনিবলৈ হেতাওপৰা লগাইছিল । পিছে ইন্টাৰনেট,মোবাইলৰ ব্য়াপক ব্য়ৱহাৰত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে শুভেচ্ছা বাৰ্তা বহন কৰা গ্ৰিটিংছ কাৰ্ডখন ।

এসময়ত প্ৰতিটো উৎসৱ উপলক্ষে সকলোৱে এই কাৰ্ডৰ জৰিয়তে শুভেচ্ছা প্ৰেৰণ কৰা হৈছিল । এই পৃথিৱীখন ডিজিটেল যুগলৈ পৰ্যবসিত হোৱাৰ লগে লগে গ্ৰিটিংছ কাৰ্ডখন যেন হেৰাই গ’ল । কাৰণ এতিয়া সকলোৱে এছ এম এছৰ জৰিয়তে অথবা ছ’চিয়েল মিডিয়া এপৰ জৰিয়তে প্ৰেৰণ কৰা হ’ল শুভেচ্ছা । সেয়েহে আগতে কাৰ্ড বিক্ৰী কৰা দোকানবোৰ এতিয়া চাহিদাৰ অভাৱত হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

অৱশ্যে ইয়াৰ মাজতো একাংশ বিক্ৰেতাই এতিয়াও আশাৰে অপেক্ষা কৰি আছে পুনৰ আগৰ দিন উভতি আহিব । বিহাৰৰ গয়াৰ বাজাজা ৰোডত এতিয়াও এখন দোকান আছে য’ত বিক্ৰীৰ বাবে সজাই থোৱা থাকে কাৰ্ড । 'কাৰ্ড 'এন' কাৰ্ডছ' নামৰ দোকানখন আলোক জৈনে এই আশাত চলাই আছে যে গ্ৰিটিংছ কাৰ্ডৰ দিনবোৰ এদিন হ'লেও ঘূৰি আহিব । তেওঁৰ ব্যৱসায়টোৱে পুনৰ ঠন ধৰি উঠিব বুলিও তেওঁ আশাবাদী ।

এতিয়া তেওঁ অলপ হতাশ হৈছে, কাৰণ ডিচেম্বৰৰ শেষ সপ্তাহতো কোনোৱেই গ্ৰিটিংছ কাৰ্ড কিনিবলৈ দোকানখনলৈ অহা নাই । এসময়ত বৰদিন আৰু নৱবৰ্ষৰ শুভেচ্ছা কাৰ্ড বৃহৎ সংখ্যক বিক্ৰী হৈছিল । মানুহে ইজনে সিজনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল আটাইতকৈ অনন্য কাৰ্ডখন কোনে কিনিব পাৰে বুলি । এতিয়া পিচে সেই ছবিখন দেখিবলৈ পোৱা নাযায় ।

এই সন্দৰ্ভত জৈনে কয় যে আগতে প্ৰতিগৰাকী ব্যক্তিয়ে কমেও ১০খন গ্ৰিটিংছ কাৰ্ড কিনিছিল । "আগতে নৱবৰ্ষৰ দিনা মানুহে পিতৃ-মাতৃ, পুত্ৰ, কন্যা, বন্ধু-বান্ধৱী আৰু অন্যান্য আত্মীয়লৈ গ্ৰিটিংছ কাৰ্ড প্ৰেৰণ কৰিছিল । আজি তেওঁলোকে মোবাইল ফোনত মেছেজৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা আদান-প্ৰদান কৰে । আগতে গয়া চহৰত ডজন ডজন দোকান আছিল আৰু সকলোবোৰতেই ভিৰ আছিল । মোৰ দোকানতো আগতে ভিৰ আছিল ।" এইদৰে কয় ব্য়ৱসায়ীগৰাকীয়ে ।

তেওঁ কয় যে গ্ৰিটিংছ কাৰ্ডেৰে এক আৱেগিক সংযোগ প্ৰকাশ কৰা হৈছিল । এতিয়া মানুহে মোবাইল ফোনযোগে বাৰ্তা বিনিময় কৰি থকাৰ সময়তে এই ডিজিটেল মাধ্যমটোৱে এসময়ত গ্ৰিটিংছ কাৰ্ডৰ দৰে তাৎপৰ্য লাভ কৰা নাই । তেওঁলোকে আৱেগিক সংযোগ এটা প্ৰকাশ কৰিলেও মানুহে আলমাৰীত সজাই থোৱা গ্ৰিটিংছ কাৰ্ডক মূল্যৱান বুলি ভাবিছিল । কেইবাবছৰৰ পাছতো সদায় সেইবোৰ উলিয়াই আনি চাইছিল ।

