যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ডত ১৯ জনৰ মৃত্যু, ট্ৰেভেল এজেন্সীৰ বিৰুদ্ধে নিয়ম উলংঘাৰ অভিযোগ
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখী গৈ আছিল কাবেৰী ট্ৰেভেলছৰ এখন বাছ ।

Published : October 24, 2025 at 11:38 PM IST
কুৰ্ণুল: শুকুৰবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত বেংগালুৰু অভিমুখী এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাত কমেও ১৯ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয় বুলি আৰক্ষীয়ে জনায় ।
কুৰ্ণুলৰ ডি আই জি কয়া প্ৰবীণে কয়, ‘‘বাছখনত মুঠ ৪১ জন যাত্ৰী আছিল । ইয়াৰে ৩৯ জন প্ৰাপ্তবয়স্ক আৰু দুটা শিশু ৷ মৃত ১৯ জন আহত লোকক চিনাক্তকৰণ কৰা হৈছে ৷ বাছখনত থকা অধিকাংশ আঘাতপ্ৰাপ্ত যাত্ৰীয়েই কুৰ্ণুল চৰকাৰী চিকিৎসালয়ত সম্প্ৰতি চিকিৎসা গ্ৰহণ কৰি আছে ।’’
আনহাতে, জিলা উপায়ুক্ত এ ছিৰীয়ে জনোৱা মতে, অধিকাংশ যাত্ৰীয়ে আছিল হায়দৰাবাদৰ । কুৰ্ণুলৰ আৰক্ষী অধীক্ষক বিক্ৰান্ত পেটেলে জনোৱা মতে, দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰা বাছচালক আৰু হেন্দিমেন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ।
আৰক্ষী সূত্ৰই সদৰী কৰা মতে, সেই সময়ত বাছখন চলাই থকা চালকজনে স্বীকাৰ কৰিছে যে তেওঁ ৰাজপথত পৰি থকা এখন বাইকত খুন্দা মাৰিছিল, যিখন বাইক হয়তো পূৰ্বতে সংঘটিত পথ দুৰ্ঘটনাৰ বাবে ৰাজপথত পৰি ৰৈছিল ৷ চালকজনে লগতে কয় যে বাছখন বাইকখনৰ ওপৰেৰে যোৱাৰ পিছত বাছখনত জুই লাগে । ঘটনাৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

প্ৰাথমিক তদন্তত পোহৰলৈ আহে বাছখন ভেমুৰি কাবেৰী ট্ৰেভেলছৰ অধীনৰ ৷ তদুপৰি কোম্পানীটোৰ নীতি বহিৰ্ভূত বহু কাম-কাজো পোহৰলৈ আহে ৷ অংগোলেৰ ভেমুৰি বিনোদ কুমাৰৰ মালিকানাধীন বাছখন ছিটিং কেৰিয়াৰ হিচাপে পঞ্জীয়ন কৰা হৈছিল যদিও অধিক পৰিমাণ কৰ এৰাই চলিবলৈ অবৈধভাৱে শ্লীপাৰ ডবালৈ বাছখন ৰূপান্তৰিত কৰা হৈছিল । পৰ্যটনৰ অনুমতি পত্ৰ থকাৰ পিছতো বাছখন নিয়মীয়া যাত্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিটো অনুমতিৰ চৰ্ত স্পষ্টভাৱে উলংঘা কৰা হৈছিল ।
মূলতঃ ২০১৮ চনত স্কানিয়াৰ পৰা তেলেংগানাস্থিত হেব্ৰন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে ক্ৰয় কৰা এই বাছখন ২০২৩ চনলৈকে চলোৱা হৈছিল আৰু তাৰপিছত ভেমুৰি বিনোদ কুমাৰক বিক্ৰী কৰিছিল । আপত্তিবিহীন প্ৰমাণপত্ৰ (এন অ’ চি) লাভ কৰাৰ পিছত ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল ডিউ আৰু দমনত পুনৰ পঞ্জীয়ন কৰা হয়, যিটো তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ কঠোৰ পৰিবহণ নীতিৰ পৰা হাত সাৰিবলৈ কৰা এক আপাত প্ৰচেষ্টা ।
পৰৱৰ্তী সময়ত বাহনখনৰ পৰ্যটন অনুমতি পত্ৰ ডিউ আৰু দমনত প্ৰদান কৰাৰ বিপৰীতে ইয়াৰ ফিটনেছ আৰু অনুমতি নবীকৰণৰ প্ৰক্ৰিয়া ওড়িশাত সম্পন্ন কৰা হয় । এই চৰকাৰী অনুমোদনসমূহত মাত্ৰ ৪৩ জন যাত্ৰীৰ আসনৰ ক্ষমতা তালিকাভুক্ত কৰা হৈছিল । কিন্তু পুনৰ পঞ্জীয়নৰ পিছত পৰিচালকে অবৈধভাৱে বাছখনক শ্লীপাৰ শাখালৈ পৰিৱৰ্তন কৰি অনুমোদিত বহাৰ সীমা অতিক্ৰম কৰে । এই সালসলনিয়ে কেৱল সুৰক্ষাৰ মানদণ্ড উলংঘা কৰে ।

