জেড প্লাছ সুৰক্ষা বাতিল; চৰকাৰী আন নিৰাপত্তাও ত্যাগ লালু আৰু ৰাবড়ীৰ
দলৰ মুৰব্বীৰ বিৰুদ্ধে চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে আৰজেডি আন আন নেতাসকলেও নিৰাপত্তা প্ৰত্যাহাৰৰ চিন্তাচৰ্চা কৰিছে ।

Published : June 6, 2026 at 5:09 PM IST
পাটনা : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ী দেৱীয়ে চৰকাৰে প্ৰদান কৰা নিৰাপত্তাৰক্ষীক ঘূৰাই পঠিয়ালে । তেওঁলোকৰ চৰকাৰী বাসগৃহত নিয়োজিত নিৰাপত্তাৰক্ষীক ঘূৰাই পঠিয়ালে । তেওঁলোকৰ 'জেড প্লাছ' পৰ্যায়ৰ নিৰাপত্তা চৰকাৰে বাতিল কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে । ফলত তেওঁলোকৰ বাসগৃহ নিৰাপত্তা শূন্য হৈ পৰিল । এনে পৰিস্থিতিত আৰজেডিৰ সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বাতিল কৰাৰ লগে লগে বিহাৰৰ ৰাজনীতিতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্য চৰকাৰে তেওঁলোকক প্ৰদান কৰা 'জেড প্লাছ' পৰ্যায়ৰ নিৰাপত্তা বাতিল কৰি সেই স্থানত সাধাৰণ নিৰাপত্তা প্ৰদান কৰিছিল । কিন্তু শনিবাৰে লালু প্ৰসাদ আৰু ৰাবড়ী দেৱীয়ে নিয়োজিত নিৰাপত্তাৰক্ষীসকলক ঘূৰাই পঠিয়ায় । ইয়াৰ পিছতে চৰকাৰৰ পদক্ষেপত অসন্তুষ্ট হৈ পৰিছে আৰজেডি ।
VIDEO | Patna: Visuals from 10, Circular Road Bungalow, the residence of RJD leader and former Bihar Chief Minister Rabri Devi as all security cover is removed.
— Press Trust of India (@PTI_News) June 6, 2026
The move comes after Bihar government withdrew the top-category Z-plus security cover of Lalu Prasad and Rabri Devi,… pic.twitter.com/ucBE5ZTXei
দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত সন্দৰ্ভত আৰজেডিৰ মুখপাত্ৰ শক্তি সিং যাদৱে ইটিভি ভাৰতক কয়, "‘ৰাবড়ী জীয়ে লোৱা সিদ্ধান্তটো সাহসী সিদ্ধান্ত । তেওঁ আৰু লালু জীয়ে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ বাবে নিয়োজিত কৰা সকলো আৰক্ষী জোৱানক ঘূৰাই পঠিয়াইছে । বৃহস্পতিবাৰে এনডিএ চৰকাৰে তেওঁলোকৰ লগতে পৰিয়ালৰ সদস্যসকলক অপমানৰ প্ৰচেষ্টা হিচাপে তেওঁলোকৰ নিৰাপত্তা হ্ৰাস কৰিছিল ।"
২০২৫ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১.৯০ কোটি ভোটাৰে লালু, ৰাবড়ী আৰু আৰজেডিৰ ওপৰত বিশ্বাস ৰখাৰ কথা উল্লেখ কৰি তেওঁ কয়, "তাৰ পিছতো চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত তেওঁলোকৰ ওপৰত বুলডজাৰ চলাবলৈ চেষ্টা চলাইছে ।"
তেওঁ লগতে কয়, "আমাৰ নেতাসকলক চৰকাৰী বাসগৃহ আৰু নিৰাপত্তা প্ৰদানৰ নামত অপমান কৰা হৈছে । জনসাধাৰণে সকলো দেখি আছে । আমাৰ দলৰ আন নেতাসকলেও নিজৰ নিৰাপত্তা ত্যাগ কৰাৰ কথা চিন্তা কৰিছে । বিৰোধীয়ে জনসাধাৰণৰ সহায়ত কাম কৰিব ।"
আৰজেডিৰ প্ৰধান মুখপাত্ৰগৰাকীয়ে কয় যে চৰকাৰী নিৰাপত্তাৰ কোনো মানদণ্ড নাই আৰু এনডিএৰ কেইবাজনো সাধাৰণ নেতাই ৱাই আৰু জেড পৰ্যায়ৰ নিৰাপত্তা লৈ আছে ।
উল্লেখ্য যে জেড প্লাছ নিৰাপত্তাৰ অধীনত লালু আৰু ৰাবড়ী দুয়োগৰাকীয়ে পৃথকে ৩৬ গৰাকী জোৱানৰ নিৰাপত্তা লাভ কৰিছিল, য'ত কমেও ১০ গৰাকী চিআৰপিএফ কমাণ্ডো আছিল ।
এনডিএ চৰকাৰে লালু প্ৰসাদ, ৰাবড়ী দেৱীৰ লগতে পৰিয়ালৰ কেইবাগৰাকী সদস্যৰ নিৰাপত্তা হ্ৰাস কৰে । ৰাজ্যিক নিৰাপত্তা সমিতিৰ পৰামৰ্শ অনুসৰি বিহাৰ গৃহ বিভাগৰ বিশেষ শাখাই পৰিৱৰ্তিত সুৰক্ষাৰ বিষয়ে অৱগত কৰে । ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ৰাবড়ী দেৱীক ১৫ জুনৰ ভিতৰত তেওঁৰ ১০ চাৰ্কুলাৰ ৰোডৰ চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক :
বাংলাদেশলৈ পলোৱাৰ যো-জা কৰোতেই 'নিয়া'ই ধৰিলে প্ৰাক্তন বিধায়কক

