ETV Bharat / bharat

লালুৰ কন্যা ৰোহিনী আচাৰ্যৰ ৰাজনীতি ত্যাগ, পৰিয়ালৰ সৈতেও বিচ্ছিন্ন কৰিলে সম্পৰ্ক

লালু যাদৱ পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে ৰোহিনী আচাৰ্যই । ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰোহিনীয়ে কৰে এই ঘোষণা ।

ROHINI ACHARYA
লালু প্ৰসাদ যাদৱৰ সৈতে ৰোহিনী আচাৰ্যৰ ফাইল ফটো (ETV Bharat)
author img

By Dev Raj

Published : November 15, 2025 at 10:32 PM IST

|

Updated : November 15, 2025 at 10:44 PM IST

7 Min Read
Choose ETV Bharat

পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় জনতা দলৰ হতাশাজনক প্ৰদৰ্শনৰ প্ৰথম প্ৰভাৱ শনিবাৰে দেখা গ’ল যেতিয়া দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিনী আচাৰ্যই ৰাজনীতি এৰি পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰে ।

বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ২৪ ঘন্টা নৌহওঁতেই এই ঘটনা ঘটিছিল, য’ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন এন ডি এই ২৪৩ জনীয়া সদনত আৰ জে ডি নেতৃত্বাধীন ৰাষ্ট্ৰীয় উন্নয়ন অন্তৰ্ভুক্ত মিত্ৰজোঁট (INDIA)ক ২০২-৩৫ৰ ব্যৱধানত পৰাস্ত কৰিছিল ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰোহিনীয়ে পোষ্ট কৰি কয়, "মই ৰাজনীতি এৰি পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছো... সঞ্জয় যাদৱ আৰু ৰমীজে মোক এই কাম কৰিবলৈ কৈছিল... আৰু মই সকলো দোষ নিজৰ ওপৰত লৈছো ।" তেওঁৰ পোষ্টটোত প্ৰথমতে কেৱল ৰাজনীতি এৰি দিয়াৰ সিদ্ধান্তৰ বিষয়ে লিখিছিল যদিও পিছত সম্পাদনা কৰি দোষ সঞ্জয় আৰু ৰমীজৰ ওপৰত জাপি দিয়ে ।

হাৰিয়ানাত জন্মগ্ৰহণ কৰা সঞ্জয় যাদৱ ৰাজ্যসভাৰ সদস্য তথা সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল তেজস্বী যাদৱৰ "মেন ফ্ৰাইডে" । ৰমীজকো তেওঁৰ ঘনিষ্ঠ সহযোগী বুলি গণ্য কৰা হয় ।

দুয়োৰে তেজস্বীৰ ওপৰত যথেষ্ট প্ৰভাৱ থকা বুলি ধাৰণা কৰা হৈছে, যাৰ ফলত লালু পৰিয়াল আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজত যথেষ্ট তিক্ততাৰ সৃষ্টি হয় । সঞ্জয়ৰ সৈতেও দীৰ্ঘদিনীয়া কাজিয়া চলি আহিছে ৰোহিনীৰ ।

অৱশ্যে ৰোহিনীৰ শেহতীয়া এই পোষ্টটোৱে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে, কিয়নো সঞ্জয়কো তেজস্বীৰ কৌশলবিদ বুলি গণ্য কৰা হয় । বিধানসভা নিৰ্বাচনত আৰ জে ডিৰ নিৰাশাজনক প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ দ্বাৰা পৰিয়ালৰ আন সদস্য আৰু দলৰ নেতাসকলেও তেওঁৰ বিৰুদ্ধে নিজৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব পাৰে ।

ROHINI ACHARYA
পিতৃ-মাতৃৰ সৈতে ৰোহিনী আচাৰ্যৰ ফাইল ফটো (ETV Bharat)

পিছত সন্ধিয়া পাটনাস্থিত পিতৃ-মাতৃৰ ঘৰৰ পৰা ৰোহিনী বিমানেৰে দিল্লীলৈ যায় । বিমানবন্দৰত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মোৰ কোনো পৰিয়াল নাই । আপুনি গৈ সঞ্জয়, ৰমীজ, তেজস্বীক সুধিব পাৰে । তেওঁলোকেই মোক পৰিয়ালৰ পৰা বহিষ্কাৰ কৰিলে । তেওঁলোকে কোনো দায়িত্ব ল'ব নিবিচাৰে (পৰাজয়ৰ বাবে) । যদি আপুনি নিজকে চাণক্য বুলি কয়, তেন্তে দলৰ কৰ্মীয়ে আপোনাক প্ৰশ্ন কৰিব ।"