জৈনে আগতে হাজাৰ হাজাৰ কাৰ্ড বিক্ৰী কৰিছিল বুলি উল্লেখ কৰি কয়, "চহৰখনত বহু দোকান আছিল আৰু গ্ৰিটিংছ কাৰ্ডৰ বিক্ৰীও বৃদ্ধি পাইছিল । এতিয়া গ্ৰিটিং কাৰ্ড বিক্ৰী কৰিবলৈ কোনো নাই । একমাত্ৰ মোৰ দোকানখনেই বিক্ৰী কৰি আছে । স্কুলীয়া ল'ৰা-ছোৱালী দুজনমানে খ্ৰীষ্টমাছৰ বাবে কাৰ্ড কিনিছিল । এতিয়াও নৱবৰ্ষৰ কাৰ্ড এখনো বিক্ৰী হোৱা নাই।"

তেওঁ এতিয়াও আশাবাদী যে এদিন হ'লেও গ্ৰিটিংছ কাৰ্ডৰ যুগ উভতি আহিব । এই আশাৰেই তেওঁ কয়, "আমি আশা কৰিছো যে সেই দিনবোৰ উভতি আহিব আৰু গ্ৰিটিংছ কাৰ্ডৰ উন্মাদনা বৃদ্ধি পাব । কাৰণ গ্ৰিটিংছ কাৰ্ডে আমাক প্ৰেমৰ শক্তি অনুভৱ কৰায় । সকলোৱে মোবাইলত এটা মেছেজ দেখি তাৰ পিছত ডিলিট কৰে । নতুন বছৰৰ সময়তো এনেকুৱা হয়; কিন্তু কোনেও গ্ৰিটিংছ কাৰ্ডখন পেলাই নিদিয়ে আৰু তাৰ পৰিৱৰ্তে ভালদৰে ৰাখে ।"

জৈনে কয় যে আগতে ক্ৰেতাই বিদেশতো নিজৰ আত্মীয়লৈ গ্ৰিটিংছ কাৰ্ড প্ৰেৰণ কৰিছিল । লণ্ডন, আমেৰিকা বা ভাৰতৰ যিকোনো ঠাইত আত্মীয় থকাসকলে উৎসৱমুখৰ অনুষ্ঠানৰ পূৰ্বেই শুভেচ্ছা কাৰ্ড কিনি আপোনজনৰ ওচৰলৈ পঠিয়াইছিল ।

তেওঁ কয় যে ভাৰতীয় সংস্কৃতিত কাগজৰ যথেষ্ট তাৎপৰ্য আছে আৰু কাগজৰ গ্ৰিটিংছ কাৰ্ডৰ প্ৰথাও তাৎপৰ্যপূৰ্ণ । তেওঁৰ দোকানত এতিয়াও সকলো অনুষ্ঠানৰ বাবে গ্ৰিটিংছ কাৰ্ড সজাই থোৱা আছে । অনুষ্ঠান আৰু গুণগত মান অনুসৰি মূল্য নিৰ্ধাৰণ কৰা হয় । কাৰ্ডসমূহ ৮০ টকাৰ পৰা ৫০০ টকা, আনকি ১০০০ টকালৈকে পোৱা যায় । তেওঁ এনেদৰে ৰাখে যাতে যেতিয়াই গ্ৰাহকে বিচাৰি আহে তেতিয়া গ্ৰাহক হতাশ নহয় ।

এই সন্দৰ্ভত গয়াৰ মুখ্য ডাকঘৰৰ জ্যেষ্ঠ ডাক মাষ্টাৰ ৰোহিত কুণ্ডনে কয়, "এতিয়া গ্ৰিটিংছ কাৰ্ড প্ৰেৰণ কৰা প্ৰথা বন্ধ হৈছে । এসময়ত গ্ৰিটিংছ কাৰ্ড প্ৰেৰণৰ বাবে হুলস্থূল হৈছিল । ডিচেম্বৰৰ শেষ সপ্তাহ আৰু জানুৱাৰী মাহৰ প্ৰথম দিনবোৰত ডাকঘৰৰ বাকচবোৰ গ্ৰিটিংছ কাৰ্ডেৰে ভৰি আছিল। ডাকঘৰীয়াসকলে ঘৰে ঘৰে নিজা নিজা ঠিকনালৈ সেইবোৰ পঠিয়াইছিল।"

লগতে পঢ়ক:১ জানুৱাৰীৰ দিনাই কিয় উদযাপন কৰা হয় নৱবৰ্ষ ? ইয়াৰ আঁৰত আছে বহু কাৰণ...

নৱবৰ্ষৰ দিনা এনেদৰে আপোনাৰ বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা