বিধানসভাৰ নিৰ্বাচন ২০২৬: নিৰ্বাচনৰ সময়ছোৱাত অসমত জব্দ মুঠ ১১৭.২৪ কোটি টকা
নিৰ্বাচনৰ সময়ছোৱাত পশ্চিমবংগত আটাইতকৈ বেছি সুৰা আৰু ড্ৰাগছ জব্দ হৈছে । নগদ ধনৰ ক্ষেত্ৰত শীৰ্ষত আছে তামিলনাডু ৷ নিৰ্বাচন আয়োগে দিলে এই তথ্য ৷

Published : May 11, 2026 at 2:45 PM IST
হায়দৰাবাদ: সদ্যসমাপ্ত হ’ল ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ২০২৬ ৷ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে এক তথ্য সদৰী কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগ চমুকৈ ইচিআইৰ তথ্যত এক ভয়ংকৰ কথা পোহৰলৈ আহিছে ৷
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, বিভিন্ন বলৱৎকাৰী সংস্থাই তালাচী চলাই নিৰ্বাচনী ভোটগ্ৰহণৰ দিন ৯ এপ্ৰিলৰ পূৰ্বে অসমৰ বিভিন্ন স্থানৰ পৰা মুঠ ১১৭.২৪ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে ৰাজ্যৰ একাধিক নিৰ্বাচনী প্ৰচাৰ এলেকাৰ পৰা ৮২৮২৪৮.৩৩ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল, এই সুৰাৰ বজাৰ মূল্য ২২.৭১ কোটি টকা বুলি জানিব পৰা গৈছে ৷

তথ্য মতে, অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, কেৰালাম আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বৰ সময়ছোৱাত বলৱৎকাৰী সংস্থাই উক্ত ৰাজ্যকেইখনত তালাচী চলাই বহু পৰিমাণে সুৰা আৰু নগদ ধন জব্দ কৰিছিল ৷ নিৰ্বাচনৰ সময়ছোৱাত বিভিন্ন বলৱৎকাৰী সংস্থাসমূহে পাঁচোখন ৰাজ্যৰ পৰা প্ৰায় ১৪৪৪.৯৬ কোটি টকা জব্দ কৰে ৷
আচৰ্যকৰ কথা এয়াই যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত ২০২৬ চনত জব্দ হোৱা টকাৰ পৰিমাণ যথেষ্ট বেছি ৷ ইচিআইৰ তথ্য মতে, জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে নগদ ধন, সুৰা, ড্ৰাগছ, কিছু ধাতু আৰু অন্যান্য সামগ্ৰী (freebies) ।
অসমৰ লেখীয়াকৈ তামিলনাডুত মুঠ ৬৬২.২৮ কোটি টকা, পশ্চিমবংগত ৫৭৩.৪১ কোটি টকা আৰু পুডুচেৰীত ৯.৭২ কোটি টকা নগদ ধনৰ লগতে নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷
আয়োগে প্ৰকাশ কৰা এই তথ্যত পোহৰলৈ আহিছে যে, কেৰালামত বিভিন্ন বলৱৎকাৰী সংস্থাই নিৰ্বাচনৰ সময়ছোৱাত ৮০.৬৭ কোটি টকা জব্দ কৰে ৷ এই জব্দ কৰা সামগ্ৰীখিনিৰ ভিতৰত ১২.১২ কোটি নগদ ধন আৰু ২.৫১ কোটি টকা মূল্যৰ সুৰাও অন্তৰ্ভূক্ত হৈ আছে ।