"সমগ্ৰ দেশ আৰু বিশ্বই প্ৰশ্ন কৰিছে যে দলটোৱে কিয় ইমান বেয়া প্ৰদৰ্শন কৰিলে । সঞ্জয় আৰু ৰমীজৰ কথা ক'লে ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ব, বদনাম কৰা হ'ব, গালি-গালাজ কৰা হ'ব, আনকি চেন্দেলেৰেও প্ৰহাৰ কৰা হ'ব... ।"

ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সঞ্জয়ক ফেচবুক পোষ্টযোগে আক্ৰমণ কৰিছিল ৰোহিনীয়ে (৪৬) । প্ৰচাৰ বাহন হিচাপে ব্যৱহাৰ কৰা এখন মডিফাইড বাছত কনিষ্ঠ ভাতৃ তেজস্বী প্ৰসাদ যাদৱৰ বাবে নিৰ্ধাৰিত সন্মুখৰ আসনত বহি থকাৰ বাবে তেওঁক 'নিম্ন শ্ৰেণীৰ মানুহ' বুলি অভিহিত কৰে ।

পোষ্টটোত উল্লেখ কৰা হৈছে যে সন্মুখৰ আসনখন কেৱল শীৰ্ষ নেতাৰ বাবে সংৰক্ষিত, 'যদিও কিছুমান মানুহে নিজকে শীৰ্ষ নেতৃত্বৰ ওপৰত গণ্য কৰাটো বেলেগ কথা' । পিছত তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ কোনো ৰাজনৈতিক উচ্চাকাংক্ষা নাই; কন্যা আৰু ভগ্নী হিচাপে নিজৰ কৰ্তব্য পালন কৰিছে আৰু ভৱিষ্যতেও পালন কৰি যাব ।

Lalus Daughter Quits Politics
তেজস্বী যাদৱ আৰু ৰাবড়ী দেৱীৰ সৈতে ৰোহিনী আচাৰ্যৰ ফাইল ফটো (ETV Bharat)

ৰোহিনীৰ স্বামী ছিংগাপুৰৰ অভিযন্তা আৰু উদ্যোগী, ২০২২ চনত ছিংগাপুৰৰ এখন চিকিৎসালয়ত ট্ৰান্সপ্লাণ্ট কৰা লালু প্ৰসাদ যাদৱক নিজৰ এটা বৃক্ক দান কৰি লোকচক্ষুত অহাৰে পৰা ৰাজনৈতিক উচ্চাকাংক্ষাক আশ্ৰয় দি আহিছে । তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সাৰণ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে, কিন্তু পৰাস্ত হয় ।

প্ৰসংগক্ৰমে লালুৰ জ্যেষ্ঠ পুত্ৰ তথা প্ৰাক্তন বিধায়ক তেজ প্ৰতাপেও বহুদিনৰ পৰা সঞ্জয় আৰু তেওঁৰ সহযোগীসকলক আক্ৰমণ কৰি পৰিয়াল ভাঙি পেলোৱাৰ বাবে তেওঁলোকক দোষাৰোপ কৰি আহিছে ।

তেজ প্ৰতাপৰ আক্ৰমণ তীব্ৰতৰ হৈ পৰে যেতিয়া লালুৱে বিবাহিত হোৱাৰ পিছতো এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা বুলি স্বীকাৰ কৰাৰ পিছত চলিত বৰ্ষৰ মে’ মাহত তেওঁক আৰ জে ডিৰ পৰা বহিষ্কাৰ কৰি নিলম্বন কৰে ।

সঞ্জয় যাদৱ কোন ?

