ETV Bharat / bharat

সামাজিক মাধ্যমৰ ব্যৱহাৰ সীমিত ৰাখক: নিৰাপত্তাৰক্ষীলৈ কঠোৰ নিৰ্দেশনা চি আৰ পি এফৰ

চাইবাৰ অপৰাধৰ বিৰুদ্ধে চিআৰপিএফৰ সজাগতা অভিযান আৰম্ভ ৷ চাইবাৰ অপৰাধীয়ে ৰাজহুৱা হৈ থকা ব্যক্তিগত তথ্য সংগ্ৰহ কৰি নিজৰ চিকাৰৰ লক্ষ্য কৰে বুলি চিআৰপিএফে কয় ৷

CRPF
চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ৰ বাহিৰৰ দৃশ্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 6:29 PM IST

7 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফে চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰম্ভ কৰিছে এক সজাগতা অভিযান ৷ চিআৰপিএফত কৰ্মৰত নিৰাপত্তাৰক্ষীসকলৰ সুৰক্ষাৰ অৰ্থে এই অভিযান আৰম্ভ কৰি সামাজিক মাধ্যমত নিজৰ কাৰ্যকলাপ সীমিত কৰিবলৈ আহ্বান জনাইছে বিভাগটোৱে ।

বিভাগটোৱে কৰ্মীসকলক নিয়মিতভাৱে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ গোপনীয়তাৰ ছেটিংছ পৰ্যালোচনা কৰিবলৈ আৰু নিজৰ পোষ্ট, বন্ধুৰ তালিকা আৰু ব্যক্তিগত তথ্য কেৱল বিশ্বাসযোগ্য লোকৰ সৈতেহে শ্বেয়াৰ কৰিবলৈও পৰামৰ্শ আগবঢ়ায় ।

চিআৰপিএফ হৈছে ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, যাৰ অধীনত দেশমাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে প্ৰায় ৩ লাখ জোৱান ।

চি আৰ পি এফৰ যোগাযোগ আৰু আই টি সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া ই-নিউজলেটাৰ চাইবাৰ বাইটৰ শেহতীয়া সংখ্যাত এনেদৰে কোৱা হৈছে, ‘‘চাইবাৰ অপৰাধীয়ে প্ৰায়ে ৰাজহুৱাভাৱে উপলব্ধ তথ্য, যেনে - জন্মদিন, পোহনীয়া জন্তুৰ নাম, ছুটীৰ পৰিকল্পনা বা কৰ্ম সম্পৰ্কীয় তথ্যৰ সৰু সৰু কথাবোৰ সংগ্ৰহ কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ তেওঁলোকে আপোনাৰ পাছৱ’ৰ্ড অনুমান কৰে আনকি পৰিচয়ো চুৰি কৰে ।’’

প্ৰবৃত্তিটো ৰক্ষক হৈ পৰে

চি আৰ পি এফৰ ১৮২ বেটালিয়নৰ এজন সাৱধানী হেড কনিষ্টবলে বিগত বৰ্ষৰ নৱেম্বৰত চাইবাৰ অপৰাধী চক্ৰৰ হাতোৰাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

ফেচবুক মেচেঞ্জাৰত চি আৰ পি এফৰ উপ-আৰক্ষী মহাপৰিদৰ্শক(ডি আই জি) বুলি মিছাকৈ দাবী কৰি এজন ব্যক্তিৰ পৰা কনিষ্টবলগৰাকীয়ে এক বাৰ্তা লাভ কৰিছিল । এই ভুৱা পৰিচয় ব্যৱহাৰ কৰি ফোন কৰাজনে হেড কনিষ্টবলক কয় যে তেওঁৰ অঞ্চলত এজন কমাণ্ডেণ্ট নিয়োগ কৰা হৈছে ।

কিছু সময়ৰ পিছতে কমাণ্ডেণ্টৰ ৰূপ লৈ দ্বিতীয়জন লোকে হেড কনিষ্টবলজনক ফোন কৰি ডি আই জিৰ পৰা হেড কনিষ্টবলজনৰ ফোন নম্বৰ লাভ কৰা বুলি দাবী কৰে । লোকজনে দাবী কৰে যে কিছুমান "চৰকাৰী সামগ্ৰী" হেড কনিষ্টবলৰ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে, যাৰ বিনিময়ত তেওঁ পাৰ্চেল ডেলিভাৰী আৰু পৰিবহণৰ মূল্যৰ বাবে ধন আদায় কৰিব লাগিব । অৱশ্যে ধনৰ অভাৱৰ দোহাই দি এই অনুৰোধ নাকচ কৰে হেড কনিষ্টবলগৰাকীয়ে ।

