নতুন দিল্লীত ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ, আমেৰিকাৰ পৰা আহি অভিজিৎ দীপকেৰ নেতৃত্ব

Published : June 6, 2026 at 9:41 AM IST
|Updated : June 6, 2026 at 5:16 PM IST
ব্যংগাত্মক ডিজিটেল গোট ‘‘ক’কৰোচ্ছ জনতা পাৰ্টী’’ৰ (CJP) প্ৰতিষ্ঠাপক অভিজিৎ দীপকে শনিবাৰে পুৱা (৬ জুন) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নতুন দিল্লীত উপস্থিত হয় ৷ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদত যোগদান কৰিবলৈ সকলো সমৰ্থক আৰু ছাত্ৰ-ছাত্ৰীক আহ্বান জনাইছিল দীপকে । পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ অভিযোগত, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই আহিছে ক’কৰোচ্ছ জনতা পাৰ্টীয়ে ।
এই প্ৰতিবাদী আন্দোলনত লাডাখৰ বিশিষ্ট উদ্ভাৱক, শিক্ষা সংস্কাৰক, সক্ৰিয় জলবায়ু কৰ্মী ছোনম ৱাংচুকেও শ শ প্ৰতিবাদীৰ সৈতে শ্ল’গান দিয়ে ৷
উল্লেখ্য যে, শনিবাৰে পুৱা প্ৰতিবাদৰ বাবে দিল্লী আৰক্ষীয়ে CJP-ক অনুমতি প্ৰদান কৰিছিল ৷ এই প্ৰতিবাদৰ বাবেই ৰাজধানী চহৰখনত ১০০০ৰো অধিক আৰক্ষী জোৱান মোতায়েন কৰা হৈছিল । পুৱাৰ ভাগত আৰক্ষীয়ে মন্তব্য কৰে যে তেওঁলোকে সকলো পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু প্ৰস্তাৱিত সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।
ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে মে’ মাহত আদালতৰ শুনানিৰ সময়ত একাংশ লোকক “পঁইতাচোৰা’’ (ক’কৰোচ্ছ) আৰু “পৰজীৱী” বুলি অভিহিত কৰি কটু মন্তব্য কৰিছিল ৷ সেই তেতিয়াৰ পৰাই CJP এক সংগঠিত অভিযানলৈ পৰিণত হয় ৷ ইয়াৰ অনলাইন ফ’ল’ৱাৰৰ সংখ্যা বহু আছে ।
LIVE FEED
ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদক লৈ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে বিবৃতি
ক’কৰোচ্ছ জনতা পাৰ্টীক লৈ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে এক বিবৃতি দিয়ে ৷ উদ্ধৱ থাকৰেৰ বিবৃতি প্ৰকাশ কৰিছে পাৰ্টীৰ নেতা সঞ্জয় ৰাউতে ।
বিবৃতিটোত কোৱা হৈছে, “দিল্লীৰ যন্তৰ মন্তৰত আৰম্ভ হৈছে ‘ক’কৰোচ্ছ’ৰ আন্দোলন । আমি দেশৰ ভাগ্য-নিৰ্মাতা আৰু ভৱিষ্যত বুলি কোৱা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে ৰাজপথলৈ ওলাই আহিছে, নিজৰ ভৱিষ্যতক লৈ দুখ আৰু চিন্তা প্ৰকাশ কৰিছে । NEETৰ প্ৰশ্নকাকত ফাদিলে লাখ লাখ যুৱকৰ সপোন ভেঙুচালি কৰি পেলাইছে । এতিয়া এই ক্ষতিগ্ৰস্ত যুৱক-যুৱতীসকলে 'ক’কৰোচ্ছ'ৰ হৈ মাত মাতিছে । চৰকাৰে তেওঁলোকৰ দাবী শুনিব লাগিব । এই ‘ক’কৰোচ্ছ’ তুচ্ছ জ্ঞান নকৰিব ৷’’
ইতিমধ্যে দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীৰ বিক্ষোভ অন্ত পৰিছে ।
১৩ জুনত পুনৰ যন্তৰ মন্তৰ কঁপাব CJP -এ
