ETV Bharat / bharat

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ২০২৫ LIVE : বিহাৰত এন ডি এৰ জয়জয়কাৰ, দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

bihar assembly election results 2025  live
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ২০২৫ LIVE (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 7:29 AM IST

|

Updated : November 14, 2025 at 7:48 PM IST

Choose ETV Bharat

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে একপ্ৰকাৰ ধূলিস্যাৎ কৰি পেলালে বিৰোধীৰ মহাজোঁট বন্ধনক ৷ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ যাদু বিহাৰত নচলিল ৷ বিজেপি-জে ডি ইউ নেতৃত্বাধীন মিত্ৰজোঁটে পুনৰ বিহাৰত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে ৷ ইতিমধ্যে বিজেপি-জে ডি ইউ সাজু হৈছে বিহাৰত এখন নতুন চৰকাৰ গঠনৰ বাবে ৷ আনহাতে বিহাৰৰ ছবিখন একপ্ৰকাৰ স্পষ্ট হৈ পৰাৰ পিছতে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশবাসীক সম্বোধন কৰে ৷ বিহাৰৰ এই ফলাফলৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ জনতাক ধন্যবাদো জ্ঞাপন কৰে ৷

LIVE FEED

6:19 PM, 14 Nov 2025 (IST)

প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ বিজয়ী

বক্সাৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ ৷ প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ হাতত ধৰাশায়ী হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷

5:25 PM, 14 Nov 2025 (IST)

ৰাঘোপুৰত তেজস্বী যাদৱ নিশ্চিত জয়ৰ দিশে

অৱশেষত ৰাঘোপুৰৰ আসনখন অক্ষুণ্ণ ৰাখিলে তেজস্বী যাদৱে । ২৯ নং ৰাউণ্ডলৈকে তেওঁ ১৩,৮৮০ টা ভোটত আগবাঢ়ি আছে । তেজস্বীয়ে লাভ কৰিছে ১,১৬,৪৬৭ টা ভোট । বিজেপিৰ সতীশ কুমাৰে লাভ কৰিছে ১,০২,৫৮৭ টা । ৰাঘোপুৰৰ ছবিখন প্ৰায় স্পষ্ট ।

4:01 PM, 14 Nov 2025 (IST)

ৱাজিৰগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী বীৰেন্দ্ৰ সিঙৰ জয়লাভ

ৱাজিৰগঞ্জ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বীৰেন্দ্ৰ সিঙে জয়লাভ কৰিছে । গোপালগঞ্জ কুচাইকোট বিধানসভা সমষ্টিত ২৫ হাজাৰ ভোটত জয়লাভ কৰে জে ডি ইউৰ প্ৰাৰ্থী অমৰেন্দ্ৰ কুমাৰে । আনহাতে প্ৰায় ১০ হাজাৰ ভোটৰ অগ্ৰগতিৰে পাটনাৰ মাছৌৰহী বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী অৰুণ মাঞ্জীয়ে জয়লাভ কৰিছে । অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে ।

2:40 PM, 14 Nov 2025 (IST)

বোধগয়াৰ আসনত জয়লাভ কৰে RJDৰ কুমাৰ সৰ্বজীতে

বোধগয়াৰ আসনত জয়লাভ কৰে RJDৰ কুমাৰ সৰ্বজীতে । তেওঁ মুঠ ১০০২৩৬ টা ভোট লাভ কৰে ৷ LJPR ৰ শ্যামদেৱ পাছৱানক ৮৮১টা ভোটত পৰাস্ত কৰে কুমাৰ সৰ্বজীতে ৷

bihar assembly election results 2025
বোধগয়াৰ আসনত জয়লাভ কৰে RJDৰ কুমাৰ সৰ্বজীতে (ECI)

2:36 PM, 14 Nov 2025 (IST)

NDA ৰ অগ্ৰগতি, বিজেপি সমৰ্থকসকলৰ আনন্দ-উল্লাস

বিহাৰ বিধানসভা নিৰ্বাচনত NDA-এ নিজৰ অগ্ৰগতি অক্ষুণ্ণ ৰখাৰ সময়তে বিজেপি সমৰ্থকসকলে আনন্দ-উল্লাস কৰা দেখিবলৈ পোৱা গৈছে ৷ ১৯৮ খন আসন (BJP 89, JDU 77, LJP(RV) 23, HAMS 5, RLM 4) ত এনডিএ আগবাঢ়ি আছে ৷ বৰ্তমানো ভোট গণনা চলি আছে ।

2:34 PM, 14 Nov 2025 (IST)