ভুৱা ডি আই জিয়ে পুনৰ মেছেজৰ জৰিয়তে হেড কনিষ্টবলজনক হেঁচা প্ৰয়োগ কৰি তাৎক্ষণিকভাৱে কমেও ২০ হাজাৰ টকা পঠিয়াবলৈ নিৰ্দেশ দিয়ে ৷ বাকী থকা ধন ২০ দিনৰ পিছত দিলেও হ’ব বুলি অপৰাধীজনে আশ্বাস দিয়ে । পৰৱৰ্তী সময়ত ভুৱা কমাণ্ডেণ্টগৰাকীয়ে হোৱাটছ এপৰ জৰিয়তে হেড কনিষ্টবলৰ সৈতে যোগাযোগ কৰি গুগল পে অথবা ফোনপেৰ জৰিয়তে ধন প্ৰেৰণ কৰিবলৈ জোৰ দিয়ে । অনুৰোধটো প্ৰকৃত বুলি বিশ্বাস কৰি হেড কনিষ্টবলজনে ২০ হাজাৰ টকা প্ৰেৰণ কৰি লেনদেনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে । ইয়াৰ পিছতে তেওঁ চি আৰ পি এফৰ নকল ল’গ’ থকা এখন ভুৱা বিল লাভ কৰে, য’ত আদায় দিবলগীয়া বাকী ধনৰাশিৰ পৰিমাণ ৫০,০০০ টকা বুলি উল্লেখ কৰা হৈছিল ৷

দিনৰ প্ৰায় ৩ বজাত হেড কনিষ্টবলজনলৈ একেটা প্ৰৱঞ্চকৰ পৰা হোৱাটছ এপৰ জৰিয়তে আন এটা ফোন আহে ৷ য’ত সামগ্ৰীসমূহ প্ৰেৰণ কৰা হোৱাৰ দাবী কৰি তেওঁক পৰিবহণ মূল্য হিচাপে অতিৰিক্ত ৪১,০০০ টকা দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল ৷ লগতে পৰৱৰ্তী ১০ মিনিটৰ ভিতৰত ধন ঘূৰাই দিয়াৰো ভুৱা আশ্বাস দিয়া হৈছিল । অৱশ্যে হেড কনিষ্টবলজনে পুনৰ কোনো ধৰণৰ ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰে ।

হেড কনিষ্টবলে তৎক্ষণাত চাইবাৰ অপৰাধৰ বলি হোৱা বুলি অনুমান কৰি চি আৰ পি এফৰ কোম্পানী কমাণ্ডাৰ ১৮২ বেটালিয়নক সমগ্ৰ ঘটনাটো অৱগত কৰে ৷ সমান্তৰালকৈ অপৰাধীৰ বিৰুদ্ধে প্ৰয়োজনীয় তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দাখিল কৰে ।

এজন শীৰ্ষ বিষয়াই কয়, ‘‘আমি এনে বহু গোচৰ পঞ্জীয়ন কৰো, য’ত চাইবাৰ প্ৰৱঞ্চকে নিজৰ কৌশল ব্যৱহাৰ কৰি ধন সংগ্ৰহৰ চেষ্টা চলায় ।’’

চাইবাৰ অপৰাধৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চি আৰ পি এফৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি সঞ্চালকালয়ে নিজৰ সুৰক্ষাকৰ্মীসকলক চাইবাৰ প্ৰবঞ্চনাৰ পৰা হাত সাৰিবলৈ তিনিটা কৌশল গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে ৷

QR কোডে বিপদত পেলোৱাৰ সম্ভাৱনা

QR ক’ডত ধন পৰিশোধৰ ঠিকনা উপলব্ধ নহয় বাবে ই বিপদজনক প্ৰতিপন্ন হ’ব পাৰে চি আৰ পি এফে পৰামৰ্শ জাৰি কৰিছে ৷ বিপদৰ মাত্ৰা হ্ৰাস কৰিবলৈ সকলোৱে অজ্ঞাত বা সন্দেহজনক উৎসৰ পৰা QR ক’ড স্কেন কৰাটো পৰাপক্ষত এৰাই চলিব লাগে ।