NEET ৰ প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শনিবাৰে দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীয়ে পাঁচ ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে । শনিবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগিব, নহ’লে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হ’ব বুলি মন্তব্য কৰে দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে । অহা ১৩ জুন, শনিবাৰে যন্তৰ মন্তৰত পুনৰ প্ৰতিবাদ কৰিব CJP -এ ।
উল্লেখ্য যে, বিয়লি ৫ বজালৈকে যন্তৰ মন্তৰত প্ৰতিবাদ কৰিবলৈ CJP -এ অনুমতি লাভ কৰিছিল যদিও অভিজিৎ আৰু ছোনম ৱাংচুকে বিয়লি প্ৰায় ৩ বজাত প্ৰতিবাদস্থলীৰ পৰা ওলাই যায় । ইয়াৰ পাছতে এই প্ৰতিবাদৰ অন্ত পৰে ।
যন্তৰ মন্তৰত সামৰণি পৰিল ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ
শনিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ ইতিমধ্যে সমাপ্ত হৈছে ৷ যন্তৰ মন্তৰত হোৱা এই প্ৰতিবাদত দলটোৰ সদস্য আৰু বহু জ্যেষ্ঠ আৰু অভিজ্ঞ সমৰ্থকে অংশগ্ৰহণ কৰে ৷
যন্তৰ মন্তৰৰ প্ৰতিবাদ, আটক কেবাজনো
ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলী ৷ সংবাদ সংস্থা PTI-এ উল্লেখ কৰা অনুসৰি, এই প্ৰতিবাদৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘৰ্ষ হয়, যাৰ বাবে আৰক্ষীয়ে ৬ জন লোকক আটক কৰিছে ৷ অৱশ্য়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি PTI-ৰ আগত আৰক্ষীয়ে উল্লেখ কৰে ৷
যন্তৰ মন্তৰত CJP-ৰ প্ৰতিবাদৰ সময়ত আটক ৬ জন
যন্তৰ মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদৰ সময়ত দুটা গোটৰ মাজত হোৱা সম্ভাৱ্য সংঘৰ্ষ ৰোধ কৰিবলৈ দিল্লী আৰক্ষীয়ে ৬ জন লোকক আটক কৰে ৷ সংবাদ সংস্থা PTI-ৰ আগত আৰক্ষী বিষয়াসকলে এই কথা উল্লেখ কৰে ৷
অনলাইন আন্দোলনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছত আইন-শৃংখলা বজাই ৰখাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে উক্ত ছয়জন লোকক আটক কৰিছে বুলি তেওঁলোকে কয় ।
হাতত ৰঙা গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত ছোনম ৱাংচুক
যন্তৰ মন্তৰত হৈ থকা ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদস্থলীত উপস্থিত হয় বিশিষ্ট উদ্ভাৱক, শিক্ষা সংস্কাৰক, সক্ৰিয় জলবায়ু কৰ্মী ছোনম ৱাংচুক ৷ ৱাংচুকৱে হাতত ৰঙা গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ এই প্ৰতিবাদৰ অনুমতি দিয়াৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, "মই সকলোৰে বাবে সদিচ্ছাৰ বাৰ্তা লৈ আহিছো । শান্তিপূৰ্ণ প্ৰতিবাদৰ অনুমতি দিয়াৰ বাবে চৰকাৰক ধন্যবাদ জনাইছো ।"
শান্তিপূৰ্ণ আন্দোলনক কিছু লোকে উচটনি দিয়াৰ কাম কৰি আছে : CJP
ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ সন্দৰ্ভত এক্সত আন এক পোষ্ট কৰে দলটোৱে ৷ দলটোৱে কয় যে ক’কৰোচ্ছ জনতা পাৰ্টীয়ে সাংবিধানিভাৱে পথত গণতান্ত্ৰিক আন্দোলন চলাই নি আছে ৷ এই শান্তিপূৰ্ণ আন্দোলনক একাংশ লোকে উচটনি দিয়াৰ কাম কৰি আছে ৷