শ্বেখপুৰাত জেডিইউৰ প্ৰাৰ্থী ৰণধীৰ কুমাৰ ছোনীৰ জয়

১৬ ৰাউণ্ডৰ গণনাৰ অন্তত ৩,৩৮৭টা ভোটত শ্বেখপুৰাৰ জেডিইউৰ প্ৰাৰ্থী ৰণধীৰ কুমাৰ ছোনীয়ে লাভ কৰে । মুঠ ভোটৰ সংখ্যা ৬০,৯১৩টা । ৩২৪৭টা ভোট লাভ কৰে আৰজেডিৰ প্ৰাৰ্থী বিজয় কুমাৰে । এই পৰ্যন্ত মুঠ ভোটৰ সংখ্যা ৪৩,১২০ টা । ১৭,৭৯৩ টা ভোটেৰে আগবাঢ়ি আছে জেডিইউৰ প্ৰাৰ্থী ৰণধীৰ কুমাৰ ছ’নী ।

2:27 PM, 14 Nov 2025 (IST)

সলনি হ’ব পাৰে বোধগয়াৰ পৰিস্থিতি

যিকোনো দিশলৈ গতি কৰিব পাৰে বোধগয়াৰ পৰিস্থিতি ৷ ২৩ ৰাউণ্ডলৈকে ৫ হাজাৰৰো অধিক অগ্ৰগতি লাভ কৰা এলজেপিৰ প্ৰাৰ্থীগৰাকী এতিয়া ২৫ ৰাউণ্ডত মাত্ৰ ৫৩১টা ভোটত আগবাঢ়ি আছে । জানিব পৰা মতে, এটা ৰাউণ্ডহে বাকী আছে ।

2:25 PM, 14 Nov 2025 (IST)

গোপালগঞ্জত ফলাফল

বৈকুণ্ঠপুৰ বিধানসভা সমষ্টি-৯৯

মিথিলেশ তিৱাৰী (বিজেপি) - ৪৩,৮৯৫

প্ৰেম শংকৰ যাদৱ (ৰাজদ) - ৩০,৮২৪

১৩,০৭১ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী

বাৰাউলী বিধান সভা সমষ্টি-১০০

দিলীপ সিং (আৰজেডি) - ৪২,৯৮০

মঞ্জিত সিং (জেডিইউ) - ৪৭,২৯৮

৪,৩১৮টা ভোটত আগবাঢ়ি আছে জেডিইউৰ প্ৰাৰ্থী

গোপালগঞ্জ বিধানসভা সমষ্টি-১০১

সুভাষ সিং (বিজেপি) - ৬৫,৬৮০

ওম প্ৰকাশ গাৰ্গ (কংগ্ৰেছ) - ৪৩,৪১৩

২২,২৬৭ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী

কুচাইকোট বিধান সভা সমষ্টি-১০২

অমৰেন্দ্ৰ পাণ্ডে (জেডিইউ) - ৫৫,৯৫৪

হৰি নাৰায়ণ সিং (কংগ্ৰেছ) - ৪৩,৪৬০

১২,৪৯৪ টা ভোটত আগবাঢ়ি আছে জেডিইউৰ প্ৰাৰ্থী

2:11 PM, 14 Nov 2025 (IST)

নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল, আছে আৰু থাকিব : JDU

পোহৰলৈ আহিবলৈ ধৰিছে বিহাৰৰ নিৰ্বাচনৰ ফলাফল ৷ বিহাৰত NDA-এ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ৷ সকলোৰে দৃষ্টি নিতীশ কুমাৰৰ ওপৰত ৷ ইফালে JD(U)-এ এক বৃহৎ বিবৃতি প্ৰকাশ কৰি কয় যে নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল, আছে আৰু থাকিব ।

1:05 PM, 14 Nov 2025 (IST)

বিক্ৰম বিধানসভা আসনত বিজেপিৰ সিদ্ধাৰ্থ সৌৰভ অগ্ৰগতি

পাটনাৰ বিক্ৰম বিধানসভা সমষ্টিত চৈধ্যটা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে । বিজেপিৰ সিদ্ধাৰ্থ সৌৰভে ৪৫,৬৯৮টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ অনিল সিঙে লাভ কৰে ৪২,৮২৪টা ভোট । ২৮৭৪টা ভোটত আগবাঢ়ি আছে বিজেপি ।

12:32 PM, 14 Nov 2025 (IST)

জনতাৰ সিদ্ধান্ত বিহাৰৰ বাবে দুৰ্ভাগ্যজনক : নিৰ্বাচনী ধাৰাক লৈ পাপ্পু যাদৱৰ মন্তব্য

বিহাৰৰ ফলাফল সন্দৰ্ভত পূৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে কয়, "প্ৰাথমিক ধাৰাসমূহ মানি ল'ব লাগিব । বিহাৰৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক । জনসাধাৰণৰ আগত মই একো ক'ব নোৱাৰো; তেওঁলোকৰ সিদ্ধান্তক মই কেৱল আদৰণি জনাইছো, কিন্তু বিহাৰৰ বাবে এয়া এক দুৰ্ভাগ্য ।"