‘‘QR ক’ডে কোনো স্পষ্ট সতৰ্কবাণী বা বাৰ্তা অবিহনে ব্যৱহাৰকাৰীক ভুৱা ৱেবছাইট, মেলৱেৰ ডাউনলোড বা ভুৱা পেমেণ্ট পেজত প্ৰৱেশত সহজ কৰি তোলে । অপৰাধীয়ে প্ৰায়ে পোষ্টাৰ, পাৰ্কিং মিটাৰ, মেন্যু বা বৈধ ক’ডৰ ওপৰতো ভুৱা QR ক'ড সংযোজন কৰিব পাৰে, যাৰ ফলত সাধাৰণ লোক অতি সহজে প্ৰবঞ্চনাৰ বলি হয় ৷ যিহেতু ব্যৱহাৰকাৰীয়ে স্কেন কৰাৰ আগতে সম্পূৰ্ণ ৱেব ঠিকনা চাব নোৱাৰে, সেয়েহে লিংকটো বিশ্বাসযোগ্য নে নহয়, সেইটো নিৰ্ণয় কৰাটো কঠিন’’ বুলি চিআৰপিএফৰ নিউজ লেটাৰত উল্লেখ কৰা হৈছে ৷

সামাজিক মাধ্যমৰ সীমিত ব্যৱহাৰ

লগতে কোৱা হৈছে, ‘‘সামাজিক মাধ্যমত নিজৰ উপস্থিতি সীমিত কৰাটো নিজৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ আৰু চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ অন্যতম ফলপ্ৰসূ উপায় । চাইবাৰ অপৰাধীয়ে প্ৰায়ে ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ পৰা সৰু সৰু তথ্য, যেনে - জন্মদিন, পোহনীয়া জন্তুৰ নাম, ছুটীৰ পৰিকল্পনা বা কৰ্ম সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি ব্যক্তিগত আক্ৰমণ চলায়, পাছৱৰ্ড পৰ্যন্ত অনুমান কৰে, আনকি পৰিচয় চুৰিও কৰে ।’’

দিনটোৰ শেষত লগ আউট কৰক

ইয়াৰোপৰি কামৰ সামৰণিৰ পূৰ্বে নিজৰ ডিভাইচ বন্ধ কৰাৰ আগতে লগ আউট কৰিবলৈ নিয়মীয়াকৈ ৰিমাইণ্ডাৰ দিয়াৰ অভ্যাস গঢ়ি তোলক ৷ চি আৰ পি এফে কয়, ‘‘দিনটোৰ শেষত লগ আউট কৰাটো এটা গুৰুত্বপূৰ্ণ সুৰক্ষা পদ্ধতি ৷ যিয়ে স্পৰ্শকাতৰ তথ্য আৰু ব্যৱস্থাসমূহক অকৰ্তৃত্বশীল প্ৰৱেশৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে । একাউণ্টসমূহ চাইন ইন কৰি এৰি দিলে, বিশেষকৈ অংশীদাৰী বা কৰ্মক্ষেত্ৰৰ ডিভাইচসমূহত কোনোৱে অনুমতি অবিহনে তথ্য় যোগান ধৰা, বাৰ্তা প্ৰেৰণ কৰা বা তথ্য় পৰিৱৰ্তনৰ আশংকা বৃদ্ধি কৰে । গতিকে লগ আউট কৰিলে এনেধৰণৰ ভাবুকিৰ আশংকা হ্ৰাস পায় আৰু সামগ্ৰিকভাৱে চাইবাৰ সুৰক্ষা বৃদ্ধি পায় । কাৰ্যালয় এৰি যোৱাৰ পূৰ্বে লগ আউট কৰাটো দৈনন্দিন অভ্যাসত পৰিণত কৰি তোলাটোৱে ব্যক্তিগত আৰু সাংগঠনিক দুয়োধৰণৰে তথ্য সুৰক্ষিত কৰাত সহায় কৰে ।’’

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এছ এছ কোঠিয়ালে স্বীকাৰ কৰে যে বহু সময়ত নিৰাপত্তাৰক্ষীসকল চাইবাৰ প্ৰবঞ্চনাৰ বলি হয় । সীমান্ত সুৰক্ষা বাহিনীৰ পৰা আৰক্ষী মহাপৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা কোঠিয়ালে কয়, ‘‘সকলো কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে নিজৰ কৰ্মীসকলৰ বাবে চাইবাৰ প্ৰবঞ্চনাৰ বিষয়ত বিস্তৃত সজাগতা অভিযান আৰু বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিব লাগে ।’’

কোঠিয়ালে লগতে কয়, ‘‘আমাৰ নিৰাপত্তাৰক্ষীৰ নিজা ফেচবুক, লিংকডইন আৰু অন্যান্য সামাজিক মাধ্যমৰ একাউণ্ট আছে ৷ বেছিভাগ ক্ষেত্ৰতে এনে সামাজিক মাধ্যমৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি মানুহক প্ৰতাৰণা কৰা প্ৰৱঞ্চক পোৱা গৈছে ।’’

লগতে পঢ়ক: আবিৰৰ সলনি পানী, ফুলৰ পাহিৰে উদযাপন বাহা উৎসৱ