CJP ৰ প্ৰতিবাদ যোগদান কমিউনিষ্ট পাৰ্টীৰ নেত্ৰী এনি ৰাজাৰ
কমিউনিষ্ট পাৰ্টীৰ নেত্ৰী এনি ৰাজাই এই প্ৰতিবাদত যোগদান কৰে । কেৰালামৰ ৱায়ানাদৰ পৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী হৈছে এনি ৰাজা ।

আপুনি আমাৰ ছ'চিয়েল মিডিয়া পোষ্টবোৰহে ডিলিট পাৰে, কিন্তু আমাক নহয় : দীপকে
ক’কৰোচ্ছ জনতা পাৰ্টীৰ আহ্বানত শনিবাৰে ডেকাৰ পৰা জ্যেষ্ঠজনলৈকে বহু সমৰ্থকে যন্তৰ মন্তৰত অনুষ্ঠিত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদত অংশ লৈ অভিজিৎ দীপকেয়ে সমৰ্থকসকলক উদ্দেশ্যি কয়, ‘‘মোৰ বন্ধুসকল, এইটো এটা দীঘলীয়া সংগ্ৰাম । আমি ছ'চিয়েল মিডিয়াযোগে প্ৰধানৰ পদত্যাগৰ দাবী কৰা এমাহ হ'ল, কিন্তু এই ব্যক্তিসকল লোক ইমানেই নিৰ্লজ্জ যে এই সন্দৰ্ভত ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আমাৰ একাউণ্টবোৰ হেক কৰি আমাৰ পোষ্ট ডিলিট কৰাতহে গুৰুত্ব দিছে । আপুনি আমাৰ পোষ্টবোৰ ডিলিট কৰিব পাৰে, কিন্তু এই পৃথিৱীৰ পৰা আমাক মচি পেলাব নোৱাৰে ৷’’
ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদত যোগদান কৰিব পাৰে ছোনম ৱাংচুকৱে
বিশিষ্ট উদ্ভাৱক, শিক্ষা সংস্কাৰক, সক্ৰিয় জলবায়ু কৰ্মী ছোনম ৱাংচুকৱে ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ সম্ভৱতঃ তেওঁ দিনৰ ১:৩০ বজাৰ পাছত প্ৰতিবাদস্থলীত উপস্থিত হ’ব ৷
চৰকাৰে শুনিছে নে যুৱসমাজৰ কণ্ঠ ?
শেহতীয়াকৈ ক’কৰোচ্ছ জনতা পাৰ্টীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত যন্তৰ মন্তৰৰ কিছু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি এক্সত CJP-এ লিখিছে, ‘‘চৰকাৰে যুৱক-যুৱতীসকলৰ কণ্ঠ শুনিছেনে ?’’
দেশৰ যুৱকসকল আৰু ভয় নকৰিব: অভিজিৎ দীপকে
যন্তৰ মন্তৰত উপস্থিত হৈছে ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই দীপকে কয়, ‘‘দেশৰ যুৱক-যুৱতীসকল আৰু ভয় নকৰিব, এতিয়া যুঁজাৰ সময় । পঁইতাচোৰাই কালৈকো ভয়ো নকৰে, নমৰেও ৷’’
CJP ৰ প্ৰতিষ্ঠাপক দীপকেৰ মহাৰাষ্ট্ৰ বাসগৃহত নিয়োজিত আৰক্ষী
মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰ চহৰৰ ৱালুজ এম আই ডি চি অঞ্চলত থকা ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ বাসগৃহত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে ৷ এগৰাকী লোকে সংবাদ সংস্থা PTI-ৰ আগত এই কথা সদৰী কৰিছে ৷ দীপকে ভাৰতত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ঘৰতো বহু জনসমাগম হোৱাৰ আশংকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
ডিচিপি (জোন ১) পংকজ অতুলকাৰে কয়, ‘‘যদি আৰু অধিক জনশক্তি নিয়োগ কৰাৰ প্ৰয়োজন হয়, তেন্তে আমি পৰ্যালোচনাৰ অন্তত সেই কাম কৰিম । দীপকেৰ পিতৃ-মাতৃ বৰ্তমান ৱালুজ অঞ্চলত থকা তেওঁলোকৰ ঘৰত নাই । তেওঁলোক মোৰ সংস্পৰ্শতো নাই ।’’
