ETV Bharat / bharat

৪০ ফুট ওপৰৰ পৰা পৰিল প্ৰকাণ্ড শিল, বেংগালুৰুত মৃত্যু অসমৰ কেবাজনো শ্ৰমিকৰ !

বেংগালুৰু দক্ষিণ জিলাৰ এটা শিল কুৱেৰীত শিলৰ এটা ডাঙৰ টুকুৰা পৰি ৭জন শ্ৰমিকৰ মৃত্যু হয় । মৃত অধিকাংশ শ্ৰমিক অসম, বিহাৰ আৰু মধ্যপ্ৰদেশৰ !

LABOURERS KILLED AS ROCK COLLAPSES
শিল কুৱেৰীত শিলৰ এটা ডাঙৰ টুকুৰা পৰি ৭ জন শ্ৰমিকৰ মৃত্যু (ETV Bharat Karnataka)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 11:06 AM IST

|

Updated : July 2, 2026 at 4:13 PM IST

3 Min Read
Choose ETV Bharat

ৰামনগৰ (বেংগালুৰু): বৃহস্পতিবাৰে পুৱাই আহিল এক বেয়া খবৰ ৷ তথ্য অনুসৰি, বেংগালুৰু দক্ষিণ জিলাৰ মদাপট্না গাঁৱত পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এক শোকাৱহ ঘটনা । পাহাৰৰ প্ৰকাণ্ড এটা শিল বাগৰি সেই স্থানত কাম কৰি থকা কেবাজনো শ্ৰমিকৰ ওপৰত পৰে ৷ প্ৰায় ৪০ ফুট ওপৰৰ পৰা শিল পৰাৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । কাবেৰী ক্ৰাছাৰৰ মালিকানাধীন এটা শিলৰ কুৱেৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতে, নিহত শ্ৰমিককেইজন অসম, বিহাৰ আৰু মধ্যপ্ৰদেশৰ ! প্ৰশাসনে বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও শিলৰ তলত আৰু অধিক শ্ৰমিক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে টাভাৰেকেৰে থানাৰ অধীনত এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে ৷ টাভাৰেকেৰে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে ৷

উল্লেখ্য যে, কৰ্মসংস্থাপন বিচাৰি দুপইচা বেছিকৈ পোৱাৰ আশাত অসম বা আন ৰাজ্যৰ পৰা বেংগালুৰুলৈ আহিছিল কেবাজনো শ্ৰমিক ৷ কিন্তু সেই শ্ৰমিকসকলৰ সপোন, সপোন হৈয়ে ৰ’ল ! জানিব পৰা মতে, শিল পৰি আহত হোৱা কেবাজনো শ্ৰমিকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ আহতসকলক বেংগালুৰুৰ আৰ আৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

খবৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱা সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি প্ৰশাসনে সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰি আছে ৷ বিভাগীয় লোকসকলে উল্লেখ কৰা মতে, সেই স্থানত প্ৰায় ১৮ জন শ্ৰমিকে কাম কৰি আছিল ৷ আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে ঘটনা সন্দৰ্ভত নিহত আটাইকেইজনৰে পৰিয়ালক অৱগত কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে ৷

ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে এক্সৰ এটা পোষ্টত কয়, "বেংগালুৰু দক্ষিণ তালুকৰ মদাপট্নাত দেৱাল ভাঙি সাতজন শ্ৰমিকৰ মৃত্যু হৈছে । মই গভীৰভাৱে দুখী হৈছো । মই প্ৰাৰ্থনা কৰিছো যে তেওঁলোকৰ বিদেহী আত্মাই শান্তিৰে জিৰণি লওক, তেওঁলোকৰ পৰিয়ালে এই ক্ষতি সহ্য কৰিব পৰাকৈ শক্তি লাভ কৰক আৰু আহতসকলে সোনকালে আৰোগ্য লাভ কৰক । খনিসমূহত নিয়োজিত শ্ৰমিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাটো খনিৰ মালিকৰ দায়িত্ব । নিয়ম উলংঘা কৰা খনিৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ।’’

মৃত লোকজনৰ পৰিচয়

এই দুৰ্ঘটনাত নিহত দুজন যাদগিৰি জিলাৰ শ্বাহাপুৰ তালুকৰ নদিয়াল গাঁৱৰ ৰাম নাইক (৪৬) আৰু ভুৱনেশ্বৰ সিং (৩৭) বুলি চিনাক্ত কৰা হৈছে ৷ লগতে এই দুৰ্ঘটনাত নিহত ধৰ্মেশ সিং (২৮), ৰাজেশ প্ৰসাদ (২৮), ৰাম অৱতাৰ সিং (৩০), সত্যনাৰায়ণ গৌণ্ড (৩২) বিহাৰ আৰু শিৱৰাজ সিং (২২) মধ্যপ্ৰদেশৰ বুলি চিনাক্ত কৰা হৈছে ।

আনহাতে, গুৰুতৰভাৱে আহত চোটু, গুলাব সিং, আনন্দ, নোহৰ সিং আৰু আন এজন আই চি ইউত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : মণিপুৰত কুকি গাঁৱত অগ্নিসংযোগৰ অভিযোগ: তীব্ৰ প্ৰতিক্ৰিয়া কুকি ইনপিৰ

লগতে পঢ়ক : ট্ৰাকত খুন্দা মাৰি জ্বলি উঠিল যাত্ৰীবাহী শ্লীপাৰ বাছ, থিতাতে প্ৰাণ গ’ল ৮ জনৰ

Last Updated : July 2, 2026 at 4:13 PM IST