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত শ্লীপাৰ বাছত বহি ভ্ৰমণ কৰিব পৰা বাছৰ তুলনাত প্ৰায় তিনিগুণ বেছি কৰ লোৱা হয় ৷ এই নিৰিখ বহাৰ ঠাইৰ বাবদ ৪৫০০ টকা হোৱাৰ বিপৰীতে প্ৰতিটো বাৰ্থত প্ৰায় ১২ হাজাৰ টকা । বাছখনৰ বিৰুদ্ধে আছে একাধিক নীতি-নিয়ম উলংঘাৰ অভিযোগ ৷ ১৬ খন চালানৰ লগতে প্ৰায় ২৩ হাজাৰ টকাৰ জৰিমনা আদায় দিবলৈ বাকী আছিল বাছখনে ।
আৰক্ষীৰ মতে, নিশা ১০.৩০ বজাত হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে যাত্ৰা কৰা কাবেৰী ট্ৰেভেলছৰ ব্যক্তিগত বাছখন কুৰ্ণুলৰ উপকণ্ঠ অঞ্চল চিন্নাটেকুৰৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৩.৩০ বজাত এখন দুচকীয়া বাহনত খুন্দা মাৰে । ফলত বাছখনৰ ইন্ধনৰ টেংকীৰ পৰা জুইৰ সূত্ৰপাত ঘটে আৰু মুহূৰ্ততে সমগ্ৰ বাছখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে ।
বাছখনত জুই বিয়পি পৰাৰ লগে লগে গভীৰ টোপনিত লালকাল হৈ থকা যাত্ৰীসকল সাৰ পাই উঠে আৰু একাংশই চিঞৰি চিঞৰি ওলাই আহে ৷ আন বহুতেই জুইত আবদ্ধ হৈ পৰে । একাংশ যাত্ৰী বাছখনৰ জৰুৰীকালীন দুৱাৰ ভাঙি জপিয়াই বাহিৰলৈ ওলাই আহে । শ্বৰ্ট চাৰ্কিটৰ বাবে বাছৰ দুৱাৰখন বন্ধ হৈ পৰে আৰু মিনিটৰ ভিতৰতে বাছখন ছাইলৈ ৰূপান্তৰিত হয় ৷ আৰক্ষীয়ে দাবী কৰা অনুসৰি, অধিকাংশ জীৱিত লোকৰ বয়স ২৫-৩৫ বছৰৰ ভিতৰত ।
এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতসকলক কুৰ্ণুলৰ স্থানীয় চিকিৎসালয়লৈ নিয়া হয় । এই শোকাৱহ দুৰ্ঘটনাত বাছখন সম্পূৰ্ণৰূপে জ্বলি যায় । দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মে ৷
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে বাছখনৰ মূল চালকজন দুৰ্ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে । আন এজন চালকক জিম্মাত লৈছে আৰক্ষীয়ে । বাছচালক দুজন শিৱনাৰায়ণ আৰু লক্ষ্মৈয়া বুলি চিনাক্ত কৰা হৈছে । তেওঁ লগতে কয় যে দুৰ্ঘটনাটোত জড়িত সকলোৰে সম্পূৰ্ণ তদন্ত আৰু চিনাক্তকৰণৰ পিছতহে হতাহত আৰু জীৱিত লোকৰ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব ।
ইফালে চিকিৎসা বিশেষজ্ঞৰ এটা দল উক্ত স্থানত উপস্থিত হৈ জ্বলি যোৱা মৃতদেহৰ ডি এন এ নমুনা সংগ্ৰহ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে অগ্নিকাণ্ড সংঘটিত হোৱা বাছখনত নাছিল জুই নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা ৷
স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ
ঘটনা সন্দৰ্ভত সবিশেষ জনাবলৈ জিলা প্ৰশাসনে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । যোগাযোগৰ নম্বৰসমূহ হ’ল -
- সংগ্ৰাহক নিয়ন্ত্ৰণ কক্ষ: ০৮৫১৮-২৭৭৩০৫
- কুৰ্ণুল চৰকাৰী চিকিৎসালয়: ৯১২১১০১০৫৯
- ঘটনাস্থলীৰ হেল্পলাইন নম্বৰ: ৯১২১১০১০৬১
- আৰক্ষী নিয়ন্ত্ৰণ কক্ষ: ৯১২১১০১০৭৫
- স্থানীয় চিকিৎসালয়ৰ হেল্পডেস্ক: ৯৪৯৪৬০৯৮১৪, ৯০৫২৯৫১০১০
ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে এক্সত লিখিছে, ‘‘অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা অতি দুৰ্ভাগ্যজনক । শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।’’
The loss of lives in a tragic bus fire accident in Kurnool, Andhra Pradesh is deeply unfortunate. I extend my heartfelt condolences to the bereaved family members and pray for the speedy recovery of those injured.
— President of India (@rashtrapatibhvn) October 24, 2025
শোকপ্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ‘‘অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো ৷ এই কঠিন সময়ত শোকসন্তপ্ত লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে মই থিয় হৈছো । আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷’’
Extremely saddened by the loss of lives due to a mishap in Kurnool district of Andhra Pradesh. My thoughts are with the affected people and their families during this difficult time. Praying for the speedy recovery of the injured.
— PMO India (@PMOIndia) October 24, 2025
An ex-gratia of Rs. 2 lakh from PMNRF would be…
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে শোকপ্ৰকাশ কৰাৰ লগতে এককালীন সাহায্যৰ কথাও ঘোষণা কৰে । পি এম এন আৰ এফৰ তৰফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা হ’ব ২ লাখ টকা আৰু আহতসকলে লাভ কৰিব ৫০ লাখকৈ টকা ৷
লগতে পঢ়ক: এটা ঘৰতে ৩৫,০০০ কিতাপ আৰু এক নিযুত পৃষ্ঠা: কিতাপৰ মাজত বাস কৰা লোকজন