তেওঁ আৰু কয়, ‘‘দীপকেৰ ঘৰত আমি এতিয়া এজন বিষয়াৰ সৈতে দহজনীয়া এটা আৰক্ষীৰ দল নিয়োগ কৰিছো ।’’
CJP ক সমৰ্থন আগবঢ়াইছে টিএমচিৰ সাগৰিকা ঘোষে
শনিবাৰে যন্তৰ মন্তৰত আৰম্ভ হয় ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ ৷ ইতিমধ্যে ভাৰতত উপস্থিত হৈছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ৷ CJP -ৰ এই আন্দোলনৰ প্ৰতিষ্ঠাপকগৰাকীক সমৰ্থন আগবঢ়াইছে টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সাগৰিকা ঘোষে ৷
প্ৰতিবাদকাৰীৰ বাবে CJP-এ জাৰি কৰিছে নিৰ্দেশনা
- ‘হাতত কিতাপ’, ‘পুলিচলৈ ফুল’ আৰু ‘বিপ্লৱৰ বাবে পুৱাৰ জলপানৰ প্ৰয়োজন’ আদি বাৰ্তা অন্তৰ্ভুক্ত কৰা হৈছে ।
- সংগঠনটোৱে শান্তিপূৰ্ণ আন্দোলনৰ আহ্বান জনাই সকলোকে হিংসাৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে ।
- দিল্লী আৰক্ষী সষ্টম হৈ থকাৰ লগতে যন্তৰ মন্তৰ অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।
- এই প্ৰতিবাদত বহু অভিনেতা, সমাজকৰ্মী আৰু বিৰোধী নেতাৰ পৰাও সমৰ্থন জনাইছে ৷

'মই ক’কৰোচ্ছ' লিখা পোষ্টাৰ লৈ আহিল প্ৰতিবাদকাৰী
যন্তৰ মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীৰ সমৰ্থকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মুখত শ্ল’গান, হাতত বিভিন্ন বেনাৰ-পোষ্টাৰ, মুখত পঁইতাচোৰাৰ মাস্ক পিন্ধি প্ৰতিবাদত বহিল CJP ৰ সমৰ্থক ৷

যন্তৰ মন্তৰত হাজাৰ হাজাৰ 'পঁইতাচোৰা'
যন্তৰ মন্তৰলৈ আহিল হাজাৰ হাজাৰ 'পঁইতাচোৰা' ৷ ইতিমধ্যে প্ৰতিবাদ বহিছে ক’কৰোচ্ছ জনতা পাৰ্টীৰ বহু সমৰ্থক ৷
যন্তৰ মন্তৰত বৃহৎ সংখ্যক যুৱক-যুৱতী সমবেত
যন্তৰ মন্তৰত ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদ ৷ বহু সংখ্যক যুৱক-যুৱতী প্ৰতিবাদস্থলীত সমবেত হোৱা পৰিলক্ষিত হৈছে ৷ হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান দি প্ৰতিবাদত বহিছে ৷

যন্তৰ মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী
শেহতীয়াকৈ NEET 2026 প্ৰশ্নকাকত ফাদিল আৰু চিবিএছইৰ অন-স্ক্ৰীণ মাৰ্কিং (OSM) ব্যৱস্থাত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে শনিবাৰে ক’কৰোচ্ছ জনতা পাৰ্টীয়ে যন্তৰ মন্তৰত প্ৰতিবাদ আৰম্ভ কৰে । প্ৰতিবাদকাৰীসকলে দাবী কৰি কয়, "ধৰমেন্দ্ৰ প্ৰধান ইস্তিফা ডো (ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ)। আমি 'মেক ইন ইণ্ডিয়া' বিচাৰিছিলো, আপুনি আমাক 'লিক ইন ইণ্ডিয়া' দিলে ।"
কিছুদিন পূৰ্বে CJP ৰ অফিচিয়েল হেণ্ডেল "ক’কৰোচ্ছ ইজ বেক" বুলি এক্সত পোষ্ট কৰিছিল ৷ লগতে পোষ্টটোত উল্লেখ কৰিছিল- "ভাৰতীয় সংবিধানৰ সম্পূৰ্ণ সমৰ্থনত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত পঁইতাচোৰাৰ প্ৰতিবাদ আৰম্ভ হ'ব।’’
শনিবাৰে যন্তৰ মন্তৰত আৰম্ভ হোৱা ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিবাদত সকলোকে শান্তি-শৃংখলা বজাই ৰাখি প্ৰতিবাদ কৰিবলৈ আয়োজকে আহ্বান জনাইছে ৷
