ETV Bharat / bharat

পিতা-পুত্ৰই একেলগে পিন্ধিব খাকী পোচাক: দেশমাতৃৰ সেৱাৰ নামতে জীৱনটো উছৰ্গা কৰাৰ হেঁপাহ

কোলহাপুৰৰ ৪৮ বছৰীয়া বিজয় পাণ্ডুৰাং পাটিল আৰু তেওঁৰ পুত্ৰ পৃথ্বীৰাজে একেলগে আৰক্ষীত নিযুক্তি লাভ কৰিলে ।

Vijay Pandurang Patil with his son Prithviraj Patil
বিজয় পাণ্ডুৰাং পাটিল আৰু তেওঁৰ পুত্ৰ পৃথ্বীৰাজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 7:52 PM IST

4 Min Read
Choose ETV Bharat

কোলহাপুৰ (মহাৰাষ্ট্ৰ): দেশমাতৃৰ সেৱা কৰাৰ মানসিকতা থকা বহুতৰে সপোন থাকে খাকী পোচাকযোৰ এবাৰ পিন্ধিবলৈ । যাৰ বাবে দেশত প্ৰতিবছৰে সেনা বাহিনী বা আৰক্ষী আৰু আন আন প্ৰতিৰক্ষা বিভাগত অনুষ্ঠিত নিযুক্তি প্ৰক্ৰিয়াত লাখ লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । দেশমাতৃৰ সেৱা কৰাৰ সুযোগ পাবলৈ কঠোৰ পৰিশ্ৰমো কৰে যুৱক-যুৱতীসকলে । কিন্তু তাৰ ভিতৰত কিছু সংখ্যকৰহে সপোন পূৰণ হয় । তেনে এগৰাকী ব্যক্তিৰ কথাই আমি ক'ব বিচাৰিছোঁ । যিয়ে দেশমাতৃৰ সেৱাৰ নামতে জীৱনটো উছৰ্গা কৰিব বিচাৰিছে ।

২৪ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়োৱাৰ পিছতো দেশৰ সেৱা কৰাৰ প্ৰবল ইচ্ছা আছে তেওঁৰ । সেয়ে অৱসৰৰ পিছতো তেওঁ থমকি ৰোৱা নাই আৰু শেহতীয়াকৈ কঠোৰ পৰিশ্ৰম কৰি মুম্বাই আৰক্ষী বাহিনীত যোগদানৰ সুযোগ পাইছে । তেওঁ অকলে নহয়, পুত্ৰকো একেই পথেৰে লৈ গৈছে । তেওঁৰ লগতে পুত্ৰইও একেলগে মুম্বাই আৰক্ষীত নিযুক্তি লাভ কৰিছে ।

Father-son, Vijay and Prithviraj from Arul village in Maharashtra, clear police force examination
কোলহাপুৰৰ ৪৮ বছৰীয়া বিজয় পাণ্ডুৰাং পাটিল আৰু পুত্ৰ পৃথ্বীৰাজৰ সফলতাত আনন্দিত গাঁওবাসী (ETV Bharat)

আমি ক'ব বিচাৰিছোঁ ৪৮ বছৰীয়া বিজয় পাণ্ডুৰাং পাটিল আৰু তেওঁৰ পুত্ৰ পৃথ্বীৰাজৰ কথা । সেনাৰ পৰা অৱসৰ লোৱাৰ পিছতো মুম্বাই আৰক্ষীত নিযুক্ত লাভ কৰাটো বিজয় পাণ্ডুৰাং পাটিলৰ বাবে আছিল সপোনৰ পূৰ্ণতা । আনহাতে পুত্ৰ পৃথ্বীৰাজৰ বাবে এয়া হৈছে বছৰ বছৰ ধৰি অনুশাসিত প্ৰস্তুতিৰ অন্তত পোৱা এক সুন্দৰ পুৰস্কাৰ । মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ পিতা-পুত্ৰই শেহতীয়াকৈ মুম্বাই আৰক্ষী বাহিনীত যোগদান কৰাটো কেৱল পৰিয়ালৰ সদস্যসকলৰ মাজতে নহয় গাঁওবাসীৰ বাবেও গৌৰৱ আৰু আনন্দৰ বিষয় হৈ পৰিছে ।

বিজয় আৰু পুত্ৰ পৃথ্বীৰাজৰ এই সফলতাক লৈ আনন্দিত গাঁওবাসী । এক বৃহৎ শোভাযাত্ৰাৰ জৰিয়তে গাঁওবাসীয়ে পিতা-পুত্ৰৰ এই সফলতা উদযাপন কৰিছে ।

প্ৰতি বছৰে গ্ৰীষ্মকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীয়ে প্ৰখৰ ৰ'দত শাৰীৰিক অনুশীলন আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় । অৱশ্যে শাৰীৰিক পৰীক্ষা আৰু মানসিক বুদ্ধিমত্তাৰ পৰীক্ষাৰ অন্তত সীমিত সংখ্যক প্ৰাৰ্থীকহে বাছনি কৰা হয় ।

কোলহাপুৰ জিলাৰ শ্বাহুৱাদী তালুকাৰ অন্তৰ্গত আৰুল গাঁৱৰ নিবাসী বিজয় পাটিলে ১৯৯৬ চনত ভাৰতীয় সেনাৰ মাৰাঠা লাইট ইনফেণ্ট্ৰিত যোগদান কৰি ২০২০ চনত অৱসৰ লৈছিল । ২৪ বছৰ তেওঁ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল । কিন্তু অৱসৰৰ পিছতো তেওঁ প্ৰাক্তন সেনা কোটাৰ জৰিয়তে মুম্বাই আৰক্ষী বাহিনীত যোগদানৰ সপোন মনত পুহি ৰাখিছিল । আনকি তেওঁ মুম্বাই আৰক্ষীত যোগদানৰ বাবে পৰীক্ষা দিছিল যদিও দুবাৰকৈ বিফল হৈছিল । অৱশ্যে তেওঁ হাৰ নামানিলে ।

এইবছৰ নিযুক্তি অভিযানত প্ৰয়োজনীয় সকলো দক্ষতাৰ মাপকাঠী পূৰণ কৰি ১৫০ নম্বৰৰ ভিতৰত ৯৩ নম্বৰ লাভ কৰে আৰু অৱশেষত মুম্বাই আৰক্ষী বাহিনীত নিযুক্তি লাভ কৰে । পিতৃক অনুসৰণ কৰি পুত্ৰ পৃথ্বীৰাজেও দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰিয়ে আৰক্ষী বিভাগৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাইছিল । একে সময়তে তেওঁ আন আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছিল ।

পিতৃৰ অনুশাসন আৰু কৰ্মনীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৃথ্বীৰাজে আৰক্ষী বাহিনীত যোগদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল । কোনো ব্যক্তিগত কোচিং ইনষ্টিটিউটত যোগদান নকৰি তেওঁ নিজেই অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিছিল । তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত মুম্বাই আৰক্ষীৰ বাছনি পৰীক্ষাত তেওঁ উত্তীৰ্ণ হয় ।

পিতা-পুত্ৰৰ এই সাফল্য সন্দৰ্ভত গাঁওবাসীয়ে কয় যে এই কৃতিত্বই বিজয় আৰু পৃথ্বীৰাজে বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাক প্ৰতিফলিত কৰিছে । একেলগে খাকী পোছাক পৰিধান কৰি প্ৰতিষ্ঠিত মুম্বাই আৰক্ষী বাহিনীত সেৱা আগবঢ়োৱাৰ দুয়োৰে সপোন বাস্তৱায়িত হৈছে ।

বিজয় আৰু পৃথ্বীৰাজে মুম্বাই আৰক্ষীত নিযুক্তি লাভ কৰাৰ বাবে গাঁওবাসী আনন্দত মতলীয়া হৈ পৰিছে । দুয়োকে এক্সকেভেটৰত তুলি গাঁওবাসীয়ে শোভাযাত্ৰা কৰিছে । তেওঁলোক ফুলৰ মালাৰে সম্বৰ্ধনা জনাইছে আৰু আবতৰীয়া ফাকুৱাও অনুষ্ঠিত হৈছে । সকলোৱে পিতা-পুত্ৰক অভিনন্দন জনাইছে । পিতৃ বিজয় আৰু পুত্ৰ পৃথ্বীৰাজৰ এই সফলতাৰ কাহিনী এতিয়া আৰুল আৰু চুবুৰীয়া গাঁৱৰ বহু যুৱক-যুৱতীৰ বাবে প্ৰেৰণা উৎস হৈ পৰিছে । তেওঁলোকক দেখিয়ে বহু যুৱক-যুৱতীয়ে নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আগবাঢ়ি আহিব বুলিও সকলোৱে আশা কৰিছে ।

লগতে পঢ়ক :

জেইই এডভান্সড ২০২৬ৰ ফলাফল ঘোষণা: শীৰ্ষস্থানত উজলিল বিহাৰৰ শুভম কুমাৰ