ৱায়ানাড সুৰংগ প্ৰকল্পত ভয়াবহ ভূমিস্খলন: অৰ্ধ শতাধিক শ্ৰমিক আবদ্ধ
স্থানীয় বাসিন্দাসকলে তিনিজন লোকক উদ্ধাৰ কৰিছে । এই ঘটনাত সুৰংগ প্ৰকল্পৰ কৰ্মী কঢ়িয়াই অনা কেইবাখনো বাহনৰো ক্ষতিসাধন হয় ।

Published : July 7, 2026 at 4:28 PM IST
ৱায়ানাড (কেৰালম): কেৰালমৰ ৱায়ানাডত ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । মঙলবাৰে ৱায়ানাডৰ মেপ্পাডীৰ ওচৰৰ কাল্লাডিত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৩০-৫০জন শ্ৰমিক ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।
উল্লেখ্য় যে মালাপ্পুৰম আৰু ৱায়ানাড জিলাক সংযোগ কৰা সুৰংগ পথ প্ৰকল্পত কাম চলি আছে । ইয়াৰে কাল্লাডিৰ মীনাক্ষী দলঙৰ সমীপত এই ভূমিস্খলন সংঘটিত হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত কলপেটাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ।
এই ঘটনাৰ বিষয়ে বিষয়াসকলে উল্লেখ কৰা মতে, সুৰংগ প্ৰকল্পৰ কামত নিয়োজিত শ্ৰমিকসকলৰ মাজৰ তিনিজনক স্থানীয় বাসিন্দাসকলে উদ্ধাৰ কৰিছে । এই ঘটনাত সুৰংগ প্ৰকল্পৰ কৰ্মী কঢ়িয়াই অনা কেইবাখনো বাহনৰ ক্ষতিসাধন হয় । আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে হেৰিছন মালয়ালম এষ্টেট হাস্পতাললৈ নিয়া হয় ।
এই উদ্ধাৰ অভিযানৰ বাবে ইতিমধ্য়ে আৰক্ষী আৰু এনডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰেপিড ৰেচপন্স টীম উপস্থিত হৈছে । বিষয়াসকলে উল্লেখ কৰা মতে, ঘটনাটো সংঘটিত হোৱাৰ পিছতেই মুখ্য়মন্ত্ৰী ভি ডি সতীশনৰ নিৰ্দেশ মতে মন্ত্ৰী এ পি অনিলকুমাৰ আৰু মন্ত্ৰী টি ছিদ্দিক আৰু জিলা উপায়ুক্তই উদ্ধাৰ অভিযানৰ নিৰীক্ষণ কৰিছে । ক্ষতিগ্ৰস্ত অঞ্চলটোত আৰু কিমানজন লোক আবদ্ধ হৈ আছে সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ।
উল্লেখ্য় যে মালাপ্পুৰম আৰু ৱায়ানাড জিলাক সংযোগ কৰা আনক্কাম্পোইল-মেপ্পাডী প্ৰকল্পৰ কাম যোৱা বছৰৰ পৰা আৰম্ভ হৈছে । খবৰ অনুসৰি মাটিৰ তলত শ্ৰমিকৰ লগতে যান-বাহনো আবদ্ধ হৈ আছে । ইয়াৰে কেইবাগৰাকী লোকক উদ্ধাৰ কৰা হৈছে । অনাক্কাম্পোয়িল-কল্লাদী-মেপ্পাদি সুৰংগৰ বাবে খননৰ সময়ত ওপৰৰ পৰা বৃহৎ পৰিমাণৰ মাটি আৰু শিল খহি পৰে ।
নিৰ্মাণ কোম্পানীটোৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা কণ্টেনাৰ, শ্ৰমিক কঢ়িয়াই অনা বাছ, এখন গাড়ী, মেচিন আদি সম্পূৰ্ণৰূপে মাটিত পোত গৈছে । উদ্ধাৰ অভিযানত এজন লোকৰ ভৰি কটা যায় ।
ইপিনে, বৰষুণে উদ্ধাৰ অভিযানত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ বেয়া বতৰ আৰু ধাৰাসাৰ বৰষুণে উদ্ধাৰ অভিযানত ব্য়াঘাত জন্মাইছে । ধ্বংসাৱশেষ আঁতৰোৱা মেচিন ব্যৱহাৰ কৰি বোকা আঁতৰোৱাৰ পিছতহে অধিক লোকক উদ্ধাৰ কৰিব পৰা যাব । সুৰংগটো নিৰ্মাণ কৰা অঞ্চলটো পৰিৱেশগতভাৱে অতি গুৰুত্বপূৰ্ণ । ইতিমধ্যে ভূতত্ত্ববিদসকলে ভূমিস্খলনৰ সম্ভাৱনাৰ বিষয়ে সকীয়াই দিছিল ।
লগতে পঢ়ক: ২০০ বছৰীয়া এক পৰম্পৰা মাথোঁ দুঃস্বপ্নহে নেকি ? দুৰ্ভাগ্যৰ আশংকাত বীজ সিঁচাৰ পৰা বিৰত কৃষক সমাজ