12:32 PM, 14 Nov 2025 (IST)

বেটিয়া বিধানসভা আসনৰ পৰা আগবাঢ়ি বিজেপি প্ৰাৰ্থী ৰেণু দেৱী

বেটিয়া বিধানসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী ৰেণু দেৱী, বেটিয়া বিধানসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৱাছি আহমেদ পিছ পৰি, চানপটীয়া বিধানসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী উমাকান্ত সিং ৭০০ ভোটত আগবাঢ়ি, কংগ্ৰেছ প্ৰাৰ্থী অভিষেক ৰঞ্জন পিছ পৰি আছে, বেটিয়া বিধানসভাৰ পৰা বিজেপি প্ৰাৰ্থী ৰেনু দেৱী ৩৬২২ টা ভোটত আগবাঢ়ি আছে আসনত, কংগ্ৰেছ প্ৰাৰ্থী ৱাছি আহমেদ পিছ পৰি আছে ।

12:31 PM, 14 Nov 2025 (IST)

পশ্চিম চম্পাৰণত তৃতীয় ৰাউণ্ডৰ ভোটগণনা

তৃতীয় ৰাউণ্ডৰ ভোটগণনাত বেটিয়া বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৱাছি আহমেদৰ নেতৃত্বত ৭০৯টা ভোট লাভ কৰে । নৰকটিয়াগঞ্জ বিধানসভা সমষ্টিত ১১৯টা ভোটৰ নেতৃত্বত আৰজেডিৰ প্ৰাৰ্থী দীপক যাদৱ । লাউৰীয়া বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিনয় বিহাৰীৰ নেতৃত্বত ৩২৭২টা ভোট ।

12:30 PM, 14 Nov 2025 (IST)

পশ্চিম চম্পাৰণত প্ৰথম ৰাউণ্ডৰ ভোটগণনা

প্ৰথম ৰাউণ্ডৰ ভোটগণনাত বগাহাত কংগ্ৰেছ প্ৰাৰ্থী জয়শ মংগল সিঙে আগবাঢ়ি আছিল । লৌৰিয়াত আগবাঢ়ি আছিল বিজেপি প্ৰাৰ্থী বিনয় বিহাৰী । বেটিয়াত বিজেপিৰ প্ৰাৰ্থী ৰেণু দেৱী ৫৯৬টা ভোটত আগবাঢ়ি আছে ।

12:12 PM, 14 Nov 2025 (IST)

পাটনাৰ দনাপুৰ আসনত দহটা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ

আৰজেডিৰ ঋতলাল যাদৱে লাভ কৰিছে ৪১,০৩১টা ভোট

বিজেপিৰ ৰামকৃপাল যাদৱে লাভ কৰিছে ৩০,৯৯২ টা ভোট

১০,০৩৯ ভোটত আগবাঢ়ি আছে আৰজেডি

12:11 PM, 14 Nov 2025 (IST)

পাটনাৰ বিক্ৰম বিধানসভা সমষ্টিত তেৰটা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ

  • ৩,৯৭৩টা ভোটত আগবাঢ়ি আছে বিজেপি
  • বিজেপিৰ সিদ্ধাৰ্থ সৌৰভ ৪৩,০০৮ ভোটত আগবাঢ়ি আছে
  • কংগ্ৰেছৰ অনিল সিং ৩৯,০৩৫টা ভোটত আগবাঢ়ি আছে

12:07 PM, 14 Nov 2025 (IST)

পুৱা ১১ বজালৈকে আগবাঢ়ি থকা দলসমূহ

NDA ৰ ভিতৰত বিজেপি ৮২খন আসনত, JD(U) ৭৫খন, এলজেপিয়ে ২২খন, এইচএএমই ৪খন আৰু আৰএলএমই ৩৫খন আসনত আগবাঢ়ি আছে । মহাজোঁটবন্ধনৰ ভিতৰত RJD ৩৫খন আসনত, কংগ্ৰেছে ৭খন, চিপিআই(এমএল)(এল) ৬খন, ভিআইপিয়ে ১খন আৰু চিপিআই(এম) ১খন আসনত আগবাঢ়ি আছে । ৩ খন আসনত আগবাঢ়ি আছে AIMIM ।

12:07 PM, 14 Nov 2025 (IST)

