ETV Bharat / bharat

-১৮ ডিগ্ৰী চেলছিয়াছত ভাৰতনাট্যম প্ৰদৰ্শন কোলহাপুৰৰ নৃত্যশিল্পীৰ

ভাৰতীয় নৃত্যশিল্পীয়ে অসাধ্য় সাধন কৰিলে বিশ্বৰ সৰ্বোচ্চ শৃংগত । এভাৰেষ্ট বেছ কেম্পত কৃতিত্ব অৰ্জন কৰিলে কোলহাপুৰৰ ভাৰতনাট্যমৰ তপস্যাসিদ্ধি বিদ্য়ালয়ে ।

BHARATANATYAM DANCE AT EVEREST
এভাৰেষ্ট বেছ কেম্পত কৃতিত্ব অৰ্জন কৰিলে কোলহাপুৰৰ ভাৰতনাট্যমৰ তপস্যাসিদ্ধি বিদ্য়ালয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 15, 2025 at 4:34 PM IST

3 Min Read
Choose ETV Bharat

কোলহাপুৰ : প্ৰতিগৰাকী ভাৰতীয়ই শৈশৱৰে পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ স্বপ্ন দেখে । আনকি বহুতেই মাউণ্ট এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হ’বলৈ সুবিধা পোৱাটোৱে জীৱনৰ অন্য়তম সাফল্য় বুলি গণ্য় কৰে । এনে এক সপোনেই বাস্তৱত প্ৰতিফলিত কৰিলে কোলহাপুৰৰ নৃত্যশিল্পীসকলে । এভাৰেষ্ট বেছ কেম্পত ভাৰতনাট্যম নৃত্য প্ৰদৰ্শন কৰি বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰবলৈ সক্ষম হয় এইসকল শিল্পীয়ে ।

এভাৰেষ্ট বেছ কেম্পত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিলে কোলহাপুৰৰ ভাৰতনাট্যমৰ তপস্যাসিদ্ধি বিদ্য়ালয়ে । এই নৃত্যশিল্পীসকলে হাড় কঁপোৱা শীততো জোতা পৰিধান নকৰাকৈ আৰু পৰম্পৰাগত ভাৰতনাট্যম নৃত্যৰ সাজ-পোচাক পৰিধান কৰি প্ৰদৰ্শন কৰিলে এই নৃত্য় । এইদৰে নৃত্য় প্ৰদৰ্শন কৰাৰ পিছত শিল্পীকেইগৰাকীক সকলোৱে প্ৰশংসাৰে উপচাই দিছে ।

মাউণ্ট এভাৰেষ্টত ভাৰতনাট্যম প্ৰদৰ্শন (ETV Bharat)

-১৮ ডিগ্ৰী চেলছিয়াছত ভাৰতনাট্যম:

আপুনি এবাৰ কল্পনা কৰকচোন -১৮ ডিগ্ৰী চেলছিয়াছত ভাৰতনাট্যম নৃত্য় প্ৰদৰ্শন কৰাৰ কথা ! এনে অসাধ্য় সাধন কৰিলে কোলহাপুৰৰ তপস্যাসিদ্ধি স্কুল অৱ ভাৰতনাট্যমে । যোৱা ২৩ অক্টোবৰৰ পৰা কোলহাপুৰৰ তপস্যাসিদ্ধি স্কুল অৱ ভাৰতনাট্যমৰ ১৭ গৰাকী সদস্যই মাউণ্ট এভাৰেষ্ট অভিমুখে যাত্ৰা আৰম্ভ কৰে । প্ৰথম প্ৰদৰ্শন ১২,৬৮৭ ফুট উচ্চতাত থেংবোচে মঠত অনুষ্ঠিত কৰে । ইয়াৰ পিছতেই দ্বিতীয়টো প্ৰদৰ্শন ১৭,৬৫০ ফুট উচ্চতাত এভাৰেষ্ট বেছ কেম্পত অনুষ্ঠিত হয় । তেওঁলোক ইয়াতেই ক্ষান্ত নাথাকিল । পৰৱৰ্তী যাত্ৰা আৰু অধিক কঠিন পৰীক্ষা হিচাপে পৰিগণিত হয় । তেওঁলোকে ১৮,২০০ ফুট উচ্চতাত তাপমাত্ৰা -১৮ ডিগ্ৰী চেলছিয়াছ প্ৰদৰ্শন কৰিলে এই নৃত্য় ।

