ETV Bharat / bharat

পুনৰ মণিপুৰত হিংসা: তিনি নিৰীহ লোকক হত্যা

লয়বোল খুল্লেন গাঁৱত তিনিজনকৈ লোকক হত্যা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে মণিপুৰৰ কুকি জনজাতিসকলৰ শীৰ্ষ সংস্থা কুকি ইনপি মণিপুৰে ।

three civilians killed in kangpokpi
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 7:56 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত হিংসাৰ দাবানল ৷ শুকুৰবাৰে ৰাজ্যখনৰ কাংপকপি জিলাত তিনিজন নিৰীহ লোকক হত্যা কৰাৰ ঘটনাই অঞ্চলটোত পুনৰবাৰ উত্তেজনাৰ সৃষ্টি কৰিছে । সমান্তৰালকৈ ৰাজ্যখনৰ নিৰাপত্তাৰ দিশটোক লৈও কেতবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

জিলাখনৰ লয়বোল খুল্লেন গাঁৱত তিনিজনকৈ লোকক হত্যা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে মণিপুৰৰ কুকি জনজাতিসকলৰ শীৰ্ষ সংস্থা কুকি ইনপি মণিপুৰে ।

three civilians killed in kangpokpi
কুকি ইনপি মণিপুৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত সংগঠনটোৱে ৫ জুনৰ পুৱা এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ এই হিংসাত্মক ঘটনাত এনএছচিএন-আইএম আৰু সহযোগী সংগঠন জুফৰ অস্ত্ৰধাৰী কেডাৰ জড়িত বুলি সংগঠনটোৱে দাবী কৰে ।

সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি লেটখোংগম হাওকিপ, তিনিমাৰী হাওকিপ আৰু মংগমিনেল হাওকিপ নামৰ তিনিজন লোকে এই ঘটনাত মৃত্যুক আঁকোৱালি লয় ৷ এই ঘটনাত কেইবাটাও ঘৰৰ লগতে সা-সম্পত্তি ধ্বংস হোৱা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ।

সংগঠনটোৱে এই আক্ৰমণক মানৱ অধিকাৰৰ গুৰুতৰ উলংঘন বুলি অভিহিত কৰি নিৰস্ত্ৰ সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে । সংগঠনটোৱে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে লয়বোল খুল্লেন গাঁৱৰ বাসিন্দাসকলৰ সৈতে একত্ৰিত হৈ থকাৰ আশ্বাস প্ৰদান কৰে ৷

জনজাতীয় সংগঠনটোৱে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰে দোষীক চিনাক্ত কৰি সঠিক আইনী ব্যৱস্থা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহক আহ্বান জনায় ৷ ইয়াৰোপৰি ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অধিক নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে কুকি ইনপি মণিপুৰে ৷

তথ্য অনুসৰি, জিলা প্ৰশাসনে এই অভিযোগ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ মণিপুৰৰ কিছু কিছু অংশত নিৰাপত্তাজনিত কাৰণত উত্তেজনা অব্যাহত থকাৰ মাজতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক: কাগজৰ নোটৰ সলনি পলিমাৰ নোট, কিয় ?