যন্তৰ মন্তৰত CJP ৰ প্ৰতিবাদকাৰীৰ সমাগম
ক’কৰোচ্ছ জনতা পাৰ্টীৰ এগৰাকী সদস্যই কয় যে ইতিমধ্য়ে দিল্লী আৰক্ষীয়ে এই প্ৰতিবাদৰ বাবে অনুমতি দিছে । শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ক’কৰোচ্ছ জনতা পাৰ্টীৰ আহ্বানত যন্তৰ মন্তৰত সমবেত হ’বলৈ আৰম্ভ কৰিছে বহু প্ৰতিবাদকাৰী ৷ কিছু সময়ৰ পাছত এই প্ৰতিবাদ আৰম্ভ হ’ব ৷
প্ৰতিবাদকাৰীলৈ অভিজিৎ দীপকেৰ আহ্বান - ‘শান্তিপূৰ্ণ’ভাৱে থকাক, কোনো ভুল নকৰিব
ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে যন্তৰ মন্তৰলৈ যোৱাৰ পথত ইনষ্টাগ্ৰামত লাইভ আহে ৷ উক্ত লাইভত প্ৰতিবাদকাৰীক সম্বোধন কৰি সমৰ্থকসকলক প্ৰতিবাদস্থলীত উপস্থিত হৈ শান্তিপূৰ্ণভাৱে থাকিবলৈ কয় । লগতে তেওঁ কোনো ধৰণৰ ভুল নকৰিবলৈ সকলোকে আহ্বান জনায় ।
'সংবিধানৰ সম্পূৰ্ণ সমৰ্থনেৰে' : আৰু কিছু সময়ৰ পাছতে আৰম্ভ হ'ব প্ৰতিবাদ
‘‘ভাৰতীয় সংবিধানৰ পূৰ্ণ সমৰ্থনত ক’কৰোচ্ছে পুৱা ১০ বজাৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদ আৰম্ভ কৰিব । @abhijeet_dipke যন্তৰ মন্তৰৰ অভিমুখে গতি কৰিছে ৷’’
পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ প্ৰদৰ্শনৰ বাবে অনুমতি প্ৰদান
প্ৰতিবাদৰ পূৰ্বে দীপকেৰ টুইট
দিল্লীত উপস্থিত হোৱাৰ পিছত CJP ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ প্ৰথমখন ফটো
"মই ক’কৰোচ্ছ" লিখা পোষ্টাৰ লৈ যন্তৰ মন্তৰত উপস্থিত বহু যুৱক ৷ পুৱাৰে পৰা বৃহৎ জনসমাগম হৈছে দিল্লীত ৷ ইতিমধ্যে দিল্লী বিমানবন্দৰত উপস্থিত হৈছে ‘‘ক’কৰোচ্ছ জনতা পাৰ্টী’’ৰ (CJP) প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ৷
দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি প্ৰদান
দিল্লী আৰক্ষীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি প্ৰদান কৰিছে ক’কৰোচ্ছ জনতা পাৰ্টী ৷
আশাকৰো ভাৰতৰ ৰাজনীতিৰ বাবে এয়া এক ঐতিহাসিক দিন হ’ব : CJP ৰ মুখপাত্ৰ
দিনটোৰ সময়সূচীৰ সবিশেষ দি CJP ৰ মুখপাত্ৰ আশুতোষ ৰাংকাই নিশ্চিত কৰে যে দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে নতুন দিল্লীত উপস্থিত হৈছে । এই সন্দৰ্ভত তেওঁ কয়, "আমি আশা কৰিছো যে এইটো ভাৰতীয় ৰাজনীতিৰ এক ঐতিহাসিক দিন হ'ব । তেওঁ সোনকালে ওলাই আহিব, আমি থানালৈ যাম, দিল্লী আৰক্ষীৰ পৰা অনুমতি ল'ম, তাৰ পিছত আমি যন্তৰ মন্তৰত বহিম ।"
-
VIDEO | Delhi: Digital outfit Cockroach Janta Party (CJP) spokesperson Ashutosh Ranka, says, "Yes, Abhijeet (Dipke) has landed. He has also tweeted about it. We are hopeful this will be monumental day in Indian politics. Soon, he will come out, we will go to the police station… pic.twitter.com/DYVuTAOTaT
— Press Trust of India (@PTI_News) June 6, 2026