অনন্ত সিঙে ১১,০৪৫ টা ভোটত আগবাঢ়ি আছে

পঞ্চম ৰাউণ্ডৰ গণনাৰ অন্তত ৰাষ্ট্ৰীয় জনতা দলৰ কৰণবীৰ সিং যাদৱ বড় বিধানসভাৰ আসনত ২১১৩টা ভোটত আগবাঢ়ি আছে । সপ্তম ৰাউণ্ডৰ গণনাৰ অন্তত মকামা বিধানসভাৰ আসনত জনতা দল (ইউনাইটেড)ৰ অনন্ত সিঙে ১১,০৪৫ টা ভোটত আগবাঢ়ি আছে । মনেৰ বিধানসভাৰ আসনত ৰাষ্ট্ৰীয় জনতা দলৰ ভাই বীৰেন্দ্ৰ ৯ হাজাৰ ভোটত আগবাঢ়ি আছে । সপ্তম ৰাউণ্ডৰ গণনাৰ অন্তত পাটনা চাহাবৰ আসনত ৭ হাজাৰ ভোটত আগবাঢ়ি আছে ৰত্নেশ কুশৱাহা ।

12:06 PM, 14 Nov 2025 (IST)

বেলাগঞ্জত আগবাঢ়ি আছে JD(U)ৰ মনোৰমা দেৱী

গয়াত বিজেপিৰ প্ৰেম কুমাৰ, হামৰ অনিল কুমাৰ, ৱাজিৰগঞ্জত কংগ্ৰেছৰ আৱাধেশ সিং, গুৰুৱাত বিজেপিৰ উপেন্দ্ৰ প্ৰসাদ, বেলাগঞ্জত জেডিইউৰ মনোৰমা দেৱীয়ে আগবাঢ়ি আছে । প্ৰেম কুমাৰে ৫৪৯৩টা, অজয় ​​কুমাৰে ৩১২৮টা, অনিল কুমাৰে ২৬৮৮টা, আৱাধেশ সিঙে ৩৫৮৭টা, উপেন্দ্ৰ প্ৰসাদে ২৩৬০টা আৰু মনোৰমা দেৱীয়ে ৫০৫৯টা ভোট লাভ কৰে ।

11:26 AM, 14 Nov 2025 (IST)

ৰাঘোপুৰ আসনৰ পৰা পিছ পৰি আছে তেজস্বী যাদৱ

ৰাঘোপুৰৰ আসনত পিছ পৰি আছে মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্তী তেজস্বী যাদৱ । পুৱাৰ পৰাই তেওঁ অগ্ৰগতি লাভ কৰি আছিল, যদিও শেহতীয়াকৈ তেওঁ পিছ পৰা দেখা গৈছে । ইফালে, উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ সিনহা বৰ্তমান লক্ষীচৰাইত পিছ পৰি আছে ।

11:23 AM, 14 Nov 2025 (IST)

পঞ্চম ৰাউণ্ডত কোন আগবাঢ়িছে আৰু কোন পিছ পৰি আছে ?

পঞ্চম ৰাউণ্ডৰ গণনাৰ অন্তত জনতা দল (ইউনাইটেড)ৰ অনন্ত সিঙে ৫৫৪৬টা ভোটত আগবাঢ়ি আছে মকামা বিধানসভাৰ আসনৰ পৰা । অষ্টম ৰাউণ্ডৰ গণনাৰ অন্তত বিক্ৰম বিধানসভাৰ আসনত ২৯০৭টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ সৌৰভ । বড় বিধানসভাৰ আসনত ৰাষ্ট্ৰীয় জনতা দলৰ কৰণবীৰ সিং যাদৱ ৪৪১২ টা ভোটত আগবাঢ়ি আছে । চতুৰ্থ ৰাউণ্ডৰ পিছত পিছ পৰি আছে বিজেপিৰ ছিয়াৰাম সিং । বিক্ৰম বিধানসভাৰ আসনত ৩৪৮৩টা ভোটেৰে আগবাঢ়ি আছে সিদ্ধাৰ্থ সৌৰভ । পিছ পৰি আছে ৰাষ্ট্ৰীয় জনতা দলৰ অনিল কুমাৰ । দিঘা বিধানসভাৰ আসনত ১৩ হাজাৰ ভোটত আগবাঢ়ি আছে সঞ্জীৱ চৌৰাছিয়া । দনাপুৰ বিধানসভাৰ আসনত ১৫,৪২৬ টা ভোটেৰে আগবাঢ়ি আছে ৰাষ্ট্ৰীয় জনতা দলৰ ৰাত লাল যাদৱ । পিছ পৰি আছে বিজেপিৰ ৰাম কৃপাল যাদৱ । ৰাষ্ট্ৰীয় জনতা দলৰ ৰামানন্দ যাদৱ ফাটুহা বিধানসভাৰ আসনত ২৩টা ভোটত আগবাঢ়ি আছে । দনাপুৰ বিধানসভাৰ আসনত ২২৯৫৬টা ভোটেৰে আগবাঢ়ি আছে ৰাষ্ট্ৰীয় জনতা দলৰ ৰীতলাল যাদৱ ।

