আইফোনৰ বাবে নহয়, ঘৰুৱা কাজিয়াৰ বাবে কুণাল-ৰলীধৰ-সংগীতাৰ মৃত্যু !
মহাৰাষ্ট্ৰৰ এটা পৰিয়ালৰ তিনিজন লোকৰ প্ৰাণ হেৰুৱাৰ ঘটনাই নতুন মূৰ লৈছে ৷

Published : August 23, 2026 at 4:18 PM IST
ছত্ৰপতি সম্ভাজীনগৰ: এটা আইফোনৰ বাবে এটা পৰিয়ালৰ তিনিজন লোকে প্ৰাণ হেৰুৱাৰ ঘটনাই নতুন মূৰ লৈছে ৷ এটা আইফোনৰ বাবে নহয়, পাৰিবাৰিক কন্দলৰ বাবে তিনিজনৰে মৃত্যু হৈছে বুলি দাবী কৰিছে নিহত কুণাল সাংগুড়ে (১৯) মোমাইয়েক গণেশ যাৰাডে ৷
তেওঁ দাবী কৰা অনুসৰি, কুণাল সাংগুড়ে পিতৃ-মাতৃ ৰলীধৰ সাংগুড়ে (৪৮) আৰু সংগীতা সাংগুড়ে (৪২)ৰ মাজত সৰু সৰু বিষয়তে কাজিয়াৰ সৃষ্টি হৈছিল ৷ কুণালৰ দেউতাকৰ পৰিস্থিতি ভাল আছিল ।
গণেশে কয়," দেউতাকে কুণালক আইফোন উপহাৰ দিছিল । এইটোৱেই নহয় কোচিংৰ বাবে ধন যোগাৰ কৰি দিছিল । কিন্তু, মাকে-বাপেকৰ মাজত বিতণ্ডা থাকাত কুণালে তেওঁলোকক ভয় খুওৱাবলৈ পাহাৰৰ ওপৰলৈ গৈছিল ৷"
ছত্রপতি সম্ভাজীনগৰৰ খৱলীয়া ডাঙৰত থকা কুণাল সাংগুড়ে আৰু তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু ঘটনাক লৈ এতিয়া বেলেগ বেলেগ ধৰণৰ তথ্য পোহৰলৈ আহিছে ৷ ইফালে এটা আইফোনৰ বাবে তিনিজন লোকৰ মৃত্যু হোৱা বুলি যি চৰ্চা হৈছে সেই মিছা কথা বুলি দাবী কৰিছে নিহত কুণালৰ মোমাইয়েকে ৷
তেওঁ কয়,"কুণালৰ স্বভাৱ ভাল আছিল ৷ কুণালে দশম শ্ৰেনীত ৯২% নম্বৰ পাইছিল । কুণালৰ দেউতা যদিও ট্রাক চালক আছিল, তেওঁ গাঁৱৰ খেতিপাতিৰ পৰা যথেষ্ট ধন পায় । কিন্তু কুণালৰ মাক-দেউতাকে সৰু সৰু কথাতে কাজিয়া কৰিছিল ৷ যাৰ বাবে ঘৰত এটা বেয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷"
ইফালে কুণালৰ মাতৃ সংগীতা সাংগুড়ে আছিল ৰীলৰ প্ৰতি আসক্তি ৷ তেওঁ কেইবাহ মাহ পূৰ্বে তেওঁলোকৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল । সামাজিক মাধ্যমত পৰিয়ালৰ ভিডিঅ'বোৰ তেওঁ আপল'ড কৰিছিল । মৃত্যুৰ কেইঘণ্টাৰ পূৰ্বেও সংগীতাই আপলোড কৰিছিল এটা ভিডিঅ' আৰু ভিডিঅ'টোত সংগীতাই কৈছিল "এটা সম্পৰ্কৰ কোনো অৰ্থ নাই য'ত আপোনাৰ প্ৰেমক মূল্য দিয়া নহয় ।"
লগতে পঢ়ক: অন্ধ্ৰপ্ৰদেশ-মণিপুৰৰ শিক্ষাৰ্থীৰ মাজত সংঘাত; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ

