উপ-নিৰ্বাচন ২০২৫ৰ ফলাফল : ৰাজস্থানত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়, পঞ্জাৱৰ উপ-নিৰ্বাচনত জয়ী 'আপ'

Published : November 14, 2025 at 8:44 AM IST
|Updated : November 14, 2025 at 5:11 PM IST
LIVE FEED
-
Counting of votes polled in Jubilee Hills Assembly bypoll in Telangana begins. pic.twitter.com/sDVkWkaWMr
— Press Trust of India (@PTI_News) November 14, 2025
ওড়িশাৰ নুৱাপাদা বিজেপিৰ দখলত
নুৱাপাদা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জয় ঢোলাকিয়াই ৮৩,৭৪৮ টা ভোটেৰে বিজয় সাব্যস্ত কৰিছে ৷
পঞ্জাৱৰ উপ-নিৰ্বাচনত জয়ী 'আপ'
পঞ্জাৱৰ টাৰ্ণ তৰণ সমষ্টিৰ উপ-নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছে আম আদমি পাৰ্টীৰ হৰমিত সিং সন্ধুৱে ৷ প্ৰায় ১২০০০ৰো অধিক ভোটৰ ব্যৱধানত তেওঁ শিৰোমণি আকালি দলৰ সুখৱিন্দৰ কৌৰক পৰাজিত কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থী কৰণবীৰ সিঙে তৃতীয় স্থান লাভ কৰে ।
ৰাজস্থানৰ অন্তাত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়
ৰাজস্থানৰ অন্তাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰমোদ জৈন "ভায়া"ৰ বিজয় । তেওঁ বিজেপিৰ প্ৰাৰ্থী মৰ্পাল সুমনক ১৫,৬১২টা ভোটত পৰাস্ত কৰে । ৫৩,৮০০ ভোট লাভ কৰি তৃতীয় স্থানত আছে নিৰ্দলীয় প্ৰাৰ্থী নৰেশ মীনা ।
-
अंता उपचुनाव में कांग्रेस को विजय दिलाने के लिए मैं सभी मतदाताओं का हृदय से आभार व्यक्त करता हूं और नवनिर्वाचित विधायक श्री प्रमोद जैन भाया को हार्दिक बधाई देता हूं।
— Ashok Gehlot (@ashokgehlot51) November 14, 2025
अंता की जीत ने कांग्रेस अध्यक्ष श्री मल्लिकार्जुन खड़गे और नेता प्रतिपक्ष श्री राहुल गांधी जी के नेतृत्व में…
হায়দৰাবাদৰ জুবিলী হিলছৰ পৰা নিৰ্বাচনত জয় কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱৰ
তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত জুবিলী হিলছৰ উপ-নিৰ্বাচনত জয় কংগ্ৰেছৰ ৷ দলৰ প্ৰাৰ্থী নবীন যাদৱে ২৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে । ভোটগণনাৰ প্ৰতিটো ৰাউণ্ডতে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছিল ৷ এই বিজয়ৰ লগে লগে তেলেংগানাত ক্ষমতালৈ অহাৰ পিছত অনুষ্ঠিত হোৱা দুয়োটা উপ-নিৰ্বাচনতে কংগ্ৰেছ এতিয়া বিজয়ী ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে ৷
জুবিলী হিলছ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱে কয়, ‘‘যিসকল লোকে মোক বিশ্বাস কৰিছিল আৰু মোক ইমান বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰাছে, তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ হৈ ৰ’ম ।’’
-
VIDEO | Hyderabad: Congress candidate from Jubilee Hills constituency, Naveen Yadav (@PingNaveenYadav), says, “I am thankful to people who believed in me and made me win by such a big majority.”#JubleeHills
— Press Trust of India (@PTI_News) November 14, 2025
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/VjCyTgS9sg
জম্মু-কাশ্মীৰৰ নগ্ৰোটাৰ পৰা বিজেপিৰ নৱনিৰ্বাচিত বিধায়িকা দেৱানী ৰাণাৰ প্ৰতিক্ৰিয়া