11:18 AM, 14 Nov 2025 (IST)

পঞ্চম ৰাউণ্ডত অগ্ৰগতি লাভ কৰিছে ৰীতলাল যাদৱে

কুমহৰাৰ বিধানসভাৰ আসনত বিজেপিৰ সঞ্জয় গুপ্তাই ৯,৬৯৮টা ভোটত আগবাঢ়ি আছে । দনাপুৰ বিধানসভাৰ আসনত পঞ্চম ৰাউণ্ডৰ গণনাৰ অন্তত ৰাষ্ট্ৰীয় জনতা দলৰ ৰীতলাল যাদৱ ১৬,৫৩৯ টা ভোটত আগবাঢ়ি আছে । মকামা বিধানসভাৰ আসনত অনন্ত সিঙে ৫৫৪৪টা ভোটত আগবাঢ়ি আছে । বাখতিয়াৰপুৰ বিধানসভাৰ আসনত ষষ্ঠ ৰাউণ্ডৰ গণনাৰ অন্তত লোক জনশক্তি পাৰ্টিৰ অৰুণ কুমাৰে ৭,২৬১টা ভোটত আগবাঢ়ি আছে । ফুলৱাৰী বিধানসভাৰ আসনত ৩৪৬৮টা ভোটেৰে আগবাঢ়ি আছে জনতা দল (ইউনাইটেড)ৰ শ্যাম ৰজক ।

11:08 AM, 14 Nov 2025 (IST)

বিজেপিৰ নীতিন নবীনে লাভ কৰিছে ১১,৯৭৬টা ভোট

চতুৰ্থ ৰাউণ্ডৰ গণনাত বাখতিয়াৰপুৰত ১৫,৭৭৫ টা ভোট লাভ কৰিছে এলজেপিৰ অৰুণ কুমাৰে । আৰজেডিৰ অনিৰুদ্ধ কুমাৰে ৮,৮০৩টা ভোট, এলজেপিয়ে ৬৯৭২টা ভোটত আগবাঢ়ি আছে । মাছাউৰহীত জেডিইউৰ অৰুণ মাঞ্জীৰ ১৪,২১৬টা, আৰজেডিৰ ৰেখা দেৱীৰ ১০,১০৮টা, জেডিইউৰ ৪১০৮টা ভোটত আগবাঢ়ি আছে । পাটনা জিলাৰ মোকামা বিধানসভা আসনত চতুৰ্থ ৰাউণ্ডৰ গণনাৰ সামৰণি পৰে । জেডিইউৰ অনন্ত সিঙে ১৫,০৩৪টা, আৰজেডিৰ বীনা দেৱীয়ে ১৩,০০৩টা ভোট, জেডিইউয়ে ২০৩১টা ভোটত আগবাঢ়ি আছে । পাটনা জিলাৰ কুমহৰাৰ বিধানসভাৰ আসনত বিজেপিৰ সঞ্জয় গুপ্তাৰ ১৩,৫০২টা ভোট, কংগ্ৰেছৰ ইন্দ্ৰদীপ চন্দ্ৰবংশী ৫,৯১১টা ভোটত আগবাঢ়ি আছে । ৭৫৯১ টা ভোটত আগবাঢ়ি আছে বিজেপি । বাংকিপুৰ বিধানসভাৰ আসনত চাৰিটা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে । বিজেপিৰ নীতিন নবীনে ১১,৯৭৬টা ভোট লাভ কৰাৰ বিপৰীতে আৰজেডিৰ ৰেখা গুপ্তাই ২৭৪৭টা ভোট লাভ কৰে । আগবাঢ়ি আছে নীতিন নবীন ।

11:04 AM, 14 Nov 2025 (IST)

সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে নীতিশ কুমাৰৰ JDU-এ

২৪৩খন আসনৰ JD(U)-এ ডাঙৰ ভাইৰ ভূমিকা পালন কৰা যেন দেখা গৈছে । NDA ৰ বাবে মুঠ ১৭৩খন আসনৰ বাবে অগ্ৰগতি লাভ কৰিছে । ইয়াৰে বিজেপিয়ে ৭৪খন আসন লাভ কৰাৰ বিপৰীতে নিতীশ কুমাৰৰ JD(U)-এ ডাঙৰ জ্যেষ্ঠ ভাতৃৰ ভূমিকা পালন কৰা যেন দেখা গৈছে । JD(U)-এ ৭৯খন আসন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে ।

11:02 AM, 14 Nov 2025 (IST)

পাটনা চাহিবৰ পৰা কংগ্ৰেছৰ শশান্ত শেখৰ আগবাঢ়িছে, বিজেপিৰ ৰত্নেশ কুশৱাহা পিছ পৰি আছে