সদ্য সমাপ্ত নিৰ্বাচনৰ সময়ছোৱাত অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি (model Code of Conduct চমুকৈ MCC) কঠোৰভাৱে পালন কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছিল । হিংসামুক্ত, ভয়-ভাবুকিমুক্ত আৰু প্ৰৰোচনামুক্ত নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ৭,৪৭০টা ফ্লায়িং স্কোয়াড(FSTs) আৰু ৭,৪৭০টা ষ্টেটিক ছাৰ্ভিলেন্স টীমো (SSTs) নিয়োগ কৰা হৈছিল । এই দলসমূহৰ পৰা ৩৭৬ জন বিশেষ পৰ্যবেক্ষককো নিয়োগ কৰা হৈছিল ।
বিশেষকৈ সুৰা আৰু ড্ৰাগছ পশ্চিমবংগত সৰ্বাধিক সংখ্যক জব্দ কৰা হৈছে । ইচিআয়ে সদৰী কৰা তথ্যত এই কথা পোহৰলৈ আহিছে ৷ নগদ ধনৰ কথা ক’বলৈ গ’লে এই ক্ষেত্ৰত তামিলনাডুয়ে শীৰ্ষস্থান দখল কৰিছে । পাঁচ ৰাজ্যৰ তুলনাত তামিলনাডুক বহু পৰিমাণে নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ৷
কেৰালামৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত ৰাজ্যখনত এইবাৰ ৪০.১৪ % জব্দ হোৱা সামগ্ৰীৰ পৰিমাণ বৃদ্ধি পাইছে । অৱশ্যে বাদপৰি ৰোৱা নাই পশ্চিমবংগ আৰু তামিলনাডুও ৷ ২০২১ চনৰ নিৰ্বাচনৰ তুলনাত ২০২৬ চনত পশ্চিমবংগত সৰ্বাধিক ৬৮.৯২% আৰু তামিলনাডুত ৪৮.৪০% বৃদ্ধি পাইছে ৷
| ৰাজ্য | ধনৰ পৰিমাণ (কোটি টকা) | সুৰা (লিটাৰ) | সুৰাৰ পৰিমাণ (কোটি টকা) | ড্ৰাগছৰ মূল্য (কোটি টকা) | মূল্যবান ধাতু (কোটি টকা) | অন্যান্য (কোটি টকা)
| মুঠ ধন (কোটি টকা) |
| তামিলনাডু | ১০৫.২২ | ১৩৭২৪৮.৫৩ | ৪.৯৪ | ৭৮.৬১ | ১৬৫.৮৬ | ৩০৭.৬৫ | ৬৬২.২৮ |
| পশ্চিমবংগ | ৩১.১৪ | ৫৮৫৮৬৪৮.৯৮ | ১৫১.৮৬ | ১৩০.২৮ | ৬৯.৩৬ | ১৯০.৭৭ | ৫৭৩.৪১ |
| অসম | ৬.০৭ | ৮২৮২৪৮.৩৩ | ২২.৭১ | ৭০.০৮ | ৩.৬৮ | ১৪.৭ | ১১৭.২৪ |
| কেৰালাম | ১২.১২ | ৭৮২১৫.৩ | ২.১৫ | ৫৮.৪৭ | ২.২৫ | ৫.৩৩ | ৮০.৬৭ |
| পুডুচেৰী | ০.৩৩ | ১৮৩৪০.৩৫ | ০.৩৯ | ০ | ৮.৯৯ | ০.০২ | ৯.৭২ |
| মুঠ | ১৫৪.৮৯ | ৬৯৮৮৭৯৩.৩৮ | ১৮৩.৩৩ | ৩৩৭.৮৮ | ২৫০.১৪ | ৫১৮.৭৩ | ১৪৪৪.৯৬ |
অসম :
