ETV Bharat / bharat

মণিপুৰ চৰকাৰ গঠনত অংশগ্ৰহণ নকৰিবলৈ কুকি সম্প্ৰদায়ৰ বিধায়কক সকীয়নী কুকি গোটৰ

নতুন চৰকাৰ গঠনৰ কিছু সময়ৰ পাছতেই পুনৰ উত্তপ্ত মণিপুৰ ৷ পৃথক কুকি প্ৰশাসনৰ দাবী পুনৰবাৰ উল্লেখ কৰি কুকি গোটৰ আন্দোলনৰ আহ্বান ৷

MANIPUR GOVT FORMATION
মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভাল্লাক সাক্ষাৎ কৰি ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠনৰ দাবী (X@YKhemchandSingh)
author img

By PTI

Published : February 5, 2026 at 1:52 PM IST

2 Min Read
Choose ETV Bharat

ইম্ফল (মণিপুৰ) : মণিপুৰৰ কেইবাটাও কুকি গোটে উত্তৰ-পূবৰ ৰাজ্যখনত চৰকাৰ গঠনত অংশগ্ৰহণ নকৰিবলৈ নিজৰ সম্প্ৰদায়ৰ বিধায়কসকলক সকীয়াই দি চুৰাচান্দপুৰত ‘সম্পূৰ্ণ বন্ধ’ কৰাৰ লগতে আন কেইবাখনো ঠাইত প্ৰতিবাদৰ আহ্বান জনাইছে ৷

বিজেপি নেতা এন বীৰেণ সিঙৰ পদত্যাগৰ প্ৰায় এবছৰৰ পাছত বুধবাৰে বিজেপিৰ বিধায়ক য়ুমনাম খেমচান্দ সিং মণিপুৰৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ৷ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত কেইবামাহো ধৰি চলি থকা জাতিগত হিংসাৰ পিছতে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল ৷

মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কুকি সম্প্ৰদায়ৰ বিজেপি বিধায়ক নেমচা কিপগেন আৰু নগা পিপলছ ফ্ৰণ্টৰ বিধায়ক এল দিখো ৷

ইয়াৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুৰাচান্দপুৰ জিলাৰ জনজাতীয় সংগঠন জইণ্ট ফ’ৰাম অৱ চেভেনে (জে এফ ৭) কুকি প্ৰধান অঞ্চলত শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ ‘সম্পূৰ্ণ বন্ধ’ কৰাৰ আহ্বান জনায় ৷

তেওঁলোকে লগতে পৃথক কুকি প্ৰশাসনৰ দাবী পুনৰবাৰ উল্লেখ কৰি গণতান্ত্ৰিকভাৱে গাঁৱে গাঁৱে প্ৰতিবাদত যোগদান কৰিবলৈ সকলো সম্প্ৰদায়ৰ লোকক আহ্বান জনায় ৷

কুকি-জো পৰিষদে কয় যে যিকোনো সম্প্ৰদায়ৰ বিধায়কে নিজৰ সামূহিক সিদ্ধান্তক অৱজ্ঞা কৰিবলৈ বাছি ল’লে তেওঁলোকে নিজৰ ব্যক্তিগত ক্ষমতাত তেনে কৰিব লাগিব আৰু ‘একপক্ষীয় সিদ্ধান্ত’ৰ পৰা উদ্ভৱ হোৱা পৰিণতিৰ বাবে সংগঠনটো জবাবদিহি নহ’ব ৷

একাংশ কুকি উগ্ৰপন্থী সংগঠনেও চৰকাৰ গঠনত অংশগ্ৰহণ নকৰিবলৈ সম্প্ৰদায়ৰ বিধায়কক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে ৷ বুধবাৰে নিশা আন্দোলনকাৰীয়ে কুকিপ্ৰধান কাংপকপি জিলাৰ লেইমাখঙৰ সমীপত টায়াৰ জ্বলাই বাঁহৰ লাঠি ৰাস্তাত স্থাপন কৰি নেমচা কিপগেনে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত জনজাতীয় সংহতিৰ সমদল উলিওৱাৰ পিছত ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰত জনগোষ্ঠীয় হিংসাৰ সাক্ষী হৈ আহিছে ৷ এই হিংসাত্মক ঘটনাত মণিপুৰৰ কুকি আৰু মেইটেই দুয়োটা সম্প্ৰদায়ৰ সদস্যৰ লগতে নিৰাপত্তাৰক্ষীকে ধৰি কমেও ২৬০ জন লোক নিহত হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে ৷

লগতে পঢ়ক : মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে য়ুমনাম খেমচান্দ সিঙৰ শপতগ্ৰহণ

মণিপুৰৰ পৰা বাতিল ৰাষ্ট্ৰপতি শাসন : আজি শপত গ্ৰহণ নতুন চৰকাৰৰ

মণিপুৰত উপস্থিত য়ুমনাম খেমচান্দ সিং : ৰাজ্যপালক সাক্ষাৎ কৰি জনালে চৰকাৰ গঠনৰ দাবী