তৃতীয় ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে । পাটনা চাহিব বিধান সভা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ শশান্ত শেখৰ । কংগ্ৰেছৰ শশান্ত শেখৰে ১১,৬৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ৰত্নেশ কুশৱাহাই ৮,৯৫৩ টা ভোট লাভ কৰিছে । পাটনা জিলাৰ ফাটুহা বিধান সভা সমষ্টিত তিনিটা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে । আৰজেডিৰ ৰামানন্দ যাদৱে লাভ কৰিছে ৯,৬২৭টা আৰু এলজেপিৰ ৰূপা কুমাৰীয়ে লাভ কৰিছে ৮,৯৫৩টা ভোট ।

10:52 AM, 14 Nov 2025 (IST)

RJD সৰ্ববৃহৎ দল হৈ থাকিব : বিহাৰ কংগ্ৰেছৰ সহ-প্ৰভাৰী দেৱেন্দ্ৰ যাদৱ

বিহাৰ কংগ্ৰেছৰ সহ-প্ৰভাৰী দেৱেন্দ্ৰ যাদৱে কয়, "তেজস্বী যাদৱৰ নেতৃত্বত INDIA মিত্ৰজোঁটে বিহাৰত চৰকাৰ গঠন কৰিবলৈ ওলাইছে । এয়া এক প্ৰাৰ্থমিক ধাৰা আৰু ইয়াৰ সহায়ত ইয়াৰ পিছত কি হ'ব সেইটো আগজাননী দিব নোৱাৰি । কোনো ধৰণৰ খামখিয়ালি হ’লেই আমাৰ নজৰত পৰিব, প্ৰতিটো ভোটগণনা কেন্দ্ৰত আমাৰ কৰ্মীসকল উপস্থিত আছে । আমি নিবিচাৰো যে আমাৰ ভোটাৰসকলে ফলাফলৰ পূৰ্বে আমাৰ জয়ৰ বাবে অত্যধিক উত্তেজিত হওক ।’’

10:46 AM, 14 Nov 2025 (IST)

তাৰাপুৰ আসনত বিজেপি প্ৰাৰ্থী সম্ৰাট চৌধুৰী আগবাঢ়ি আছে

নিৰ্বাচন আয়োগৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত তাৰাপুৰৰ আসনত আগবাঢ়ি আছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সম্ৰাট চৌধুৰী । তিনিটা ৰাউণ্ডৰ গণনাৰ অন্তত মকামা আসনত আগবাঢ়ি আছে JD(U) ৰ প্ৰাৰ্থী অনন্ত কুমাৰ সিং ।

10:20 AM, 14 Nov 2025 (IST)

মাহুৱা আসনৰ পৰা পিছ পৰি আছে লালুৰ পুত্ৰ

মহুৱা আসনত ১৪০৯ টা ভোটত আগবাঢ়ি আছে এলজেপিৰ সঞ্জয় কুমাৰ সিং । ১/২৬ ৰাউণ্ড গণনাৰ অন্তত তৃতীয় স্থানত আছে জনশক্তি জনতা দলৰ মুৰব্বী তেজপ্ৰতাপ যাদৱ ।

10:19 AM, 14 Nov 2025 (IST)

ৰাজগীৰ বিধানসভা আসনত অগ্ৰগতি জেডিইউৰ কৌশল কিশোৰৰ

ৰাজগীৰ বিধানসভাৰ আসনত অগ্ৰগতি লাভ কৰিছে জনতা দল (ইউনাইটেড)ৰ কৌশল কিশোৰে । এই পৰ্যন্ত তেওঁ লাভ কৰিছে ৩৩৩২টা ভোট । ২৯০২টা ভোট লাভ কৰা নিকটতম প্ৰতিদ্বন্দ্বী বিশ্বনাথ চৌধুৰী (চিপিআই-এমএল)তকৈ ৪৩০ ভোটত আগবাঢ়ি আছে । আস্থাৱান বিধানসভাৰ আসনত দ্বিতীয় ৰাউণ্ডৰ গণনাৰ অন্তত জেডিইউৰ জিতেন্দ্ৰ কুমাৰে ৩৫৬৬টা ভোটত আগবাঢ়ি আছে । এই পৰ্যন্ত তেওঁ লাভ কৰিছে ৭,১৯০টা ভোট । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰবি ৰঞ্জন কুমাৰে লাভ কৰিছে ৩৬২৪টা ভোট ।

10:18 AM, 14 Nov 2025 (IST)

