ETV Bharat / bharat

লোকসভাত গৃহীত নহ’ল মহিলা সংৰক্ষণ বিধেয়ক : ভোটত হাৰিল চৰকাৰ

সংবিধান সংশোধনী বিধেয়ক গৃহীত হ’বলৈ ৩৫২ টা ভোটৰ প্ৰয়োজন আছিল ৷ কিন্তু সপক্ষে পৰিল ২৯৮ টা আৰু বিপক্ষে পৰিল ২৩০ টা ভোট ৷

Constitution Amendment Bill
লোকসভাত বিতৰ্ক, শুকুৰবাৰে (ANI)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 8:53 PM IST

|

Updated : April 17, 2026 at 9:02 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সদনৰ পৰিসৰ বৃদ্ধি আৰু মহিলা সংৰক্ষণৰ সীমা নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ সৈতে জড়িত কাঠামো সংশোধন কৰাৰ লক্ষ্যৰে সংবিধান (এশ একত্ৰিশ সংশোধনী) বিধেয়ক, ২০২৬ শুকুৰবাৰে লোকসভাত গৃহীত নহ’ল । সদনত উপস্থিত থকা ৫২৮ গৰাকী সাংসদৰ ভিতৰত ২৯৮ গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰে ৷ আনহাতে, ২৩০ গৰাকী সদস্যই বিপক্ষে ভোটদান কৰে ।

এই সংবিধান সংশোধনী বিধেয়ক গৃহীত হ’বলৈ ৩৫২ টা ভোটৰ প্ৰয়োজন আছিল ৷ অৰ্থাৎ সংবিধান সংশোধনৰ বাবে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন আৰু নৰেন্দ্ৰ মোদী চৰকাৰত সেই সংখ্যাগৰিষ্ঠতাৰ অভাৱ আছিল । সংসদৰ নিম্ন সদনত দুদিনীয়া আলোচনাৰ অন্তত যেতিয়া বিধেয়কখনৰ ওপৰত ভোটদান কৰা হয়, তেতিয়া ২৯৮ জন সদস্যই সপক্ষে আৰু ২৩০ জনে বিপক্ষে ভোটদান কৰে । বৃহস্পতিবাৰে লোকসভাৰ সংশোধনী সন্দৰ্ভত আলোচনাৰ বাবে ১২ ঘণ্টীয়া অধিৱেশন অনুষ্ঠিত হয় ৷

বিৰোধীয়ে ঐতিহাসিক সুযোগ হেৰুৱাইছে : কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সংবিধান(এশ একত্ৰিশ সংশোধনী) বিধেয়ক, ২০২৬ গৃহীত নোহোৱাৰ পিছত কেন্দ্ৰই আন দুখন বিধেয়ক ক্ৰমে ‘সীমা পুনৰনিৰ্ধাৰণ বিধেয়ক, ২০২৬’ আৰু ‘কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী বিধেয়ক), ২০২৬’ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ।

অধ্যক্ষ ওম বিৰলাই ১৮ এপ্ৰিল অৰ্থাৎ শনিবাৰলৈ পুৱা ১১ বজালৈ স্থগিত ৰাখে লোকসভাৰ কাৰ্যক্ৰমণিকা ।

বিৰোধীয়ে দেশৰ নাৰীসকলক বিশ্বাসঘাতকতা কৰিছে : বনসুৰী স্বৰাজ

২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা কাৰ্যকৰী হোৱাকৈ লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰিব বিচৰা সংবিধান সংশোধনী বিধেয়কখন শুকুৰবাৰে সংসদৰ নিম্ন সদন লোকসভাত গৃহীত নহ’ল ৷

এই বিষয়ত বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপি নেতাসকল ৷ বিজেপি নেত্ৰী বনসুৰী স্বৰাজে কয় যে বিৰোধীসকলে নাৰীজাতিক বিশ্বাসঘাতকতা কৰিছে আৰু ইয়াৰ মূল্য নিৰ্বাচনত পৰিশোধ কৰিব লাগিব ।

লগতে পঢ়ক: খেড়া সিংহ নহয় ভিজা মেকুৰীহে, সেয়ে চোৰৰ দৰে পলাই আছে : বিজেপিৰ তীব্ৰ কটাক্ষ

Last Updated : April 17, 2026 at 9:02 PM IST