লোকপিয়ল স্থগিত ৰখা সিদ্ধান্তৰ বিৰোধিতা কুকি-জো কাউন্সিলৰ, মণিপুৰত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ দাবী
এই সিদ্ধান্ত গ্ৰহণৰ সময়ত কুকি-জো জনগোষ্ঠীৰ সমস্যাসমূহৰ লগতে মতামতক উপেক্ষা কৰাৰ অভিযোগ ৷

Published : September 2, 2026 at 11:22 AM IST
তেজপুৰ: ভাৰত চৰকাৰে মণিপুৰৰ লোকপিয়ল প্ৰক্ৰিয়া স্থগিত ৰখাৰ সিদ্ধান্তৰ বিৰোধিতা কুকি-জো কাউন্সিলৰ । কুকি-জো জনগোষ্ঠীৰ সমস্যাসমূহৰ লগতে তেওঁলোকৰ কোনোধৰণৰ মতামত অবিহনে চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন হৈছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰাৰ পিছতহে লোকপিয়ল অনুষ্ঠিত কৰাৰ দাবীৰ ওপৰত আলোচনা কৰা হৈছে । সোমবাৰে মাজনিশা প্ৰকাশিত এক বিবৃতিত কুকি-জো কাউন্সিলৰ মুখপাত্ৰ তথা তথ্য আৰু প্ৰচাৰ সচিব গিঞ্জা ৱুয়ালজঙে এনেদৰে কয় ৷

এই দাবী মেইটেই আৰু নগা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ১৪টাকৈ নাগৰিক সমাজৰ সংগঠনে উত্থাপন কৰা বুলি পৰিষদে দাবী কৰে ৷ লগতে অভিযোগ কৰে যে এই দাবীৰ সৈতে কোনো কুকি-জো সংগঠন জড়িত নহয় ।
মণিপুৰৰ জনসাধাৰণৰ আৱেগ-অনুভূতি আৰু আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেন্দ্ৰ চৰকাৰে বাৰে বাৰে দাবী কৰি আহিছে ৷ অৱশ্যে এই বিষয়ত কাউন্সিলে কেন্দ্ৰীয় চৰকাৰক উভতি ধৰে ৷ সংগঠনটোৰ অভিযোগ অনুসৰি, এই সিদ্ধান্ত গ্ৰহণৰ সময়ত কুকি-জো জনগোষ্ঠীৰ সমস্যাসমূহৰ লগতে মতামতক উপেক্ষা কৰা হৈছে ।
এই বৈঠকত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অংশগ্ৰহণ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হৈছে ৷ পৰিষদে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে আলোচনাৰ নিৰপেক্ষতাৰ সৈতে আপোচ কৰা বুলি অভিযোগ উত্থাপন কৰে ।
২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ উল্লেখ কৰি পৰিষদে কয় যে ৰাজ্য চৰকাৰৰ পৰিৱৰ্তনৰ পিছতো কুকি-জো জনগোষ্ঠীৰ মাজত পূৰ্বৰ দৰে শান্তি আৰু নিৰাপত্তা ঘূৰি অহা নাই । পৰিষদে পৃথক ৰাজনৈতিক ব্যৱস্থাৰ দাবী পুনৰবাৰ উল্লেখ কৰি কয় যে জনগোষ্ঠীটোৰ নিৰাপত্তা, ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে এনে ব্যৱস্থা অতি প্ৰয়োজনীয় ।
পৰিষদে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন শীঘ্ৰে পুনৰ প্ৰৱৰ্তনৰ দাবী জনাইছে । তেওঁলোকে প্ৰত্যক্ষ কেন্দ্ৰীয় প্ৰশাসনৰ অধীনত কুকি-জো সম্প্ৰদায়ে সুৰক্ষিত অনুভৱ কৰে বুলি যুক্তি আগবঢ়ায় ৷ যদিহে ৰাজ্য চৰকাৰে নিজৰ নাগৰিকক সুৰক্ষা দিব নোৱাৰে, তেন্তে কেন্দ্ৰই হস্তক্ষেপ কৰিব লাগে বুলিও তেওঁলোকে মতপোষণ কৰে । পৰিষদে বিবৃতিটোত কয়, ‘‘যদি ৰাজ্য চৰকাৰে নিজৰ নাগৰিকসকলক সুৰক্ষা দিব নোৱাৰে, তেন্তে কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷”
লগতে পঢ়ক: ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ : ৬ ছেপ্টেম্বৰৰ পুৱাই গুৱাহাটী পাবহি চি পি ৰাধাকৃষ্ণণ