ওপৰত উল্লেখ কৰা মতে, ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচন সুচাৰুৰূপে চলাই নিয়াৰ স্বাৰ্থত ভাৰতীয় নিৰ্বাচন আয়োগে অসমত বিভিন্ন বলৱৎকাৰী সংস্থাক নিয়োগ কৰিছিল ৷ নিৰ্বাচনৰ সময়ছোৱাত এই সংস্থাসমূহে অসমৰ বিভিন্ন স্থানৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, সুৰৰ লগতে নগদ ধনো জব্দ কৰে ৷ বিভিন্ন বলৱৎকাৰী সংস্থাই জব্দ কৰা সামগ্ৰীসমূহ এনেদৰণৰ -
- নগদ ধন ৬.০৭ কোটি টকা
- সুৰা ৮২৮২৪৮.৩৩ লিটাৰ, যাৰ মূল্য ২২.৭১ কোটি টকা
- ড্ৰাগছ ৭০.০৮ কোটি টকা
- মূল্যৱান ধাতু ৩.৬৮ কোটি টকা
- অন্যান্য ১৪.৭ কোটি টকা
- জব্দকৃত মুঠ সামগ্ৰীৰ মূল্য ১১৭.২৪ কোটি টকা
পশ্চিমবংগ :
ইতিমধ্যে আমি উল্লেখ কৰিছো যে, উক্ত নিৰ্বাচনৰ সময়ছোৱাত পাঁচ ৰাজ্যৰ তুলনাত পশ্চিমবংগত সুৰা আৰু ড্ৰাগছ অধিক মাত্ৰাত বিভিন্ন বলৱৎকাৰী সংস্থাই জব্দৰ কৰিছে ৷ সেয়া হ’ল -
- নগদ ধন ৩১.১৪ কোটি টকা
- সুৰা ৫৮৫৮৬৪৮.৯৮ লিটাৰ, যাৰ মূল্য ১৫১.৮৬ কোটি টকা
- ড্ৰাগছ ১৩০.২৮ কোটি টকা
- মূল্যৱান ধাতু ৬৯.৩৬ কোটি টকা
- অন্যান্য ১৯০.৭৭ কোটি টকা
- জব্দকৃত মুঠ সামগ্ৰীৰ মূল্য ৫৭৩.৪১ কোটি টকা
তামিলনাডু :
নিৰ্বাচনৰ সময়ছোৱাত তামিলনাডুৰ পৰা বিভিন্ন বলৱৎকাৰী সংস্থাই জব্দৰ কৰা সামগ্ৰীসমূহৰ তথ্য তলত উল্লেখ কৰা হ’ল -
- নগদ ধন ১০৫.২২ কোটি টকা
- সুৰা ১৩৭২৪৮.৫৩ লিটাৰ, যাৰ মূল্য ৪.৯৪ কোটি টকা
- ড্ৰাগছ ৭৮.৬১ কোটি টকা
- মূল্যৱান ধাতু ১৬৫.৮৬ কোটি টকা
- অন্যান্য ৩০৭.৬৫ কোটি টকা
- জব্দকৃত মুঠ সামগ্ৰীৰ মূল্য ৬৬২.২৮ কোটি টকা
কেৰালাম :
- নগদ ধন ১২.১২ কোটি টকা
- সুৰা ৭৮২১৫.৩ লিটাৰ, যাৰ মূল্য ২.১৫ কোটি টকা
- ড্ৰাগছ ৫৮.৪৭ কোটি টকা
- মূল্যৱান ধাতু ২.২৫ কোটি টকা
- অন্যান্য ৫.৩৩ কোটি টকা
- জব্দকৃত মুঠ সামগ্ৰীৰ মূল্য ৮০.৬৭ কোটি টকা
পুডুচেৰী :
- নগদ ধন ০.৩৩ কোটি টকা
- সুৰা ১৮৩৪০.৩৫ লিটাৰ, যাৰ মূল্য ০.৩৯ কোটি টকা
- ড্ৰাগছ ০ কোটি টকা
- মূল্যৱান ধাতু ৮.৯৯ কোটি টকা
- অন্যান্য ০.০২ কোটি টকা
- জব্দকৃত মুঠ সামগ্ৰীৰ মূল্য ৯.৭২ কোটি টকা
উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য মতে, পাঁচ ৰাজ্যৰ জব্দ কৰা সামগ্ৰী তথা ইয়াৰ মূল্য এনেধৰণৰ -
- নগদ ধন ১৫৪.৮৯ কোটি টকা
- সুৰা ৬৯৮৮৭৯৩.৩৮ লিটাৰ, যাৰ মূল্য ১৮৩.৩৩ কোটি টকা
- ড্ৰাগছ ৩৩৭.৮৮ কোটি টকা
- মূল্যৱান ধাতু ২৫০.১৪ কোটি টকা
- অন্যান্য ৫১৮.৭৩ কোটি টকা
- জব্দকৃত মুঠ সামগ্ৰীৰ মূল্য ১৪৪৪.৯৬ কোটি টকা