জম্মু-কাশ্মীৰৰ নগ্ৰোটাৰ পৰা বিজেপিৰ নৱনিৰ্বাচিত বিধায়িকা দেৱানী ৰাণাই জয়ৰ পাচতে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । তেওঁ কয়, "মই সৌভাগ্যৱান যে যেনেকৈ নাগ্ৰোতাই ৰাণা চাহাবক (তেওঁৰ পিতৃ প্ৰয়াত বিধায়ক দেৱেন্দ্ৰ সিং ৰাণাক) আশীৰ্বাদ দিলে, আজি তেওঁলোকে পৰিয়ালৰ কৰ্তব্য পালন কৰি মোক আশীৰ্বাদ দিলে । মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ম । বিজেপিয়ে যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়া ই জয়ী হ'বলৈ যুঁজ দিয়ে ।"
-
#WATCH | Newly-elected BJP MLA from Nagrota, Devyani Rana says, "I am fortunate that the manner in which Nagrota blessed Rana sahib (her father, late MLA Devender Singh Rana), they did their duty of being a family today too and blessed me. I will be thankful to them...When BJP… https://t.co/9rT15GOlVC pic.twitter.com/sQmqebcDrS
— ANI (@ANI) November 14, 2025
জম্মু-কাশ্মীৰৰ বুডগামত পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থীৰ অগ্ৰগতি
জম্মু-কাশ্মীৰৰ বুডগামত ধাৰাত আগবাঢ়ি আছে পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী আগা চৈয়দ মুন্তাজিৰ মেহদী । তেওঁৰ প্ৰতিদ্বন্দ্বী হৈছে জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ প্ৰাৰ্থী আগা চৈয়দ মাহমুদ আল মোছাভি ।
মিজোৰামৰ ডাম্পা আসনত জয়লাভ মিজো নেচনেল ফ্ৰণ্ট
মিজোৰামৰ ডাম্পা আসনত ৫৬২টা ভোটত জয়লাভ কৰিছে মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী ড৹ আৰ লালথাংলিয়ানাই ।

জম্মু-কাশ্মীৰৰ নগ্ৰোটাৰ আসনত বিজেপি জয়
জম্মু-কাশ্মীৰৰ নগ্ৰোটাৰ আসনত বিজেপিয়ে জয়লাভ কৰিছে । বিজেপিৰ প্ৰাৰ্থী দেৱানী ৰাণাই প্ৰতিদ্বন্দ্বীক ২৪ হাজাৰ বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।
জম্মু-কাশ্মীৰৰ বুডগাম বিধানসভাৰ উপ-নিৰ্বাচনত আগবাঢ়ি আছে পিডিপিৰ প্ৰাৰ্থী
জম্মু-কাশ্মীৰ বুডগাম বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি মুঠ ১৭টা ৰাউণ্ডৰ ভিতৰত তৃতীয় ৰাউণ্ডৰ ভোট গণনাৰ পিছত পিডিপিৰ আগা চৈয়দ মুন্তাজিৰ মেহদীয়ে ৩২টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।
-
Budgam (J&K) Assembly by-election | As per early trends by the Election Commission, PDP's Aga Syed Muntazir Mehdi leading with a margin of 32 votes after round 3/17 of counting. pic.twitter.com/zUPUoii00c
— ANI (@ANI) November 14, 2025
পঞ্জাবৰ টাৰ্ণ তৰণত আগবাঢ়ি আছে আপৰ প্ৰাৰ্থী
পঞ্জাবত টাৰ্ণ তৰণ উপ-নিৰ্বাচনৰ ৬/১৬ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত আপৰ প্ৰাৰ্থী হৰমিত সিং সন্ধু ৮৯২ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।
-
Tarn Taran (Punjab) by-election | As per early trends by the Election Commission, AAP's Harmeet Singh Sandhu leading with a margin of 892 votes after round 6/16 of counting. pic.twitter.com/yo4Enpdqxc
— ANI (@ANI) November 14, 2025
ৰাজস্থানৰ অন্তৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী
ৰাজস্থানত আন্তা বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে ভোট গণনাৰ প্ৰাৰম্ভিক ধাৰাত ১/২০ ৰাউণ্ড গণনাৰ অন্তত ২৪৬ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰমোদ জৈন ‘ভায়া’ ।
-
Anta (Rajasthan) Assembly by-election | As per early trends by the Election Commission, Congress' Pramod Jain "Bhaya" leading with a margin of 246 votes after round 1/20 of counting. pic.twitter.com/3ZQETBE5KE
— ANI (@ANI) November 14, 2025
ওড়িশাৰ নুৱাপাদা বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ জে ঢোলাকিয়াইৰ অগ্ৰগতি
ওড়িশাৰ নুৱাপাদা বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি, বিজেপিৰ জে ঢোলাকিয়া বিজেডিৰ স্নেহাংগিনী চুৰীয়াতকৈ ৩৫৪৭টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।
-
Nuapada (Odisha) Assembly by-election | As per early trends by the Election Commission, BJP's Jay Dholakia leading over BJD's Snehangini Chhuria with a margin of 3547 votes after round 1/26 of counting. pic.twitter.com/VWYTye0G1Y
— ANI (@ANI) November 14, 2025
আকালি দলৰ নেতা হৰৱন্ত সিঙৰ প্ৰতিক্ৰিয়া
পঞ্জাবত টাৰ্ণ তৰণ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত আকালি দলৰ অগ্ৰগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলৰ নেতা হৰৱন্ত সিঙে ৷ তেওঁ কয়, ‘‘ফলাফল অতি উত্তম ।’’ ২০২৭ চনৰ ৰাজ্যিক নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, "আকালি দলে চৰকাৰ গঠন কৰিব । মিত্ৰজোঁট গঠন হ'লে ভাল, কিন্তু প্ৰথমবাৰৰ বাবে আকালি দলে নিজাববীয়াকৈ নিৰ্বাচনত জয়ী হ'ব । দিল্লীৰ পৰা ডকাইত আহিছিল, কিন্তু সফল নহ'ল ।"
-
#WATCH | | Tarn Taran: Reacting on SAD leading in the first round of counting of Tarn Taran (Punjab) by-election, SAD leader Harwant Singh says, "...The results are fantastic..."
— ANI (@ANI) November 14, 2025
On 2027 State elections, he says, "SAD will form the Govt. If an alliance is forged, it is good, but… pic.twitter.com/SugQyos2R1
হায়দৰাবাদৰ জুবিলী হিলছত প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱ
হায়দৰাবাদত জুবিলী হিলছ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, প্ৰাৰম্ভিক ধাৰাত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী নবীন যাদৱ ।
-
Jubilee Hills bypolls counting: Congress candidate Naveen Yadav leads in early trends. pic.twitter.com/YsVwAczUit
— Press Trust of India (@PTI_News) November 14, 2025
ঝাৰখণ্ডৰ ঘাটছিলাত প্ৰাৰম্ভিক ধাৰাত আগবাঢ়ি থকা জেএমএমৰ প্ৰাৰ্থী
ঝাৰখণ্ডত ঘটছিলা বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে গণনা চলি আছে । প্ৰাৰম্ভিক ধাৰা অনুসৰি জেএমএমৰ প্ৰাৰ্থী সোমেশ চন্দ্ৰ ছোৰেনে ২১৬৪টা ভোটত আগবাঢ়ি আছে ।
-
Ghatsila assembly bypolls counting: JMM candidate Somesh Chandra Soren leads by 2164 votes in early trends.#Jharkhand #Bypolls pic.twitter.com/vQCYaISSbv
— Press Trust of India (@PTI_News) November 14, 2025