BHARATANATYAM DANCE AT EVEREST
মাউণ্ট এভাৰেষ্টত ভাৰতনাট্যম প্ৰদৰ্শন (ETV Bharat)

শাস্ত্ৰীয় নৃত্যৰে এভাৰেষ্টলৈ প্ৰণাম:

নৃত্যগুৰু চন্দ্ৰিকা সংযোজিতা পাটিলৰ লগতে তেওঁৰ শিষ্য দিব্য ৱাৰকে, মিতালী মহাৰাজ আৰু প্ৰাঞ্জল দলৱীয়ে এই ভাৰতনাট্যম নৃত্যৰ পদক্ষেপ সফলতাৰে সম্পন্ন কৰে । তেওঁলোকে ১৩,০০০ ফুটৰ পৰা ১৮,২০০ ফুটলৈকে নৃত্য প্ৰদৰ্শনৰ জৰিয়তে শাস্ত্ৰীয় নৃত্যৰ জৰিয়তে এভাৰেষ্টক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াত গুৰু সংযোগিতা আৰু তেওঁৰ শিষ্যসকলে গণপতি স্তুতি, শিৱ শ্লোক, শ্ৰীৰাম স্তুতি, ভজা গোবিন্দম আৰু মংগলম আদি ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ নৃত্য প্ৰদৰ্শন কৰে ।

BHARATANATYAM DANCE AT EVEREST
মাউণ্ট এভাৰেষ্টত ভাৰতনাট্যম প্ৰদৰ্শন (ETV Bharat)

প্ৰথম বুলি দাবী:

নৃত্যশিল্পীসকলে দাবী কৰা মতে, প্ৰচণ্ড শীতত জোতা পৰিধান নকৰাকৈ -৮ ডিগ্ৰী চেলছিয়াছত প্ৰথমে ভৰতনাট্যম প্ৰদৰ্শন কৰিছে । একেৰাহে ৫ দিনৰ বৰফ আৰু ঠাণ্ডা অতিক্ৰম কৰি তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ’ল । ভাৰতৰ কোলহাপুৰৰ পৰা বিনোদ কাম্বোজ আৰু খুছি কাম্বোজে আয়োজন কৰে এই অনুষ্ঠানটি । ইয়াত বিভিন্ন চিকিৎসক, উদ্যোগপতি, বিচাৰক আৰু দুঃসাহসিক পৰ্বতাৰোহীয়েও অংশগ্ৰহণ কৰা বুলি তেওঁলোকে উল্লেখ কৰিছে ।

এই নতুন পৰীক্ষাৰ লক্ষ্য হৈছে শাস্ত্ৰীয় নৃত্যক বিশ্বব্যাপী সংৰক্ষণ আৰু বিশ্বত শান্তি সৃষ্টি কৰা । গুৰু নটৰাজৰ আশীৰ্বাদত ভাৰতনাট্যমক বিশ্ব মঞ্চত এক অনন্য স্থানলৈ লৈ যোৱাৰ এয়া হৈছে গৌৰৱময় যাত্ৰা ।

কম অক্সিজেনতো তেওঁলোক আছিল সজীৱ:

যিহেতু মাউণ্ট এভাৰেষ্ট বিশ্বৰ সৰ্বোচ্চ শৃংগ, গতিকে উচ্চতা বৃদ্ধিৰ লগে লগে অক্সিজেন হ্ৰাস পায় । ফলত উশাহ লোৱাত অসুবিধা হয়; কিন্তু পাহাৰ বগাই সৰু সৰু কাম কৰি থাকোতে পৰ্বতাৰোহীসকলে কম অক্সিজেনৰ লগত অভ্যস্ত হৈ পৰে । তেওঁলোক শাৰীৰিকভাৱে সাজু হয় বাবে এভাৰেষ্ট বেছ কেম্পত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত নৃত্যশিল্পীসকলৰ উশাহ-নিশাহত বিশেষ কষ্ট অনুভৱ কৰা নাছিল বুলি বিনোদ কাম্বোজে উল্লেখ কৰে ।

লগতে পঢ়ক:বিষৰ পৰা শিখৰলৈ: কৰ্কট ৰোগক জয় কৰি পালেগৈ মাউণ্ট এভাৰেষ্ট

মাউণ্ট এভাৰেষ্ট: প্ৰথম আৰোহণৰ ৭২ বছৰৰ পিছত উদ্বেগ বৃদ্ধিৰ