হৰনাউট বিধানসভা আসনৰ পৰা আগবাঢ়ি হৰি নাৰায়ণ সিং

দ্বিতীয় ৰাউণ্ডত হৰনাউট বিধানসভা সমষ্টিত জনতা দল (ইউনাইটেড)ৰ হৰি নাৰায়ণ সিঙে আগবাঢ়ি আছে । এই পৰ্যন্ত তেওঁ লাভ কৰিছে ২৮৯৫টা ভোট । ২৭৩৫টা ভোট লাভ কৰা নিকটতম প্ৰতিদ্বন্দ্বী অৰুণ কুমাৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ)তকৈ ১৬০টা ভোটত আগবাঢ়ি আছে । দ্বিতীয় ৰাউণ্ডত হাৰনাউটৰ হৰি নাৰায়ণ সিঙে ৮৪৮টা ভোটত আগবাঢ়ি আছে । আস্থাৱান বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে জনতা দল (ইউনাইটেড)ৰ জিতেন্দ্ৰ কুমাৰে । তেওঁ এই পৰ্যন্ত লাভ কৰিছে ৩,৪০২ টা ভোট । ১৮২১টা ভোট লাভ কৰা নিকটতম প্ৰতিদ্বন্দ্বী ৰবি ৰঞ্জন কুমাৰ (ৰাষ্ট্ৰীয় জনতা দল)ৰ তুলনাত তেওঁ ১৫৮১টা ভোটত আগবাঢ়ি আছে । আস্থাৱান বিধানসভা সমষ্টিত দ্বিতীয় ৰাউণ্ডত ৩৫৬৬টা ভোটত আগবাঢ়ি আছে ড৹ জিতেন্দ্ৰ কুমাৰ ।

10:17 AM, 14 Nov 2025 (IST)

নালন্দা আসনৰ পৰা আগবাঢ়ি শ্ৰৱণ কুমাৰ

প্ৰথম ৰাউণ্ডত নালন্দা বিধানসভাৰ আসনত অগ্ৰগতি লাভ কৰিছে জনতা দল (ইউনাইটেড)ৰ শ্ৰৱণ কুমাৰ । এই পৰ্যন্ত তেওঁ লাভ কৰিছে ৫০৪০টা ভোট । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কৌশলেন্দ্ৰ কুমাৰ(ভাৰতীয় জাতীয় কংগ্ৰেছ)তকৈ ২,৭৮২টা ভোটত আগবাঢ়ি আছে, যিয়ে ২২৫৮টা ভোট লাভ কৰিছে ।

9:54 AM, 14 Nov 2025 (IST)

দনাপুৰৰ পৰা ১২০০ৰো অধিক ভোটত অগ্ৰগতি ৰীত লাল যাদৱৰ

মছৌৰহীত অগ্ৰগতি লাভ কৰিছে অৰুণ মাঞ্জীয়ে । বিক্ৰমত বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থতকৈ ৩৭টা ভোটত আগবাঢ়ি আছে অনিল কুমাৰে । দনাপুৰত ১২০০ৰো অধিক ভোটত আগবাঢ়ি আছে ৰীত লাল যাদৱে । দীঘাত প্ৰায় ১৭০০ ভোটত আগবাঢ়ি আছে সঞ্জীৱ চৌৰাছিয়া । মুজাফ্ফৰপুৰৰ ঔৰৈত এতিয়ালৈকে ৪৭৩৮টা ভোট লাভ কৰি আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰামা নিছাদ । কুমহৰাৰ বিধানসভা সমষ্টিত বিজেপিৰ সঞ্জয় গুপ্তাই ৩ হাজাৰ ভোটত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে ।

9:53 AM, 14 Nov 2025 (IST)

পিছ পৰি আছে RJDৰ প্ৰাৰ্থী দেৱ কুমাৰ চৌৰসিয়া

মধুবনীৰ ৰাজনগৰ বিধানসভা সমষ্টিত ২৫৩১ ভোটত আগবাঢ়ি আছে সুজিত কুমাৰ পাছৱান । খজাউলী বিধানসভা সমষ্টিত ১৫৮৩ ভোটত আগবাঢ়ি আছে NDA ৰ প্ৰাৰ্থী অৰুণ শংকৰ প্ৰসাদ । ঝাংঝাৰপুৰ বিধানসভা সমষ্টিত ২৫৫৯ ভোটত আগবাঢ়ি আছে NDAৰ প্ৰাৰ্থী নীতিশ মিশ্ৰ । বৈশালীৰ হাজীপুৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৪০১৩ ভোটl আগবাঢ়ি আছে, আনহাতে পিছ পৰি আছে RJD ৰ প্ৰাৰ্থী দেৱ কুমাৰ চৌৰাছিয়া ।

9:22 AM, 14 Nov 2025 (IST)

১২৩ খন আসনত আগবাঢ়িছে NDA

বৰ্তমান NDA-এ ১২০খন আসনত আগবাঢ়ি আছে, যিটো সংখ্যাগৰিষ্ঠতাৰ বাবে দুখন আসন কম । সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ১২২খন আসনৰ ।