সঞ্জয় (৪১) হাৰিয়ানাৰ বাসিন্দা আৰু তেজস্বীৰ দীৰ্ঘদিনীয়া বন্ধু । ২০১২-১৩ চনত তেওঁ আৰ জে ডিত যোগদান কৰিছিল, প্ৰায় একে সময়তে লালুক প্ৰথমবাৰৰ বাবে ১০০০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

তেজস্বীয়ে তেওঁক পাটনালৈ মাতিছিল, আৰু ২০১৫ আৰু ২০২০ৰ বিহাৰ বিধানসভা নিৰ্বাচনকে ধৰি বছৰ বছৰ ধৰি দলটোৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰিছে । তেওঁৰ ঘনিষ্ঠ মিত্ৰ হৈ ২০২৪ চনত দলীয় টিকটত সংসদৰ উচ্চ সদনৰ সদস্য নিৰ্বাচিত হয় ।

ROHINI ACHARYA
পিতৃ-মাতৃৰ সৈতে ৰোহিনী আচাৰ্যৰ ফাইল ফটো (ETV Bharat)

বিগত কেইবছৰমানৰ পৰা সঞ্জয়ক দলৰ ধাৰণা সলনি কৰি, তেজস্বীক ১০ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যাবলৈ বুজাই দিয়াৰ লগতে বিহাৰত নিবনুৱাৰ বিষয়টো ব্যাপকভাৱে উত্থাপন কৰি যুৱক-যুৱতীসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ কৃতিত্ব দিয়া হয় ।

তেওঁক এতিয়া লালু আৰু তেজস্বীৰ পিছতে আৰ জে ডিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নেতা হিচাপে গণ্য কৰা হয় । লালু, তেজস্বী, আৰু তেওঁলোকৰ পৰিয়ালৰ অন্যান্য সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা ৰে’লৱেত সংঘটিত হোৱা কথিত ‘চাকৰিৰ বাবে মাটি’ কেলেংকাৰীৰ সন্দৰ্ভতো তেওঁক চি বি আইয়ে সোধা-পোছা কৰিছে ।

ৰোহিনীৰ এই পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনতা দল ইউনাইটেডৰ এম এল চি তথা মুখপাত্ৰ নীৰজ কুমাৰে কয় যে, "এটা পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দলৰ ভিতৰৰ আভ্যন্তৰীণ সংঘাত মুকলিকৈ ওলাই আহিছে । নিজৰ এটা বৃক্ক দান কৰি পিতৃ লালু প্ৰসাদৰ জীৱন ৰক্ষা কৰা ৰোহিণীয়ে এতিয়া আৰ জে ডিৰ ভয়াৱহ ক্ষতিৰ বাবে শোক প্ৰকাশ কৰিছে । আৰ জে ডি বিভাজিত হ'বলৈ ওলাইছে, আৰু... অনাগত দিনত লালুৰ পৰিয়ালটোও বিভাজিত হ'ব ।"

বি জে পিৰ অ’ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিখিল আনন্দই কয় যে বিধানসভা নিৰ্বাচনত ভয়াবহ পৰাজয়ৰ পিছত ৰোহিনী আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী পাটলিপুত্ৰৰ লোকসভাৰ সাংসদ মিছা ভাৰতীয়ে আৰ জে ডিৰ দায়িত্ব ল’ব লাগে ।

নিখিলে কয়, "ৰোহিণীয়ে পৰিয়ালৰ সৈতে সম্পৰ্ক ভাঙি ৰাজনীতি ত্যাগ কৰাটো আচৰিত কথা । এই সংকটৰ সময়ত লালু প্ৰসাদৰ প্ৰকৃত ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ তেওঁ আৰু মিছাই আগবাঢ়িব লাগিছিল, বিশেষকৈ যেতিয়া তেজস্বীয়ে দলৰ নেতৃত্ব দিয়াত আৰু পৰিয়ালটোক একত্ৰিত কৰি ৰখাত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে ।"

লগতে পঢ়ক : বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল : ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত উন্নতি জে ডি ইউৰ, পূৰ্বৰ ধাৰা অব্যাহত আৰ জে ডিৰ

বিহাৰৰ ৰাজনীতিত 'বাজীগৰ' হোৱাৰ দিশে নীতিশ কুমাৰ

ফলাফলৰ পূৰ্বেই তেজস্বী যাদৱৰ ডাঙৰ বক্তব্য : পৰিৱৰ্তন হ'বলৈ গৈ আছে... আমাৰ চৰকাৰ গঠন হ'ব

Last Updated : November 15, 2025 at 10:44 PM IST