জম্মু-কাশ্মীৰৰ বুডগামত NC প্ৰাৰ্থীৰ অগ্ৰগতি
জম্মু-কাশ্মীৰ বুডগাম বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে । নিৰ্বাচন আয়োগৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি ১৭ ৰ ৰাউণ্ডৰ গণনাৰ পিছত NC ৰ আগা চৈয়দ মাহমুদ আল মোছাভিয়ে পিডিপিৰ আগা চৈয়দ মুন্তাজিৰ মেহদীতকৈ ৬২৪ টা ভোটত আগবাঢ়ি আছে ।
-
Budgam (J&K) Assembly by-election | As per early trends by the Election Commission, NC's Aga Syed Mahmood Al Mosavi leading over PDP's Aga Syed Muntazir Mehdi with a margin of 624 votes after round 1/17 of counting. pic.twitter.com/N8MXjkcz63
— ANI (@ANI) November 14, 2025
হায়দৰাবাদৰ জুবিলী হিলছ বিধানসভা সমষ্টিত কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগণনা চলি আছে
জুবিলী হিলছ বিধানসভাৰ উপ-নিৰ্বাচনত ভোটগণনাৰ নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত হায়দৰাবাদৰ যুটীয়া আৰক্ষী আয়ুক্ত তাফছিৰ ইকবালে কয়, "পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৷ ১৪৪ ধাৰা জাৰি কৰা হৈছে । ১৬ নৱেম্বৰলৈকে প্ৰযোজ্য থাকিব আচৰণ বিধি । ইতিমধ্যে স্পৰ্শকাতৰ স্থান চিনাক্ত কৰা হৈছে আৰু ১৫টা প্লাটুন আৰু ৩০০ৰো অধিক আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে ।"
-
#WATCH | Hyderabad, Telangana | On the security arrangements for the counting of votes for the Jubilee Hills Assembly by-elections, Joint Commissioner of Police for Hyderabad, Tafseer Iqubal, says, "It is entirely under control, section 144 has been imposed and MCC is in force… pic.twitter.com/TVvPT5CDJc
— ANI (@ANI) November 14, 2025
অব্যাহত আছে ঝাৰখণ্ডত ঘাটছিলা বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা
জামছেদপুৰত ঘটছিলা বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে । কটকটীয়া নিৰাপত্তাৰ মাজত চলি আছে ভোটগণনা প্ৰক্ৰিয়া । ইভিএমত আবদ্ধ হৈ আছে ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।
ৰাজস্থানত আন্তা আসনৰ বাবে চলি আছে ভোটগণনা
ৰাজস্থানত আন্তা উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ১৪খন টেবুলত ২০ ৰাউণ্ডৰ বাবে ভোটগণনা কৰি থকা হৈছে ৷
পঞ্জাবৰ টাৰ্ণ তৰণ আসনত ১৬টা ৰাউণ্ডৰ গণনা : আয়ুক্ত
পঞ্জাবৰ টাৰ্ণ তৰণ সমষ্টিত চলি আছে ভোটগণনা ৷ এই সময়ত উপস্থিত উক্ত কেন্দ্ৰটোত উপস্থিত থাকে উপাযুক্ত ৰাহুল ৷ তেওঁ কয়, "২২২টা বুথত ভোটাৰৰ ভোটদানৰ হাৰ ৬০.৯৫ শতাংশ । আজি ১৪টা কাউণ্টাৰত ১৬টা ৰাউণ্ড গণনা কৰা হৈছে । ইয়াৰ উপৰিও আমি ইটিপিবিএমএছ সেৱাৰ ভোটাৰৰ পৰা ডাক বেলট আৰু বিভিন্ন ক্ষমতাসম্পন্ন ভোটাৰৰ পৰা ২৫০ৰো অধিক বেলট লাভ কৰিছো । বিয়লি ২:৩০ বজাৰ ভিতৰত ফলাফল অহাৰ সম্ভাৱনা আছে ৷ গণনা কেন্দ্ৰসমূহত বি এছ এফ আৰু পঞ্জাব আৰক্ষীকে ধৰি তিনিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা স্থাপন কৰা হৈছে ।”
-
#WATCH | Tarn Taran (Punjab) by-election | Tarn Taran, Punjab | Deputy Commissioner Rahul says, "60.95% polling took place on 222 booths and today, 16 rounds of counting will take place on 14 counters. Additionally, we have received postal ballots from ETPBMS service voters and… pic.twitter.com/a04qtmA4Zy