9:03 AM, 14 Nov 2025 (IST)

ৰাঘোপুৰত তেজস্বী যাদৱৰ অগ্ৰগতি, NDA ৩৬খন আসনত আগবাঢ়ি, ১২খন আসনত আগবাঢ়িছে গ্ৰেণ্ড এলায়েন্স

বিহাৰত জয়ৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১২২ । ৰাঘোপুৰত আগবাঢ়ি আছে RJD ৰ তেজস্বী যাদৱ । নৌতনত বিজেপিৰ নাৰায়ণ প্ৰসাদ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ছিকতাত অগ্ৰগতি লাভ কৰিছে JD(U)ৰ সমৃদ্ধ ভাৰ্মাই । কুশেশ্বৰ স্থান (এছ চি)ত আগবাঢ়ি আছে JD(U) ৰ অতিৰেক কুমাৰ । গৌৰা বৌৰামত বিজেপিৰ সুজিত কুমাৰ সিং, বেনিপুৰত জেডিইউৰ বিনয় কুমাৰ চৌধাৰী, আলিনগৰত ৰাজধানী বিনোদ মিশ্ৰ আৰু দৰভংগা গ্ৰাম্যত JD(U) ৰ ৰাজেশ কুমাৰ মণ্ডল ওৰফে ঈশ্বৰ মণ্ডলে আগবাঢ়ি আছে । ৩৬খন আসনত NDA আগবাঢ়ি থকাৰ বিপৰীতে ১২খন আসনত আগবাঢ়ি আছে গ্ৰেণ্ড এলায়েন্স ৷

8:51 AM, 14 Nov 2025 (IST)

তেজস্বী যাদৱৰ মন্তব্য

RJD ৰ প্ৰাৰ্থী তেজস্বী যাদৱে ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত কয়, "আমি জয়ী হ'মেই, এইবাৰ পৰিৱৰ্তন হ'ব । আমি চৰকাৰ গঠন কৰিম ।"

8:22 AM, 14 Nov 2025 (IST)

২৪৩ খন আসনৰ বাবে আৰম্ভ ভোটগণনা

বিহাৰ বিধানসভা নিৰ্বাচনৰ ২৪৩টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হয়, ডাক বেলটৰ প্ৰক্ৰিয়াকৰণৰ পিছতে পুৱা ৮.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ভোটগণনা । ৰাজ্যৰ ৩৮খন জিলাৰ ৪৬টা গণনা কেন্দ্ৰত বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ৷ ষ্ট্ৰংৰুম আৰু কাউণ্টিং হলৰ চাৰিওফালে থকা ভিতৰৰ নিৰাপত্তাৰক্ষীৰ স্তৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ লোকক নিয়োজিত কৰা হৈছে ।

8:11 AM, 14 Nov 2025 (IST)

নিৰ্বাচনত আমি জয় হ’মেই; দাবী RJD নেতা বিশ্বনাথ যাদৱৰ

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত RJD নেতা বিশ্বনাথ যাদৱে কয়, "সকলোৰে সমৰ্থন আছে আৰু এইবাৰ বিহাৰত পৰিৱৰ্তন হ’ব যে অনুভৱ হৈছে ৷ বিহাৰত এইবাৰ তেজস্বীৰ চৰকাৰ আহিব ।"

8:07 AM, 14 Nov 2025 (IST)

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

ইতিমধ্যে আৰম্ভ হৈছে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ৰ ভোটগণনা প্ৰক্ৰিয়া ।

7:32 AM, 14 Nov 2025 (IST)

২৪৩টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা

বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে সাংবাদিকৰ আগত কয়, "ৰাজ্যজুৰি ২৪৩টা বিধানসভা সমষ্টিৰ বাবে সুকীয়াকৈ ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে। ২৪৩ জন গণনা পৰ্যবেক্ষক আৰু প্ৰাৰ্থী বা তেওঁলোকৰ এজেণ্টৰ উপস্থিতিত ২৪৩ জন ৰিটাৰ্নিং অফিচাৰ (আৰ অ')ৰ দ্বাৰা গণনা কৰা হ'ব ।

প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত এটাকৈ গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও কিছু বিশেষকাৰণবসত কেইখনমান জিলাত এটাতকৈ অধিক কেন্দ্ৰ স্থাপন কৰা হৈছে । পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব ৷ প্ৰথমতে ডাক বেলটৰ ভোট গণণা কৰা হ’ব ৷ প্ৰায় ১৫ৰ পৰা ৩০ মিনিটত এই গণনা সম্পূৰ্ণ হ’ব ।

Last Updated : November 14, 2025 at 7:48 PM IST