তাৰিক ৰহমানৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ওম বিৰলাই
১৭ ফেব্ৰুৱাৰীত বাংলাদেশত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতকে ধৰি ১৩খন দেশক আমন্ত্ৰণ জনোৱা হৈছে ।


Published : February 16, 2026 at 12:16 AM IST
নতুন দিল্লী : ১৭ ফেব্ৰুৱাৰীত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ সভাপতি তাৰিক ৰহমানৰ নেতৃত্বত নৱনিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । বিদেশ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি এই অনুষ্ঠানত অধ্যক্ষৰ অংশগ্ৰহণে ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ মাজত থকা গভীৰ আৰু শক্তিশালী বন্ধুত্বৰ প্ৰতিফলন ঘটায় ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "এটা ভাগ-বতৰা কৰা ইতিহাস, সংস্কৃতি আৰু পাৰস্পৰিক সন্মানৰ দ্বাৰা বান্ধ খাই থকা প্ৰতিবেশী হিচাপে ভাৰতে তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশত নিৰ্বাচিত চৰকাৰৰ আগমনক আদৰণি জনাইছে, যাৰ দৃষ্টিভংগী আৰু মূল্যবোধে জনসাধাৰণৰ অতিশয় সমৰ্থন লাভ কৰিছে ।"
প্ৰধানমন্ত্ৰী মোদী কিয় নকৰে অংশগ্ৰহণ ?
বাংলাদেশৰ দৈনিক কাকত প্ৰথম আলোত প্ৰকাশিত এক বাতৰি অনুসৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল । ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে তেওঁৰ পূৰ্ব নিৰ্ধাৰিত দ্বিপাক্ষিক বৈঠক আছে । দিল্লীত তেওঁৰ এ আই ইমপেক্ট ছামিটো আছে । যাৰবাবে তেওঁ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব ।
১৩ খন দেশলৈ আমন্ত্ৰণ
কূটনৈতিক সূত্ৰ অনুসৰি বাংলাদেশৰ নৱনিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ভাৰতৰ লগতে চীন, পাকিস্তান, চৌদি আৰব, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, মালয়েছিয়া, ব্ৰুনাই, শ্ৰীলংকা, নেপাল, মালদ্বীপ, ভূটানক আমন্ত্ৰণ জনাইছে । অহা ১৭ ফেব্ৰুৱাৰী মঙলবাৰে বিয়লি ৰাষ্ট্ৰীয় সংসদৰ চাউথ প্লাজাত নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
বি এন পিয়ে লাভ কৰে বৃহৎ জয়
২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত তাৰিক ৰহমান নেতৃত্বাধীন বি এন পিয়ে ৩০০ আসনৰ সংসদত ২০৯খন আসন লাভ কৰি বৃহৎ জয় লাভ কৰে । জামাত-ই-ইছলামী মিত্ৰতাই মূল বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰে । ২০২৪ চনত ব্যাপক আন্দোলনৰ পিছত দীৰ্ঘদিনীয়া নেতা শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত এইটোৱেই আছিল প্ৰথম নিৰ্বাচন ।
প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
বাংলাদেশৰ নেতৃত্বৰ এই বৃহৎ ৰাজনৈতিক পৰিৱর্তনৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তাৰিকে ৰহমানক বি এন পিৰ নির্বাচনী জয়ৰ বাবে আন্তৰিক অভিনন্দন জনায় ৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত দিয়া বাৰ্তাত মোদীয়ে ৰহমানক অভিনন্দন জনাই কয়, "বাংলাদেশ সংসদীয় নিৰ্বাচনত বি এন পিক নিৰ্ণায়ক জয়ৰ দিশত আগবঢ়াই নিয়াৰ বাবে তাৰিক ৰহমানক মই আন্তৰিকতাৰে অভিনন্দন জনাইছো । এই বিজয়ে আপোনাৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ আস্থা প্ৰতিফলিত কৰিছে । ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত থিয় দি থাকিব । মই আপোনালোকৰ সৈতে আমাৰ বহুমুখী সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আৰু আমাৰ ভাগ-বতৰা উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ বাবে কাম কৰিবলৈ আগ্ৰহী ।"
Delighted to speak with Mr. Tarique Rahman. I congratulated him on the remarkable victory in the Bangladesh elections.
— Narendra Modi (@narendramodi) February 13, 2026
I conveyed my best wishes and support in his endeavour to fulfil the aspirations of the people of Bangladesh.
As two close neighbours with deep-rooted…
বি এন পিৰ কৃতজ্ঞতা প্ৰকাশ
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত বি এন পিয়ে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা আৰু দলৰ নেতৃত্বক দিয়া স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । দলটোৱে কয়, "মাননীয় @narendramodi, আপোনাক বহুত বহুত ধন্যবাদ । ৰাষ্ট্ৰীয় নিৰ্বাচনত বি এন পিৰ বাবে নিৰ্ণায়ক জয় প্ৰদানৰ ক্ষেত্ৰত তাৰিক ৰহমানৰ নেতৃত্বক আপোনাৰ স্বীকৃতিৰ আমি শলাগ লৈছো । এই ফলাফলে বাংলাদেশৰ জনসাধাৰণে আমাৰ নেতৃত্ব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখিছে, সেই আস্থা প্ৰতিফলিত কৰিছে ।"
Thank you very much, Honourable @narendramodi. We greatly appreciate your kind acknowledgment of Mr. Tarique Rahman’s leadership in securing the BNP’s decisive win in the national elections. This outcome reflects the trust and confidence the people of Bangladesh have placed in… https://t.co/hJAOguIvKZ
— Bangladesh Nationalist Party-BNP (@bdbnp78) February 14, 2026