— ANI (@ANI) November 14, 2025
পঞ্জাবৰ টাৰ্ণ তৰণৰ উপ-নিৰ্বাচন: প্ৰাৰম্ভিক ধাৰাত আগবাঢ়ি আছে শিৰোমণি আকালি দল
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্জাবত টাৰ্ণ তৰণৰ উপ-নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰাত ১/১৬ ৰাউণ্ড গণনাৰ অন্তত আপৰ হৰমীত সিং সন্ধুতকৈ ৬২৫ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে শিৰোমণি আকালি দলৰ সুখৱিন্দৰ কৌৰ ।
-
Tarn Taran (Punjab) by-election | As per early trends by the Election Commission, Shiromani Akali Dal's Sukhwinder Kaur leading over AAP's Harmeet Singh Sandhu with a margin of 625 votes after round 1/16 of counting. pic.twitter.com/hugGSur4fq
— ANI (@ANI) November 14, 2025
চলি আছে হায়দৰাবাদৰ জুবিলী হিলছ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণন প্ৰক্ৰিয়া
তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা জুবিলী হিলছ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় । ইউছুফগুডাৰ কোটলা বিজয় ভাস্কৰ ৰেড্ডী ইনড’ৰ ষ্টেডিয়ামত ভোটগণনা প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িছে । BRS ৰ বিধায়ক মগন্তী গোপীনাথৰ মৃত্যুৰ পিছতে সেই এখন আসনখন খালী হৈ পৰে । সেয়ে তাৰ পাচতে ১১ নৱেম্বৰৰ দিনা অনুষ্ঠিত হৈছিল এখন আসনৰ বাবে উপ-নিৰ্বাচন ।
পঞ্জাবৰ টাৰ্ণ তৰণ আসনৰ বাবে আৰম্ভ ভোটগণনা
আম আদমী পাৰ্টীৰ বিধায়ক কাশ্মীৰ সিং সোহালৰ মৃত্যুৰ পিছত খালী হৈ পৰা পঞ্জাবৰ টাৰ্ণ তৰণ বিধানসভা সমষ্টিৰ এটা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া । সম্প্ৰতি ভোটগ্ৰহণ কেন্দ্ৰটোত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।
-
#WATCH | Punjab: Visuals from a counting centre in Tarn Taran assembly constituency. The counting of votes has begun.
— ANI (@ANI) November 14, 2025
The seat fell vacant following the demise of sitting AAP MLA Kashmir Singh Sohal. pic.twitter.com/RLDYdnByvl
২০২৫ চনৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ
সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮খন বিধানসভাৰ আসনৰ বাবে ভোটগণনা আৰম্ভ হৈছে । তেলেংগানাৰ জুবিলী হিলছ বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবেও ভোটগণনা আৰম্ভ হৈছে ।
-
Counting of votes polled in Jubilee Hills Assembly bypoll in Telangana begins. pic.twitter.com/sDVkWkaWMr
— Press Trust of India (@PTI_News) November 14, 2025
ৰাজ্যভেদে উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰ
উপ-নিৰ্বাচনৰ বাবে ৰাজ্যভেদে ভোটদানৰ হাৰ ভিন্ন আছিল ৷ মিজোৰামৰ ডাম্পাত সৰ্বাধিক ৮২.৩% ভোটদান কৰিছে । ভোটদানৰ হাৰত দ্বিতীয় স্থানত আছে ৰাজস্থানৰ অন্তা ৮০.৩% । ইফালে ওড়িশাৰ নুয়াপাদাত ৭৯.৪%, ভোটদানৰ হাৰত জম্মু-কাশ্মীৰৰ নাগ্ৰোটাত ৭৫.১%, ঝাৰখণ্ডৰ ঘাটশিলা ৭৪.৬%, পঞ্জাবৰ টাৰ্ণ তৰণত ৬১%, জম্মু-কাশ্মীৰৰ বুডগামত ৫০% আৰু তেলেংগানাৰ জুবিলী হিলছত ৪৮.৫% ।

