মাজ আকাশত কাৰিকৰী বিজুতি, ১৫০ গৰাকী যাত্ৰীক লৈ উৰা মৰা বিমান উভতিল দিল্লীলৈ
লেহ অভিমুখে উৰা মৰা বিমানখন পুনৰ নতুন দিল্লীলৈ উভতি আহে ৷

Published : February 24, 2026 at 11:45 AM IST
|Updated : February 24, 2026 at 12:24 PM IST
নতুন দিল্লী: পুনৰবাৰ বিমানত কাৰিকৰী বিজুতি ৷ মঙলবাৰে লেহ অভিমুখে উৰা মৰা এখন যাত্ৰীবাহী বিমান আদবাটৰ পৰাই উভতি আহে নতুন দিল্লীলৈ ৷ উৰণৰ কিছু সময়ৰ পাছতে স্পাইচজেটৰ বিমানখনৰ ইঞ্জিনত দেখা দিয়ে কাৰিকৰী বিজুতি ৷ যাৰ বাবে আদবাটৰ পৰাই বিমানখনে ৰাজধানী দিল্লীস্থ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উভতিবলৈ বাধ্য হয় ৷
দিল্লীৰ পৰা উৰা মৰা SG121 ছিৰিজৰ 737 নং বয়িং বিমানখনে সেই সময়ত পূব দিশে গৈ আছিল ৷ বিমানখনৰ যাত্ৰাৰ পিছত ফ্লাইট ডেকৰ ক্ৰুৱে বিমানখনৰ কোনো বিজুতিৰ কথা জানিব পৰাত দিল্লীলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় । নতুন দিল্লীত সফলতাৰে বিমানখন অৱতৰণ কৰোৱা হয় ৷ তাত থকা যাত্ৰীসকলক নিৰাপদে বিমানৰ পৰা বাহিৰলৈ অনা হয় ৷ কোনো এজন যাত্ৰীয়ে কোনোধৰণৰ আঘাত নোপোৱাকৈ বিমানৰ পৰা বাহিৰলৈ ওলাই আহে ৷
বিমানখনৰ ইঞ্জিনত সংঘটিত কাৰিকৰী বিসংগতিৰ কথা প্ৰাৰম্ভিক প্ৰতিবেদনত পোহৰলৈ আহে ৷ কিয়নো উৰণৰ সময়ত ইঞ্জিনৰ পৰা জুইৰ ধোঁৱা আৰু স্ফুলিংগ ওলোৱাৰ কথা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে । অৱশ্যে বিমানবন্দৰ কৰ্তৃপক্ষই এই বিজুতিৰ সঠিক কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই ।
এক বিবৃতিত স্পাইচজেটৰ মুখপাত্ৰই নিশ্চিত কৰিছে যে বিমানখনে কাৰিকৰী সমস্যাৰ সন্মুখীন হোৱাত দিল্লীলৈ উভতি আহিছিল । মুখপাত্ৰগৰাকীয়ে কয়, ‘‘বিমানখন দিল্লীত নিৰাপদে অৱতৰণ কৰিছিল আৰু সকলো যাত্ৰীক স্বাভাৱিকভাৱে নমাই দিয়া হৈছিল । এই ঘটনাৰ সময়ত ককপিটত অগ্নিকাণ্ডৰ সতৰ্কবাণীৰ কোনো ইংগিত পোৱা হোৱা নাছিল ৷’’
লেহ বিমানবন্দৰটো পাহাৰৰ যথেষ্ঠ উচ্চতাত অৱস্থিত ৷ সেয়েহে বিমানখনৰ উৰণ সম্পূৰ্ণ কৰিবলৈ পৰ্যাপ্ত নিয়মৰ প্ৰয়োজন যাতে সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো প্ৰয়োজনীয় নিয়ম-নীতি মানি চলা হয় ৷ বিমানখনে পুনৰ উৰা মাৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ তাৰ পূৰ্বে বিমানখনৰ সকলো দিশ তন্ন-তন্নকৈ পৰীক্ষা কৰাও হ’ব ৷
নিয়মীয়া সুৰক্ষা নিৰীক্ষণৰ অংশ হিচাপে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এই ঘটনাৰ সবিশেষ পৰীক্ষা কৰাৰ সম্ভাৱনা আছে । বিমান সংস্থা আৰু তদন্তকাৰীৰ দলটোৱে মাজ আকাশত দেখা দিয়া বিজুতিৰ কাৰণ বিচাৰি উলিয়াবলৈ নিৰীক্ষণ কাৰ্য আৰম্ভ কৰাৰ লগতে চৰকাৰৰ পৰা লাভ কৰিবলগীয়া তথ্যৰ অপেক্ষা কৰা দেখা গৈছে ।
সঘনাই হোৱা এনে ঘটনাই পুনৰবাৰ বিমানত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ উল্লেখ্য় যে সোমবাৰে নিশা ৰাঁচীৰ পৰা দিল্লী অভিমুখী এখন এয়াৰ এম্বুলেঞ্চ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 7গৰাকী যাত্ৰীৰ মৃত্য়ু হৈছিল৷
লগতে পঢ়ক:
ৰোগী কঢ়িয়াই নিয়া এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত, ৭ গৰাকীৰ মৃত্য়ু
'নমো ভাৰত' কৰিড‘ৰ মুকলিৰ প্ৰথম দিনটোত অভিলেখ, এক লাখৰো অধিক যাত্ৰীৰ যাত্ৰা

